নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুছলপুৰত বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস 

বিশেষ বাৰ্তা, ২৯ মে’ : বিজেপিৰ কাৰ্যকৰ্তাৰ মাজত গৃহ কন্দলক লৈ সংবাদ মাধ্যমত চৰ্চা হৈ থকাৰ সময়তে মুখ খুলিছে কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৷ বিজেপি দলৰ কাৰ্যকৰ্তাৰ মাজত মতান্তৰ থাকিব পাৰে, মনান্তৰ নহয় বুলি স্পষ্ট কৰি দিয়ে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৷ বাক্সা জিলাৰ মুছলপুৰস্থ বিজেপি দলৰ জিলা কাৰ্যালয়ত দেওবাৰে নিশা অনুষ্ঠিত এক কাৰ্যকৰ্তা সন্মিলনত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে ৪২ লাখ সদস্য থকা এটা দলত মতান্তৰ হ’ব পাৰে, সেয়া ডাঙৰ কথা নহয় ৷ কিন্তু সেয়া বিজেপি দলৰ গৃহকন্দল নহয় ৷ উল্লেখ্য যে সমাগত লোকসভা নিৰ্বাচনক লৈহে বিজেপি দলটো অধিক তৎপৰ হৈ পৰিছে ৷ সেই উলপক্ষে দলটোৱে আৰম্ভ কৰিব বিচৰা মহাসম্পৰ্ক অভিযানৰ তদাৰক কৰিবলৈ বাক্সাত উপস্থিত হয় মন্ত্ৰীগৰাকী ৷ এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কিদৰে প্ৰতিটো সমষ্টিৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতে মত বিনিময় কৰি প্ৰতিটো সমষ্টি বিজেপি দলে দখল কৰিব পাৰে, সেই লৈ তেওঁলোকে কাম-কাজ চলাই আছে বুলিও উল্লেখ কৰে ৷ আনহাতে, মন্ত্ৰীগৰাকীয়ে কোকৰাঝাৰ লোকসভা সমষ্টিটোও বিজেপি মিত্ৰদলে কেনেদৰে নিজৰ দখল লৈ আনিব পাৰে, সেই বিষয়ে ৰণকৌশল আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে ৷
প্ৰেৰক নিৰেণ কুমাৰ শৰ্ম্মা
You might also like