নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ ইস্তাহাৰ প্ৰস্তুতৰ অনন্য পন্থাঃ “ভ্ৰাম্যমাণ ভিডিঅ’ ৰথ”ৰ উদ্বোধন

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে শাসকীয় দল বিজেপি। বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুতৰ বাবে এক অনন্য ধাৰণাৰ আশ্ৰয় লয়।

সেই অনুযায়ী আজি পুৱা সমাগত বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ ইস্তাহাৰ প্ৰস্তুত কৰাৰ বাবে ৰাইজৰ মতামত আৰু পৰামৰ্শ ল’বলৈ সমগ্ৰ অসমত “ভ্ৰাম্যমাণ ভিডিঅ’ ৰথ” যাত্ৰাৰ  কাৰ্যসূচী হাতত লয়।

আজি খানাপাৰাত পুৱা ৯.৩০ বজাত এই কাৰ্যসূচী মকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে ইস্তাহাৰ প্ৰস্তুতৰ বাবে গঠন কৰা হৈছে সমিতি আৰু এই সমিতিয়ে প্ৰতি জিলাৰ ৰাইজৰ, দল-সংগঠনৰ মতামত সংগ্ৰহ কৰিব।

লগতে ৭৩৮৩২৭৩৮৩২ নম্বৰত মিছকল দিলে সমিতিয়ে ব্যক্তিগৰাকীৰ লগত যোগাযোগ কৰি মতামত সংগ্ৰহ কৰিব। এনে মতামতৰ ভিত্তিতে বিজেপি আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুত কৰিব নিৰ্বাচনী ইস্তাহাৰ। এয়া হ’ব অসমৰ ৰাইজে বিজেপিৰ জৰিয়তে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰ।

ইস্তাহাৰ প্ৰস্তুতিৰ দৃশ্য-শ্ৰব্য বাহন শুভ উদ্বোধনী অনুষ্ঠানত ভাষণ দি ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কয়- ‘ভাৰতীয় জনতা পাৰ্টী আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু। এখন সৰ্বাংগ সুন্দৰ অসম গঢ়াৰ স্বাৰ্থত আমি ৰাইজৰ পৰামৰ্শৰ ভিত্তিত ৰাইজৰ আশা-আকাংক্ষা পূৰণ কৰিব পৰাকৈ এক ইস্তাহাৰ প্ৰস্তুতৰ কামত অগ্ৰসৰ হ’ব বিচাৰিছোঁ।’

You might also like