নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্ত্রাসবাদ প্রতিহত কৰিবলৈ প্রধানমন্ত্রী বেঞ্জামিন নেতান্যাহু চৰকাৰৰ বৃহৎ পদক্ষেপ

নিউজ ডেস্ক, ১৫ নৱেম্বৰ : ইজৰাইলৰ সংসদে দেশখনৰ বিৰুদ্ধে সন্ত্রাসমূলক কূটাঘাত সংঘটিত কৰা সন্ত্রাসবাদীক মৃত্যুদণ্ডৰে দণ্ডিত কৰাৰ বাবে আইন সাজু কৰিছে৷ অলপতে ইজৰাইলৰ সংসদত এই প্রস্তাৱিত বিধেয়ক দাখিল কৰা হয়৷ ১২০গৰাকী সাংসদৰ ভিতৰত ১৬জনে বিধেয়কখনৰ বিৰোধিতা কৰাৰ বিপৰীতে ৩৯জনে সমর্থন জনায়৷ এই হিচাপে প্রথম পর্যায়ত বিলখন গৃহীত হয়৷ বিধেয়কখন আইনত পৰিণত হ’বলৈ আৰু দুটা পর্যায় অতিক্রম কৰিব লাগিব৷ সন্ত্রাসবাদীক প্রতিহত কৰিবলৈ ইজৰাইল চৰকাৰে গ্রহণ কৰা এই বিধেয়কখনক লৈ বিশ্বজুৰি চর্চা লাভ কৰিছে ৷

ইফালে, ইজৰাইলৰ মিত্রজোঁট চৰকাৰখন পাঁচটা দলেৰে গঠিত৷ সেয়া হৈছে বেঞ্জামিন নেতান্যাহুৰ লিকুড, কটজমাৰ য়েহুদীত, ৰিলিজিয়াচ জি’নিষ্ট পার্টী, শ্বাছ আৰু নিউহোপ৷ দেশখনৰ ৰাষ্ট্রীয় নিৰাপত্তা মন্ত্রী ইটামাৰ বেনগিভৰে কয় যে সন্ত্রাসবাদক প্রতিহত কৰিব পৰা এইখনেই উপযুক্ত বিধেয়ক৷ যাৰ জৰিয়তে সন্ত্রাসবাদীয়ে কূটকৌশল ৰচনা কৰাৰ পূর্বে ১০বাৰ ভাবিবলৈ বাধ্য হ’ব৷ সন্ত্রাসবাদক প্রকৃত প্রতিৰোধৰ প্রথম পদক্ষেপ বুলি অভিহিত কৰি অটজমা য়েহুদীতৰ এমকে ফগেলে কয়– এই বিধেয়ক গৃহীত হ’লে সন্ত্রাসবাদীৰ বাবে কোনো আশ্রয় নাথাকিব৷ মিত্রজোঁটৰ দলসমূহে দেওবাৰে পুনৰ উত্থাপন কৰিবলগীয়া বিধেয়কখনত ভোটদান কৰিবলৈ সকলোকে আহ্বান জনায়৷

বেনগিভৰে এই সন্দর্ভত কয় যে প্রস্তাৱিত মৃত্যুদণ্ড আইনত যদি ভোটদান নকৰে তেতিয়াহ’লে চৰকাৰৰ অস্তিত্বৰ প্রতি ভাবুকি আহিব৷ বিধেয়কখনত কোৱা হৈছে যে যিজন ব্যক্তিয়ে জ্ঞাত বা অজ্ঞাতে ইজৰাইলৰ ইহুদীসকলৰ বিৰুদ্ধে আক্রমণ বা শত্রুতাপূর্ণ আচৰণ কৰিব তেওঁলোকক দোষী হিচাপে গণ্য কৰা হ’ব৷ পৰৱর্তী সময়ত তেওঁলোকক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হ’ব৷

ইফালে, এই বিধেয়কক মানৱ অধিকাৰ উলংঘন বুলি সমালোচনা কৰিছে সমালোচকে৷ তেওঁলোকৰ মতে, ইজৰাইল চৰকাৰে এই বিধেয়কখন ইহুদীক হত্যা কৰা পেলেষ্টাইনীসকলৰ বাবেহে প্রযোজ্য হ’ব৷ ইয়াৰ বিপৰীতে পেলেষ্টাইনীক আক্রমণ কৰা ইহুদী কট্টৰপন্থীৰ ক্ষেত্রত ৰেহাই থাকিব৷

You might also like