নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকতাৰ ম’হখুঁটিত শিশু গ্ৰন্থ উৎসৱ, ‘আঁকি লিখি শেষ হৈ যাব কিন্তু ৰৈ যাব’ শীৰ্ষক গ্ৰন্থ উন্মোচন

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ শিৱসাগৰ জিলাৰ বকতা ম’হখুঁটিত ‘অধ্যয়ন চক্ৰ, বকতা’ৰ উদ্যোগত আজিৰে পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে শিশু গ্ৰন্থ উৎসৱ ২০২০। এই গ্ৰন্থ উৎসৱৰ প্ৰথম দিনা পতাকা উত্তোলন কৰে উদিত বৰুৱাই, স্মৃতি তৰ্পণ কৰে ধীৰেন শইকীয়াই,দ্বাৰ মুকলি কৰে চামচুল বাৰিক, অধ্যয়ন কক্ষ উদ্বোধন কৰে ড° বিজয় কৃষ্ণ চেতিয়াই।

উক্ত অনুষ্ঠানত ‘নিয়মীয়া বাৰ্তা’ৰ উপ-সম্পাদক প্ৰদীপ গগৈৰ ‘আঁকি লিখি শেষ হৈ যাব কিন্তু ৰৈ যাব’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে ভূ-তত্ত্ববিদ ড° বিজয়কৃষ্ণ চেতিয়াই। মুখপত্ৰ আৰু গ্ৰন্থ (নীহাৰিকা) উন্মোচন কৰে জগত বৰগোহাঁয়ে, কবিতা আবৃত্তি কৰ্মশালাত সমল ব্যক্তি হিচাপে থাকে দেৱযানী বকলিয়াল আৰু শিশু চলচ্চিত্ৰ প্ৰদৰ্শন কৰে ড° অসীম চুতীয়াই।

You might also like