নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদৰ শপতগ্ৰহণ, পৰিষদত থাকিব এইসকল ব্যক্তি

নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ বিটিআৰৰ বাহিৰৰ  বড়ো জনগণৰ বহু প্ৰত্যাশিত বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদখনে কাইলৈ শপত গ্ৰহণ কৰিব। অন্যান্য কেইবাটাও দাবীৰ লগতে বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ মূল দাবীত ২০১৪ চনত ধেমাজি জিলাৰ সানজাৰি নৌগৰৰ চিমেন চাপৰিত জন্ম লাভ কৰা সংযুক্ত বড়ো গণ মঞ্চৰ প্ৰতিষ্ঠাকালৰে পৰা বৰ্তমানলৈকে সভাপতি পদত অধিষ্ঠিত মিহিনিশ্বৰ বসুমতাৰীৰ নেতৃত্বত অন্তৰ্বৰ্তীকালীন বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদখনে শপত গ্ৰহণ কৰিব।

চাৰি গৰাকী মনোনীত সদস্যৰে চল্লিশজনীয়াকৈ গঠনৰ ব্যৱস্থা থকা বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদখন অন্তৱৰ্তীকালীন পৰ্যায়ত চৈধ্যজনীয়াকৈ চৰকাৰে গঠন কৰিছে।

অন্তৱৰ্তীকালীন পৰিষদত গোলাঘাট জিলাৰ গাম্বাৰু মুছাহাৰীক অধ্যক্ষ, লখিমপুৰ জিলাৰ সৃজন বসুমতাৰীক উপাধ্যক্ষ, ধেমাজি জিলিৰ চিমেন চাপৰিৰ মিহিনিশ্বৰ বসুমতাৰীক মুখ্য কাৰ্য্যবাহী সদস্য, গোলাঘাট জিলাৰ ৰোমিঅ’ নাৰ্জাৰীক উপ মুখ্য কাৰ্য্যবাহী সদস্য, গুৱাহাটীৰ অনিল বসুমতাৰী, গোৱালপাৰা জিলাৰ অমিয় বসুমতাৰী, শিৱসাগৰ জিলাৰ বিনোদ বসুমতাৰী, কামৰূপ জিলাৰ প্ৰণৱ বড়ো,মৰিগাঁও জিলাৰ মথুৰা বসুমতাৰী, বজালী জিলাৰ মহিপাল বড়ো, হাইলাকান্দি জিলাৰ ৰাজেশ চৰ্খী, গোলাঘাট জিলাৰ প্ৰদীপ স্বৰ্গীয়াৰী আৰু নলবাৰী জিলাৰ জয়কান্ত বড়োক কাৰ্য্যবাহী সদস্যৰ পদত নিযুক্তি প্ৰদান কৰিছে অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ উন্নয়ন বিভাগে।

কাইলৈ অৰ্থাৎ ২৪ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰী বাসভৱনত মুখ্যমন্ত্ৰী, বিশ্বজিৎ দৈমাৰী আদিৰ উপস্থিতিত নৱগঠিত অন্তৰ্ৱৰ্তীকালীন বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদখনে শপত গ্ৰহণ কৰিব।

উল্লেখ্য যে মিহিনিশ্বৰ বসুমতাৰী এবছুৰ তদানীন্তন সভাপতি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত ৰূপায়ন হোৱা বড়োলেণ্ড আন্দোলনৰ সময়ত এবছুৰ সাংগঠনিক সম্পাদক, ১৯৯৬ চনৰ ১৮ জুনত সুকী‌য়া বড়ো ৰাজ্যৰ দাবীত গঠন হোৱা বড়ো লিবাৰেচন টাইগাৰ্চ ফৰ্চ চমুকৈ বিএলটিৰ সাংগঠনিক সম্পাদক পদত থাকি বলিষ্ঠভাৱে নেতৃত্ব প্ৰদান কৰি যোৱাৰ লগতে
২০১০ চনৰ পৰাই গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে ৰাইজৰ সেৱা আগবঢ়াই গৈছে।

চিমেন চাপৰিস্থিত সতীশ বসুমতাৰী বড়ো হাইস্কুলত সহকাৰী শিক্ষকতা কৰি ২০১৫ চনত স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰা মিহিনিশ্বৰ বসুমতাৰীয়ে বৰ্তমানলৈ চাৰিখন কবিতা পুথি, এখন প্ৰৱন্ধ গ্ৰন্থ ৰচনা কৰিছে আৰু এখন প্ৰকাশ পাবলৈ আছে।

বিএলটিৰ শীৰ্ষ নেতা হিচাপে ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত সম্পন্ন হোৱা বিটিচি বড়ো শান্তি চুক্তি আৰু শেহতীয়াকৈ ২০২০ চনৰ ২৭ জানুৱাৰীত সম্পাদিত তৃতীয় বড়ো শান্তি চুক্তি বিটিআৰতো সংযুক্ত বড়ো গণ মঞ্চৰ সভাপতি হিচাপে স্বাক্ষৰ কৰিছে।

বিটিআৰ চুক্তিৰ ৫.১ দফা অনুসৰি ইতিমধ্যে গঠন কৰা বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদখনে দশক দশক ধৰি ৰাজনৈতিক,আৰ্থসামাজিক দিশৰ উন্নয়নৰ পৰা বঞ্চিত হৈ অহা বিটিআৰৰ বাহিৰৰ অসমৰ বড়ো জনগণৰ বিকাশ আৰু উন্নয়ন সাধন কৰিবলৈ সক্ষম হ’ব বুলি সা্ংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গুৱাহাটী অভিমুখী মিনিহিশ্বৰ বসুমতাৰীয়ে এইদৰে কয়।

You might also like