নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা পৰিস্থিতি প্ৰসংগত প্ৰধানমন্ত্ৰী কাৰ্যালয়ত জৰুৰী বৈঠক, দেশত ৩ নতুন প্ৰকাৰৰ ক’ৰোনা

নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ দেশত ক’ৰোনাৰ সংক্ৰমণৰ সংখ্যা ক্ৰমশঃ বৃদ্ধি পোৱাত প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এক জৰুৰী বৈঠকৰ আয়োজন কৰে। এই বৈঠকত চৰকাৰৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে।

বৈঠকত কেন্দ্ৰই নতুনকৈ সংক্ৰমণ হোৱা ক’ৰোনাৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰ ওপৰত আলোচনা কৰা হয়। উল্লেখ্য, দেশত পাঁচ ৰাজ্যত নতুনকৈ বহু সংখ্যক লোক ক’ৰোনাত আক্ৰান্ত হোৱাত আজি এই বৈঠকৰ আহ্বান কৰা হৈছিল।

এক সংবাদ মেলত দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে কয়- ‘ইংলেণ্ডত ক’ৰোনাৰ নতুন ৰূপৰ আগমনৰ লগে লগে আমাৰ দেশতো ইয়াৰ চিনাক্তকৰণৰ ব্যৱস্থা কৰা হৈছিল, সেই অনুসৰি ভাৰতত নতুন ক’ৰোনাৰ সংক্ৰমণ ঘটা দেখা গৈছে। দেশত বৰ্তমান ইংলেণ্ডৰ নতুন প্ৰকাৰৰ ১৮৭টা, দক্ষিণ আফ্ৰিকাৰ নতুন প্ৰকাৰৰ ৬টা আৰু ব্ৰাজিলৰ নতুন প্ৰকাৰৰ ১টা ক’ৰোনা কেছ পোৱা গৈছে।’

মন্ত্ৰালয়ৰ তথ্য অনুসৰি, মহাৰাষ্ট্ৰত আক্ৰান্তৰ ঘটনা সৰ্বাধিক বেছি। ৰাজ্যত এই ৰোগৰ দ্বাৰা নতুনকৈ ৬,৯৭১ জন লোক আক্ৰান্ত হৈছে। তাৰ পিছত কেৰালাত ৪,৭০০ জন লোক আক্ৰান্ত হৈছে। তামিলনাডুত ৪৫২, কৰ্ণাটকত ৪১৩ আৰু পাঞ্জাবত ৩৪৮ লোক আক্ৰান্ত হৈছে।

তদুপৰি, ছত্তিশগড় আৰু মধ্য প্ৰদেশতো কৰোনাৰ গ্ৰাফ বৃদ্ধি পাইছে। চৰকাৰী তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত ৮৩গৰাকী লোক কৰোনাৰ বাবে মৃত্যুমুখত পৰিছে। ইতিমধ্যে মহাৰাষ্ট্ৰৰ অমৰাৱতীত লকডাউন আৰম্ভ হৈছে।

You might also like