বিশেষ বাৰ্তা, ২৭ জানুৱাৰী : যোৰহাট জিলাৰ টীয়কস্থিত বলমা টঙানী গাঁৱত আজি এজন ৩৫ বছৰীয়া লোকৰ মৃতদেহ তেওঁৰ বন্ধুৰ ঘৰত উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলজুৰি তীব্ৰ উত্তেজনা আৰু ৰহস্যৰ সৃষ্টি হৈছে। মৃত লোকজন পৰাগ গগৈ বুলি চিনাক্ত কৰা হৈছে।
স্থানীয় ৰাইজৰ মতে, সোমবাৰে নিশা পৰাগক তেওঁৰ দুই বন্ধু মন্টু চেতিয়া আৰু জিণ্টু চেতিয়াই এটা পাৰ্টীত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছিল। মণ্টু চেতিয়াৰ বাসগৃহত অনুষ্ঠিত এই পাৰ্টীত সুৰাপান কৰা হৈছিল বুলি জানিব পৰা গৈছে।
কিন্তু পৰৱৰ্তী সময়ত সেই স্থানতে পৰাগৰ মৃতদেহ উদ্ধাৰ হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এই ঘটনাৰ পিছতে টঙানী গাঁৱৰ ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। স্থানীয় লোকসকলে অভিযোগ কৰিছে যে অঞ্চলটোত অবৈধ মদৰ দোকান বৃদ্ধি পোৱাত সামাজিক পৰিৱেশ ধ্বংস হৈছে আৰু এনেধৰণৰ কৰুণ ঘটনা সংঘটিত হ’বলৈ ধৰিছে। ৰাইজে এতিয়া এই অবৈধ মদৰ আড্ডাসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ দাবী জনাইছে।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে টীয়ক আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।