নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰৰ সোনাইত বোৱাৰীৰ ৰহস্যজনক মৃত্যু, স্বামীক গ্ৰেপ্তাৰ

বিশেষ বাৰ্তা, ২৭ জানুৱাৰী : কাছাৰৰ সোনাইত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। স্বামীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰিছে মৃতকৰ পৰিয়ালে ।

অভিযোগৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে স্বামী ইন্তাজুল হকক। উত্থাপিত অভিযোগ মতে, চাকিৰা বেগম নামৰ বোৱাৰীগৰাকীক বিয়াৰ পিছৰে পৰা যৌতুকৰ দাবীত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল স্বামী ইন্তাজুৰ হকে। কালি স্বামীৰ নিৰ্যাতনত হঠাৎ অসুস্থ হৈ পৰে চাকিৰা নামৰ বোৱাৰীগৰাকী ৷ পিছত মেডিকেল কলেজলৈ লৈ যোৱাৰ পথত বোৱাৰীগৰাকীৰ মৃত্যু ঘটে।

বোৱাৰীগৰাকীৰ মৃত্যুৰ পাছত পৰিয়ালৰ লোকে স্বামীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰি সোনাই আৰক্ষী চকীত গোচৰ তৰাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত স্বামী ইন্তাজুৰ হকক। ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

You might also like