নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাজানত পথ–দলংসহ ১২৭ কোটিৰ আঁচনিৰ আধাৰশিলা, হাস্পতালৰ ভূমিপূজন

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ  প্রায় আঢ়ৈ দশকৰ অপেক্ষাৰ অন্তত মঙলবাৰে শদিয়া মহকুমাৰ সদৰ চাপাখোৱাত ১০০খন বিছনাযুক্ত অসামৰিক চিকিৎসালয়ৰ শুভ উদ্বোধন কৰা হয়৷ বিত্ত তথা স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মঙলবাৰে পুৱা চাপাখোৱাৰ হাস্পতাল চাৰিআলিত অৱস্থিত নৱনির্মিত ভৱনটোৰ শুভ উদ্বোধন কৰি ৰাইজৰ বাবে মুকলি কৰে৷ অসম গণ পৰিষদ দলৰ চৰকাৰৰ দিনতে চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন কৰা হৈছিল৷ পৰৱর্তী পর্যায়ত চিকিৎসালয়খনৰ নির্মাণৰ কাম আৰম্ভ হৈছিল যদিও বিভিন্ন কাৰণত ভৱনটোৰ নির্মাণৰ কাম স্থগিত ৰাখিবলগীয়া হয়৷ সময়ৰ সোঁতত ভৱনটো প্রায় জহিখহি গৈছিল৷ উল্লেখ্য যে বর্তমান চৰকাৰৰ বিত্ত তথা স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ২০১৭ চনত শদিয়া মহাবিদ্যালয় খেলপথাৰত এক ৰাজহুৱা সভাত উক্ত চিকিৎসালয়খন নির্মাণৰ প্রতিশ্রুতি দিছিল৷ প্রায় তিনি বছৰ পিছত আজি চিকিৎসালয়খন শদিয়াৰ ৰাইজৰ বাবে তেওঁ শুভ উদ্বোধন কৰি মুকলি কৰে৷ উদ্বোধনী অনুষ্ঠানত মন্ত্রীগৰাকীৰ লগত উপস্থিত থাকে শদিয়াৰ বিধায়ক বলীন চেতিয়া, শ্রমমন্ত্রী সঞ্জয় কিষাণ, শদিয়া অসামৰিক চিকিৎসালয়ৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ অমৰজ্যোতি শইকীয়াকে প্রমুখ্যে কৰি বহু গণ্যমান্য ব্যক্তি৷ কেইবাসহস্র লোক উপস্থিত থকা জনসভাত স্বাস্থ্যমন্ত্রী ড০ শর্মাই কয় যে প্রতিশ্রুতি মতেই বর্তমানৰ চৰকাৰে ২০ কোটি ৫৩ লাখ টকা ব্যয়সাপেক্ষে এই চিকিৎসালয়খন আজি ৰাইজৰ বাবে উছর্গা কৰিবলৈ সক্ষম হ’ল৷

লগতে তেওঁ পূর্বৰ অগপ আৰু কংগ্রেছ চৰকাৰক কটাক্ষ কৰি কয় যে দুখন চৰকাৰৰ কার্যকালত ব্যর্থ হোৱা এই প্রকল্প বর্তমান বিজেপি চৰকাৰে আৰম্ভ কৰি সম্পূর্ণ কৰি দেখুৱালে৷ বর্তমানৰ চৰকাৰে ৰাস্তা কিম্বা হাস্পতালৰ যিদৰে আধাৰশিলা কৰে, সেইদৰে সকলো কামৰে সফল সমাপ্তি ঘটায়৷ তেওঁ কয় যে চিকিৎসালয়খনত অতি কম দিনৰ ভিতৰতে অস্ত্রোপচাৰ আৰু অন্যান্য সেৱাৰ কাম মুকলি কৰাৰ উপৰি কিড্নীৰ ৰোগত আক্রান্ত ৰোগীসকলৰ সুবিধার্থে বিনামূলীয়া ডায়েলাইছিছৰ সেৱা আৰম্ভ কৰা হ’ব৷ ইয়াৰ উপৰি জৰুৰী সেৱাৰ বাবে আই চি ইউৰ ব্যৱস্থা শীঘ্রে কৰা হ’ব বুলি তেওঁ ঘোষণা কৰে৷ নৱনির্মিত ভৱনটোৰ ঠিক কাষতে এখন নার্ছিং মহাবিদ্যালয় স্থাপনৰ প্রতিশ্রুতি দি অসামৰিক চিকিৎসালয়খনত বিনামূলীয়া চিটি স্কেনৰ লগতে সকলো অত্যাধুনিক সুবিধা প্রদান কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে৷ ইফালে ভাষণ প্রসংগত স্থানীয় বিধায়ক বলীন চেতিয়াক ধন্যবাদ জনাই মন্ত্রী ড০ শর্মাই কয় যে তেওঁ যেতিয়া দুবছৰ পূর্বে শদিয়ালৈ আহিছিল, তেতিয়া বিধায়কগৰাকীয়ে শদিয়াৰ ৰাইজৰ ভূমিপট্টা সমস্যাৰ কথা অৱগত কৰিছিল আৰু সেইমর্মে বর্তমান সময়ত শদিয়াৰ ভূমিৰ জৰীপৰ কাম আৰম্ভ কৰা হৈছে৷ প্রয়োজন হ’লে মন্ত্রীগৰাকীয়ে এই সকলো কাম নিজে তদাৰক কৰি শীঘ্রে শদিয়াৰ ৰাইজক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিব বুলি আশ্বাস দিয়ে৷ ইফালে সাংবাদিকে সোধা আগন্তুক বিধানসভা নির্বাচনত কংগ্রেছৰ ১০০ প্লাছ আসন সন্দর্ভত এক প্রশ্ণৰ উত্তৰত তেওঁ কয়– বিজেপিয়ে অসমত চৰকাৰ গঠন কৰিব আৰু কংগ্রেছে বাংলাদেশত চৰকাৰ গঠন কৰিব৷
বোকাজানত এশখন বিছনাযুক্ত চিকিৎসালয়ৰ ভূমিপূজন মন্ত্রী ড০ শর্মাৰ
ৰাজ্যৰ স্বাস্থ্য, শিক্ষা, বিত্ত আদি দপ্তৰৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি বোকাজান ক্রীডা সন্থাৰ খেলপথাৰত অনুষ্ঠিত বিশাল ৰাজহুৱা সভাত অংশগ্রহণ কৰে৷ মন্ত্রীগৰাকীয়ে প্রথমে সৰিয়হজানত হেলিকপ্ঢাৰৰ পৰা অৱতৰণ কৰি উক্ত স্থানত ২৪ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া এশখন বিছনাযুক্ত বোকাজান চিকিৎসালয়ৰ ভূমি পূজন অনুষ্ঠানত অংশ লয়৷ ইয়াৰ লগতে সৰিয়হজানত ধনশিৰি নৈৰ ওপৰত হ’ব লগা দুখনকৈ দলং আৰু কেইবাটাও পথৰ আধাৰশিলা স্থাপন কৰে ড০ শর্মাই৷ ইয়াৰ পাছতেই ভাৰত সেৱাশ্রম সংঘৰ অধীনত প্রণৱ বিদ্যাপীঠ বিদ্যালয়ৰ ছাত্রাৱাস আৰু পুথিভঁৰাল উদ্বোধন কৰে৷ প্রণৱ বিদ্যাপীঠ বিদ্যালয়ত মন্ত্রীগৰাকীক ছাত্র–ছাত্রী তথা শিক্ষক–শিক্ষয়িত্রীস উষ্ম আদৰণি জনায়৷মন্ত্রীগৰাকীৰ সৈতে ছেল্ফি উঠিবলৈও হেতা–ওপৰা লগায় ছাত্র–ছাত্রীসকলে৷ ইয়াৰ পাছতেই মন্ত্রীগৰাকীক পাঁচ শতাধিক চাইকেল, দুই শতাধিক বাইকেৰে বোকাজান ক্রীডা সন্থাৰ খেলপথাৰলৈ আদৰি আনে৷ মন্ত্রীগৰাকীয়ে বোকাজানত ভূমি সংৰক্ষণ বিভাগৰ অধীনত নির্মাণ কৰা অতিথিগৃহৰ উদ্বোধন কৰি পোনে পোনে উপস্থিত হয় বোকাজান ক্রীডা সন্থাৰ খেলপথাৰত৷ তেওঁ উক্ত খেলপথাৰত বিত্তমন্ত্রীৰ বিশেষ অনুদান আঁচনিৰ অধীনত দহ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰা বোকাজান মিনি ষ্টেডিয়ামৰ শুভ উদ্বোধন কৰি ৰাজহুৱা সভাত অংশগ্রহণ কৰে৷ সভাৰ আৰম্ভণিতে উপস্থিত সকলোকে বোকাজানৰ বিধায়ক ডাঃ নোমল মমিনে আদৰণি জনোৱাৰ লগতে মন্ত্রীগৰাকীক প্রশংসা কৰি ইষ্ট অ’ৰ ৱেষ্ট হিমন্ত বিশ্ব শর্মা ইজ দ্য বেষ্ট বুলি মন্তব্য আগবঢ়ায়৷

আনহাতে ড০ শর্মাই কয় যে প্রতিশ্রুতি অনুসৰিয়েই ৰাজ্যখনত ইতিমধ্যে নব্বৈ শতাংশ বিভিন্ন উন্নয়নমূলক কাম সম্পূর্ণ হৈছে৷ ২৪ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া বোকাজান চিকিৎসালয় চৌব্বিশ মাহত সম্পূর্ণ হৈ উঠাৰ লগতে পৰৱর্তী সময়ত কার্বি আংলঙৰ চাব্বিশটা পৰিষদীয় সমষ্টিতেই একোখনকৈ অসামৰিক চিকিৎসালয় স্থাপনৰ পৰিকল্পনাৰ কথা সভাত উল্লেখ কৰে৷ তেওঁ বিগত সময়ছোৱাত বিজেপি চৰকাৰৰ দ্বাৰা সম্পাদিত হোৱা বিভিন্ন উন্নয়নমূলক কামৰ খতিয়ান ৰাইজৰ আগত দাঙি ধৰি কয় যে সাতচল্লিশ কোটি টকাৰে ডিলাইৰ পৰা সৰিয়হজানলৈ গডকাপ্ঢানী পথটো পুনৰ নির্মাণ কৰা হ’ব৷ ইয়াৰ উপৰি ধনশিৰি নৈৰ ওপৰত ৯ কোটি আৰু ১১ কোটি টকা ব্যয়সাপেক্ষে দুখনকৈ দলং নির্মাণ কৰি ইতিমধ্যে যাতায়াত সুগম কৰি তোলা হৈছে৷ আজিৰ দিনটোতে বোকাজান অঞ্চলত ১২৭ কোটি টকাৰ নতুন আঁচনিৰ আধাৰশিলা স্থাপন কৰে মন্ত্রী ড০ শর্মাই৷ আজিৰ অনুষ্ঠানত কার্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, পার্বত্য উন্নয়ন মন্ত্রী ছুম ৰংহাং, হাওৰাঘাটৰ বিধায়ক জয়ৰাম ইংলেং, বৈথালাংছ’ৰ বিধায়ক মানছিং ৰংপি প্রমুখ্যে কার্বি আংলং স্বায়ত্ত পৰিষদৰ কার্যবাহী সদস্যসকল উপস্থিত থাকে৷ ইফালে, মন্ত্রীগৰাকীয়ে বোকাজান বিধানসভা সমষ্টিৰ অন্তর্গত দেউপানী পৰিষদীয় সমষ্টিৰ দুয়োটা বৃক্ক বেয়া হোৱা ভীমকান্ত তেলেংগা নামৰ প্রায় পোন্ধৰ বছৰীয়া যুৱকজনৰ বৃক্ক সংৰোপণৰ সমুদায় খৰচ ৰাজ্য চৰকাৰে বহন কৰাৰ আশ্বাস দিয়ে৷ এই ব্যৱস্থা কৰি দিয়াৰ বাবে বোকাজানৰ বিধায়ক ডাঃ নোমল মমিনক দায়িত্ব অর্পণ কৰে মন্ত্রী ড০ শর্মাই৷
হোজাইত দুশ বিছনাযুক্ত অসামৰিক চিকিৎসালয় উদ্বোধন
হোজাইৰ ৰাইজৰ বহু অপেক্ষিত জিলা অসামৰিক চিকিৎসালয়খন আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে স্বাস্থ্য তথা বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি বিয়লি তিনি বজাত হেলিকপ্ঢাৰযোগে হোজাইৰ জোৰাপুখুৰীত উপস্থিত হোৱা মন্ত্রীজনে দুশ বিছনাযুক্ত চিকিৎসালয়খন উদ্বোধন কৰি কয় যে আজিৰ পৰা চিকিৎসালয়খনৰ বহিঃবিভাগৰ কাম চলিব আৰু অহা তিনি মাহৰ ভিতৰত চিকিৎসালয়খনৰ আন্তঃবিভাগৰ কামো আৰম্ভ হ’ব৷ চিকিৎসালয় উদ্বোধনৰ পিছত হোজাই জিলাৰ উপায়ুক্ত ড০ সাদনেক সিঙৰ সভাপতিত্বত অনুষ্ঠিত সভাত হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱ আৰু লামডিঙৰ বিধায়ক শিবু মিশ্রই ভাষণ দি অসমৰ বর্তমান উন্নয়নৰ মূল গুৰি বুলি মন্ত্রী ড০ শর্মাক প্রশংসা কৰাৰ লগতে তেওঁক মুকলি সভাত কর্মবীৰ উপাধিৰে বিভূষিত কৰে৷ উক্ত সভাত ভাষণ দি মন্ত্রী ড০ শর্মাই বিগত সময়ত বিজেপি চৰকাৰে অসমত কৰা বিভিন্ন কামৰ খতিয়ান দাঙি ধৰে৷ ভাষণ প্রসংগত তেওঁ কয় যে পাঁচ বছৰীয়া চৰকাৰখনে কাম কৰিবলৈ মাথোঁ তিনি বছৰহে লাভ কৰিলে৷ এবছৰ ‘কা’ আন্দোলনে শেষ কৰিলে আৰু এবছৰ মহামাৰী ক’ভিডে৷ ‘কা’ আন্দোলনক সমালোচনা কৰি মন্ত্রীজনে কয় যে জাপানৰ প্রধানমন্ত্রী অহাৰ সময়ত ‘কা’ আন্দোলনৰ সমর্থকসকলে গুৱাহাটীত যি উৎপাত কৰিলে সেয়া নজিৰবিহীন৷ জাপানৰ প্রধানমন্ত্রী অসমলৈ আহিলে অসমত নতুন নতুন উদ্যোগ গঢ় লৈ উঠিলহেঁতেন৷ কিন্তু ইয়াত হেঙাৰ হৈ থিয় দিলে ‘কা’বিৰোধী আন্দোলনে৷ তেওঁ কয়– কিছু লোকে ৰজা হোৱাৰ বাবেহে ‘কা’বিৰোধী আন্দোলন কৰিছিল৷ সেয়া এতিয়া প্রমাণিত হৈছে৷ ‘কা’ আন্দোলনৰ নেতাসকলে এতিয়া দল খুলিছে৷ আজি উদ্বোধন কৰা চিকিৎসালয়খনক ভৱিষ্যতে চিকিৎসা মহাবিদ্যালয়লৈ উন্নীত কৰাৰ কথাও তেওঁ দোহাৰে৷ ‘চিনেমাৰ আগতে ট্রেইলাৰ দেখুওৱাৰ দৰে বিজেপি চৰকাৰে বিগত সময়ত কৰা কামসমূহ কৰিলে৷ সম্পূর্ণ চিনেমাখন অহা পাঁচ বছৰত দেখা পাব’ বুলি মন্ত্রী ড০ শর্মাই কয়৷ প্রায় ত্রিশ হাজাৰ লোক উপস্থিত থকা সভাত মন্ত্রীজনৰ লগত ছেল্ফি উঠিবলৈ উপস্থিত লোকৰ মাজত হেতা–ওপৰা লাগে৷ অসমত যোৱা দুবছৰ ‘কা’ আন্দোলন আৰু ক’ৰোনাৰ বাবে উন্নয়নমূলক কামৰ ব্যাঘাত হ’ল যদিও মাত্র বিগত তিনি বছৰতেই অসমত বিজেপি চৰকাৰে উন্নয়নৰ গতি ৰথ চলাই দিলে, য’ত কোনো আন্দোলন নহ’লে অসমখনৰ উন্নয়ন আৰু আগুৱাই লৈ যাব পাৰিলেহেঁতেন বুলি মন্ত্রীজনে মন্তব্য কৰি আৰু কয় যে যিসকলে নেতা বা ৰজা হ’ব খোজে তেওঁলোকে ৰাজ্যৰ আৰু ৰাইজৰ উন্নয়নৰ কথা চিন্তা কৰিব লাগে৷ মাথোন নিজে ৰাজনৈতিক দল খুলি ৰজা হোৱাৰ বাবে ৰাজ্যৰ মানুহক বিপথে পৰিচালিত কৰি আন্দোলন কৰিব নালাগে বুলি তির্যক মন্তব্য কৰে মন্ত্রী ড০ শর্মাই৷

আনহাতে সভাত হোজাইৰ অসামৰিক চিকিৎসালয় উদ্বোধন কৰাই নহয় অহা নির্বাচনৰ পিছত হোজাইবাসীৰ বাবে হোজাইত এখন মেডিকেল কলেজ নির্মাণ কৰা হ’ব বুলি ঘোষণা কৰাৰ লগে লগে সভাত উছাহৰ লহৰ উঠা পৰিলক্ষিত হয়৷ আনহাতে, পূর্বৰ কংগ্রেছ চৰকাৰক সমালোচনা কৰি তেওঁ কয় যে আগতে হোজাই জিলা অসামৰিক চিকিৎসালয়খনৰ শিলান্যাস কৰা হৈছিল যদিও কংগ্রেছ চৰকাৰে নির্মাণ কৰাত ব্যর্থ হয়৷ কিন্তু মাত্র দুবছৰৰ ভিতৰত বিজেপি চৰকাৰে পুনৰ ব্যৱস্থা লৈ চিকিৎসালয়ৰ শিলান্যাস কৰি মাত্র দুবছৰৰ ভিতৰত হোজাই জিলা অসামৰিক চিকিৎসালয়খন নির্মাণ কৰিলে৷ একেলগে তেওঁ কয় যে যোৱা নির্বাচনৰ সময়ত নির্বাচনী ভাষণত বিজেপি চৰকাৰ আহিলে হোজাইৰ অসামৰিক চিকিৎসালয় আৰু হোজাইত ৰবীন্দ্রনাথ ঠাকুৰ বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব বুলি দিয়া প্রতিশ্রুতি পালন কৰিলে৷ এই সভাৰ পিছত মন্ত্রীগৰাকীয়ে হোজাইত বিজেপিৰ জনসম্পর্ক অভিযানৰ আৰম্ভণি কৰে৷ মন্ত্রীগৰাকী ৰবীন্দ্রনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত উপস্থিত হৈ বিশ্ববিদ্যালয়ৰ প্রশাসনিক ভৱনৰ আধাৰশিলা স্থাপন কৰে আৰু বিশ্ববিদ্যালয়খনৰ শিক্ষক গোটে নির্মাণ কৰা মূল প্রৱেশদ্বাৰখন মুকলি কৰি এখন সভাত অংশগ্রহণ কৰি ছাত্র–ছাত্রীসকলৰ উদ্দেশ্যে ভাষণ দিয়াৰ পিছত বিশ্ববিদ্যালয়ৰ ছাত্র–ছাত্রীসকলৰ মাজত সোমাই একাত্ম হৈ পৰে৷ উৎফুল্ল ছাত্রসকলে মন্ত্রীজনক কান্ধত লৈ কেইবামিটাৰ পথ অতিক্রম কৰি বিদায় দিয়ে৷ সভাত ভাষণ দি মন্ত্রীজনে ছাত্র–ছাত্রীসকলক চৰকাৰে দিয়া সকলো সুবিধা ভোগ কৰাৰ লগতে শিক্ষা লোৱাৰ ক্ষেত্রত শিক্ষার্থীসকলক মনোযোগী হোৱাৰ বাবে আহ্বান জনায়৷ নিজৰ বক্তব্যত হোজাই বিশ্ববিদ্যালয়খনত বি এড আৰু এম এড খোলা হ’ব বুলি শিক্ষামন্ত্রীগৰাকীয়ে ঘোষণা কৰাৰ লগতে অহা তিনি বছৰৰ ভিতৰত বিশ্ববিদ্যালয়খনক পূর্ণতা দিয়াৰ বাবে ১০০ কোটি টকা দিয়াৰ কথা ঘোষণা কৰে৷

You might also like