নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত অনুষ্ঠিত হ’বলগীয়া ব্রিকছৰ সন্মিলনলৈ আহিব পাৰে চীনা ৰাষ্ট্রপতি

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ চলিত বছৰত ভাৰতে অনুষ্ঠিত কৰিবলগীয়া ব্রিকছৰ সন্মিলনত চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙে অংশগ্রহণ কৰিব পাৰে৷ ব্রিকছৰ সন্মিলন ভাৰতে অনুষ্ঠিত কৰাৰ ক্ষেত্রত ইতিমধ্যে চীনে সমর্থন জনাইছে৷ ৰাজনৈতিক পর্যালোচকসকলে উল্লেখ কৰিছে যে এই সন্মিলনত অংশগ্রহণৰ বাবে ঝি জিনপিঙে ভাৰত ভ্রমণ কৰাৰ সম্ভাৱনা আছে৷ ৫ ৰাষ্ট্রৰ সংগঠন ব্রিকছৰ সন্মিলন কেতিয়া অনুষ্ঠিত কৰা হ’ব সেই সন্দর্ভত অৱশ্যে কোনো দিন, তাৰিখ থিৰাং কৰা হোৱা নাই৷ ইয়াৰ পূর্বে বিদেশমন্ত্রী এছ জয়শংকৰে ব্রিকছ ২০২১ ৱেবছাইট মুকলি কৰিছে নতুন দিল্লীস্থিত সুষমা স্বৰাজ ভৱনৰ ব্রিকছ সচিবালয়ত৷

স্মর্তব্য যে ভাৰত–চীনৰ উপৰি ব্রিকছৰ অন্য তিনি সদস্য ৰাষ্ট্র হৈছে ব্রাজিল, ৰাছিয়া আৰু দক্ষিণ আফ্রিকা৷ সীমান্তত ভাৰত–চীনৰ উত্তেজনাৰ মাজতে ভাৰতে আয়োজন কৰিবলগীয়া এইবাৰৰ ব্রিকছ সন্মিলনত যদি ঝি জিনপিঙে অংশগ্রহণ কৰে সেয়া হ’ব লক্ষণীয় বিষয়৷

You might also like