নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোৰ শিংৰাত মালবাহী ৰে’লৰ দবা লাইনচ্যুত

নিয়মীয়া বাৰ্তা, ৭ জুনঃ বকোৰ শিংৰাত এখন মালবাহী ৰেল লাইনচ্যুত হয়। মালবাহী ৰে’লখনৰ ১৫টাৰো অধিক কয়লাভৰ্তি দবা লাইনচ্যুত হয়। মালবাহী ৰে’লখনত ৬০টা দবা আছিল বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত ইতিমধ্যে ৰে’লৱে বিভাগৰ লোক উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। লাইনচ্যুত হোৱা ৰে’লখন বঙাইগাঁৱৰ পৰা গুৱাহাটী অভিমুখী আছিল। এই দুৰ্ঘটনাত বৰ্তমানে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।

প্ৰেৰক প্ৰীতম বায়ন

You might also like