নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্রন্থমেলালৈ জনস্রোতঃ এদিনতে ১ কোটিৰ বিক্রীৰে অভিলেখ

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ অভিলেখসংখ্যক গ্রন্থ বিক্রীৰে আজি সামৰণি পৰিব অসম প্রকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত হৈ থকা গুৱাহাটী গ্রন্থমেলাৰ৷ সামৰণিৰ পূর্বৰ দিনটোত চানমাৰিৰ গ্রন্থমেলাস্থলী লোকাৰণ্য হৈ পৰে৷ কেৱল কালিৰ দিনটোতে গ্রন্থমেলাত প্রায় ১ কোটি টকাৰ গ্রন্থ বিক্রী হোৱা বুলি সদৰী কৰিছে অসম প্রকাশন পৰিষদে৷

স্বাভাৱিকতে অসমৰ গ্রন্থমেলাৰ ইতিহাসত এয়া অভূতপূর্ব ঘটনা৷ কালি বিয়লি অসম প্রকাশন পৰিষদৰ গ্রন্থমেলাস্থিত অস্থায়ী কার্যালয়ত আয়োজিত এখন সংবাদ মেলত পৰিষদৰ সচিব প্রমোদ কলিতাই বিগত ১০ দিনত গুৱাহাটী গ্রন্থমেলাত হোৱা পুথি বিক্রী তথা অন্যান্য অনুষ্ঠানৰ বিষয়ে অৱগত কৰে৷ তেওঁ কয়– ‘ঐতিহ্যমণ্ডিত গুৱাহাটী গ্রন্থমেলাই এইবাৰ ৩৩ বর্ষত ভৰি দিলে৷ কাইলৈ গ্রন্থমেলাৰ সামৰণি পৰিব৷ গুৱাহাটী গ্রন্থমেলাৰ প্রতি ৰাইজৰ অভূতপূর্ব সঁহাৰিয়ে এইবাৰ অভিলেখ সৃষ্টি কৰিছে৷ সমান্তৰালভাৱে বিগত দিনকেইটাত অসম প্রকাশন পৰিষদৰ বিপণীৰ লগতে অন্যান্য বিপণীতো গ্রন্থৰ বিক্রী অতিশয় সন্তোষজনক৷ দহ দিনত পৰিষদৰ বিপণীত ১২ লক্ষাধিক টকাৰ গ্রন্থ বিক্রী হোৱাটো প্রকৃতার্থতে বিদ্বৎ–বৌদ্ধিক সমাজৰ বাবে এক শুভবার্তা৷ এতিয়ালৈকে গ্রন্থমেলাত প্রায় ৮ কোটি টকাৰ গ্রন্থৰ বিক্রী হোৱাটো গ্রন্থ উদ্যোগৰ বাবে সুখকৰ খবৰ৷’ কলিতাই লগতে সদৰী কৰে যে অসম প্রকাশন পৰিষদে ক’ভিড বিপর্যস্ত সময়ৰ মাজতো যোৱাটো বর্ষত ৩৯খন নতুন আৰু ৪০খন গ্রন্থ পুনৰ মুদ্রণৰ কাম হাতত লোৱা হৈছিল৷ ইয়াৰে নতুনকৈ ছপা কৰা ১২খন গ্রন্থ ৩৩সংখ্যক গুৱাহাটী গ্রন্থমেলাৰ উদ্বোধনী অনুষ্ঠানতে উন্মোচন কৰা হয়৷

অসমীয়া ভাষা–সাহিত্যৰ বাবে অতি গুৰুত্বপূর্ণ বিবেচিত এই ১২খন গ্রন্থ হৈছে শ্রীশ্রীনিৰুদ্ধদেৱ ৰচনাৱলী (সংকলন–সম্পাদনাঃ ড০ ডম্বৰুধৰ নাথ), ৰজনীকান্ত বৰদলৈ ৰচনাৱলী (সম্পাদনাঃ ড০ গোৱিন্দ প্রসাদ শর্মা), অই নিঃতমঃ মূল মিচিং পাঠসহ অসমীয়া অনুবাদ (লিখিত আৰু শ্রব্য ৰূপত, সংগ্রহ–সংকলন–স্ঃ ড০ সদানন্দ পায়েং), হীৰেন ভট্টাচার্য ৰচনাৱলী (সম্পাদনাঃ বিপুলজ্যোতি শইকীয়া), লুম্মেৰ দাই ৰচনাৱলী (সম্পাদনাঃ জয়ন্ত মাধৱ বৰা), নৰকাসুৰম (অতুল চন্দ্র হাজৰিকাৰ ‘নৰকাসুৰ’ নাটকৰ সংসৃকত অনুবাদ, অনুবাদকঃ ড০ দীপক কুমাৰ শর্মা), অম্বিকাগিৰীৰ সংগ্রাম আৰু সাৰস্বত সাধনা (লেখকঃ ভগগিৰী ৰায়চৌধুৰী), বিবাৰ বাদুংডু’প্পা বিৰতা (প্রথম খণ্ড, জনজাতীয় আলোচনী সমগ্র, মুখ্য সম্পাদকঃ ড০ উপেন ৰাভা হাকাচাম, সহঃ সম্পাদকঃ বিশ্বনাথ ৰাভা তাৰা), সাঁচিপতীয়া পুথিৰ ব্রজাৱলী ভাষাৰ কাইথেলী আৰু আধুনিক অসমীয়া লিপিত মহাপুৰুষ শ্রীশ্রীশংকৰদেৱ আৰু শ্রীশ্রীমাধৱদেৱ বিৰচিতঃ বৰগীত (লেখকঃ তিলক চন্দ্র মজুমদাৰ), খনচায়নায় ৰায়থাই বিদাং (বডো অনুবাদৰ, অনুবাদঃ মান্না সিং ব্রহ্ম, মাধৱীলতা ৰামচিয়াৰী), ৰবীন্দ্রনাথৰ এমুঠি গল্প (অনুবাদঃ গীতা ভৰালীৰ আৰু ৰাভা খুত্রায়ছিনি খুৰাংচি (ৰাভা অনুবাদ কবিতা, অনুবাদকঃ ড০ উপেন ৰাভা হাকাচাম)৷ এই আটাইকেইখন গ্রন্থই পুথিপ্রেমীসকলৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে৷

You might also like