নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীৰ শিল্পী দলে গুজৰাটত পৰিৱেশন কৰা সত্ৰীয়া সংস্কৃতিয়ে মুহিলে দৰ্শকক

নিয়মীয়া বাৰ্তা, ৩১ মাৰ্চঃ  গুজৰাটত সত্ৰীয়া সংস্কৃতিৰ সুৱাস বিলালে মাজুলীৰ ঐতিহ্যমণ্ডিত উত্তৰ কমলাবাৰী সত্ৰৰ শিল্পী দলে। গুজৰাটৰ ঐতিহাসিক সোমনাথ মন্দিৰৰ প্ৰাংগণত সাগৰৰ পাৰত ১০ জনীয় শিল্পী দলে পৰিবেশন কৰিলে গুৰুজনাৰ অমৰ সৃষ্টি গায়ন বায়ন। ২৬ মাৰ্চৰ পৰা ৩০ মাৰ্চলৈ সংগীত নাটক একাডেমী ভাৰত চৰকাৰে আয়োজন কৰা ‘অমৃত স্বধাৰা’ সাংস্কৃতিক মহোৎসৱত মাজুলী উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ সকলে পৰিবেশন কৰিলে গুৰুজনাৰ অপূৰ্বসৃষ্টি গায়ন বায়ন। ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰীয়া ‘অমৃত মহোৎসৱ’ অনুষ্ঠিত কৰিছে গুজৰাটৰ গিৰ জিলা সোমনাথত। ভাৰতবৰ্ষৰ ১২ জ্যোতিলিংগৰ প্ৰথমো জ্যোতিলিংগ অৱস্থিত ঐতিহাসিক সোমনাথ মন্দিৰত। ঐতিহাসিক মন্দিৰৰ প্ৰাংগনত সাগৰৰ পাৰত মুকলি মঞ্চত শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি পূৰ্বৰংগ গায়ন বায়ন পৰিবেশন কৰি মুহিলে অগনন দৰ্শকক। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ শাস্ত্ৰীয় সংগীতৰ দলে অংশগ্ৰহণ কৰে উক্ত সংগীতৰ মহোৎসৱত।আগশাৰী শাস্ত্ৰীয় নৃত্য শিল্পী,বিভিন্ন ৰাজ্যৰ নৃত্যৰ দলে সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন কৰে,সংগীত জগতৰ গৱেষক পণ্ডিত, সংগঠক, সাধক, শিল্পী , সাধু সন্ত উপস্থিত থাকি অনণ্য মাত্ৰা প্ৰদান কৰিলে উক্ত অনুষ্ঠানত। উত্তৰ কমলাবাৰী সত্ৰ শংকৰদেৱ কৃষ্ঠি সংঘৰ সম্পাদক তীৰ্থ ভূঞা বৰগায়নৰ নেতৃত্বত যোৱা শিল্পী সকল হৈছে –,কৃষ্ণ কুমাৰ বৰবায়ন , নিৰঞ্জন বৰবায়ন,পবিত্ৰ গায়ন,জগন্নাথ বৰবায়ন, দেৱানন্দ গায়ন,শান্তনু গায়ন,দীননাথ বায়ন,পদ্ম কলিতা বায়ন , ভাস্কৰ বায়ন। বৰ্হিৰাজ্যত সত্ৰীয়া সংস্কৃতিৰ সুবাস বিলাই অসমলৈ সুনাম কঢ়িয়াই অনাৰ লগতে মাজুলীকো গৌৰৱান্বিত কৰিছে।

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like