নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিলেখৰ উপৰি অভিলেখ : বক্স অফিচত হাল্লাবোল শ্ৰী ৰঘুপতিৰ

বিশেষ বাৰ্তা, ২৬ জুনঃ  অভিলেখ ৰচিবলে ৰবি শর্মাৰ নৱতম ছবি শ্রী ৰঘুপতিয়ে৷ মুক্তিৰ পিছতে দর্শকৰ ব্যাপক সহাৰিত ছবিখনে প্রৱেশ কৰিছে ১০ কোটিৰ ক্লাবত৷  কোনো অসমীয়া ছবিয়ে ইয়াৰ আগে বক্স অফিচত ১০ কোটি টকা উপার্জন কৰিবলৈ সক্ষম হোৱা নাই৷  কালি পর্যন্ত শ্রী ৰঘুপতিয়ে ৯.৯৭ কোটি টকা অর্জন কৰিছে৷ আজিৰ দিনটোৰ উপার্জন হিচাপ কৰিলে ছবিখনৰ উপার্জনে ১০ কোটি টকা অতিক্রম কৰিব৷ অৱশ্যে বক্স অফিচৰ আনুষ্ঠানিক হিচাপ কাইলৈহে প্রকাশ পাব৷ ইয়াৰ পূর্বে উপার্জনৰ ক্ষেত্রত যতীন বৰা অভিনীত ৰত্নাকৰ ছবিখনে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল৷ ব্যাপক জনপ্রিয়তা লাভ কৰা যতীন বৰাৰ ৰত্নাকৰ ছবিখনে বক্স অফিচত ৯.৩০ কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছিল৷ সম্প্রতি ৰাজ্যৰ ভিন্ন প্রান্তৰ ছবিগৃহৰ লগতে দিল্লী, মুম্বাই, গোৱা, হায়দৰাবাদ, বাংগালুৰুকে ধৰি কেইবাখনো ৰাজ্যৰ ছবিগৃহত প্রদর্শিত হৈ থকা শ্রীৰঘুপতিয়ে ৰত্নাকৰৰ এই অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে৷ দুই কোটি টকা বাজেটেৰ নির্মাণ কৰা ছবিখনে মুক্তিৰ চতুর্থ সপ্তাহৰ ভিতৰতে এই উপার্জন কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ পূর্বেও ছবিখনে এদিনতে ৮০ লাখ টকা উপার্জন কৰি অসমীয়া ছবি উদ্যোগত এক নতুন মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হৈছিল৷ এতিয়ালৈকে কোনো অসমীয়া ছবিয়ে এদিনত সর্বাধিক ৮০ লাখ টকা সংগ্রহ কৰিবলৈ সক্ষম হোৱা নাছিল৷ যোৱা ৫ জুনত মুক্তি পোৱা ছবিখন সম্প্রতি ৰাজ্যৰ ২০৯টা ছবিগৃহত প্রদর্শিত হৈ আছে৷ লক্ষণীয় যে যোৱা সপ্তাহত দাক্ষিণাত্যৰ বিগ বাজেটৰ ছবি আদিপুৰুষ মুক্তি পাইছিল৷ প্রভাস, কৃতী সেনন, ছঈফ আলী খানৰ দৰে তাৰকাই অভিনয় কৰা তথা ৰামায়ণৰ কাহিনীৰ ভিত্তিত নির্মাণ কৰা আদিপুৰুষ ছবিখনৰ মুক্তিয়ে ৰবি শর্মাৰ শ্রীৰঘুপতিৰ ব্যৱসায়ত প্রভাৱ পেলাব বুলি আশংকা কৰা হৈছিল৷ কিন্তু আদিপুৰুষ ছবিৰ জনপ্রিয়তাক প্রত্যাহ্বান জনাই ৰাজ্যৰ প্রতিখন ছবিগৃহতে এতিয়াও হাউছফুল দর্শনীৰে শ্রীৰঘুপতিয়ে অসমীয়া ছবিক এক নতুন মাত্রা প্রদান কৰিছে৷ উন্নতমানৰ কাহিনী, আকর্ষণীয় দৃশ্যগ্রহণ, প্রতিগৰাকী শিল্পীৰ মনোমোহা অভিনয়, অত্যাধুনিক কাৰিকৰী ব্যৱস্থাৰ সংযোগ আদিয়ে শ্রীৰঘুপতিক দর্শকৰ মাজলৈ লৈ যোৱাত সহায় কৰিছে৷ যুৱ পৰিচালক সুব্রত কাকতিৰ পৰিচালনাত নির্মাণ কৰা ছবিখনত একচন দৃশ্যসমূহৰ বাবে হায়দৰাবাদৰ পৰা এটা বিশেষজ্ঞ টীম অনা হৈছিল৷ যাৰ পৰিচালনাত ছবিখনৰ একচন দৃশ্যসমূহ শ্বুটিং কৰা হৈছিল৷ যাৰ বাবে ছবিখনৰ কাহিনীৰ লগতে একচন দৃশ্যসমূহে দর্শকক আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷ ৰবি শর্মাৰ উপৰিও জনপ্রিয় অভিনেত্রী প্রীতি কংকনা, জনপ্রিয় অভিনেতা সিদ্ধার্থ শর্মা, জ্যেষ্ঠ অভিনেতা অৰুণ নাথকে ধৰি কেইবাগৰাকীও বিশিষ্ট অভিনেতা–ভিনেত্রীয়ে শ্রীৰঘুপতিত অভিনয় কৰিছিল৷ প্রতিগৰাকী শিল্পীয়ে হিয়া উজাৰি কৰা অভিনয়ে অৱশেষত ছবিখনক সফল কৰি তোলাত বিশেষভাৱে সহায় কৰিছে৷ ইয়াৰ লগে লগে অসমীয়া ছবি উদ্যোগটো পুনৰ সজীৱ হৈ উঠাৰ ক্ষেত্রত শ্রীৰঘুপতিয়ে এক নতুন আশাৰ ৰেঙনি কঢ়িয়াই আনিছে বুলিও চলচ্চিত্র সমালোচকসকলে প্রকাশ কৰিছে৷ ইয়াৰ পূর্বে দীর্ঘদিনৰ বিৰতিৰ অন্তত জুবিন গার্গৰ মিছন ছাইনা, যতীন বৰাৰ ৰত্নাকৰ, ড০ বেজবৰুৱা–২ আদিকে ধৰি কেইবাখনো ছবিয়ে বক্স অফিচত সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু কেইবাখনো অসমীয়া ছবিয়ে ধাৰাবাহিকভাৱে দর্শকৰ আকর্ষণ লাভ কৰিবলৈ সক্ষম নোহোৱাত ছবি উদ্যোগটোৰ ভৱিষ্যতক লৈ শংকাৰ সৃষ্টি হৈছে৷ এনে পৰিস্থিতিৰ মাজতে শ্রীৰঘুপতিৰ দৰে ছবিয়ে অসমীয়া ছবি নির্মাতাসকলক পুনৰ ছবি নির্মাণৰ বাবে যে আগ্রহী কৰি তুলিব সেয়া নিশ্চিত৷

You might also like