নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আনুষ্ঠানিক ঘোষণাহে বাকী, মিত্রতা ভংগৰ দিশে অজাপ–ৰাইজৰ দল

নিয়মীয়া বাৰ্তা, ৬ মার্চঃ প্রতিমুহূর্ততে সলনি হৈছে অসমৰ ৰাজনৈতিক দৃশ্যপট৷ চূড়ান্ত হৈও অৱশেষত থমকি ৰ’ল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ ঐক্যবদ্ধ যাত্রা৷ আনুষ্ঠানিকভাৱে ঘোষণা নহ’লেও নৱগঠিত আঞ্চলিক দল দুটাৰ মিত্রতা ভংগ হোৱাটো নিশ্চিত হৈছে৷ কালি অসম জাতীয় পৰিষদে নিজাববীয়াকৈ প্রথমখন ১৮জনীয়া প্রার্থী তালিকা ঘোষণা কৰাৰ পিছত কালি ৰাইজৰ দলেও পৃথকভাৱে ১৮টা সমষ্টিৰ বাবে নিজ দলৰ প্রার্থীৰ নাম ৰাজহুৱা কৰে৷

লক্ষণীয়ভাৱে ইয়াৰ ভিতৰত ৪টা সমষ্টিত অসম জাতীয় পৰিষদে ইতিমধ্যে নিজৰ প্রার্থী প্রক্ষেপ কৰিছে৷ ৰাইজৰ দলৰ কার্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই কালি প্রকাশ কৰা প্রথমখন প্রার্থী তালিকা অনুসৰি প্রথম পর্যায়ৰ নির্বাচনত দলটোৱে ১২টা, দ্বিতীয় পর্যায়ৰ নির্বাচনত ৬টা সমষ্টিত প্রতিদ্বন্দ্বিতা আগবঢ়াব৷

লক্ষণীয় কথাটো হ’ল– ৰাইজৰ দলে প্রার্থী আগবঢ়োৱা চাৰিটা সমষ্টিত ইতিমধ্যে অসম জাতীয় পৰিষদে নিজাববীয়া প্রার্থী প্রক্ষেপ কৰিছে৷ অজাপৰ হৈ থাওৰাত দ্বীপেন তাঁতী, ৰঙাপৰাত অজয় তাঁতী, বিহপুৰীয়াত অচ্যুত শইকীয়া আৰু ধিঙত আনজাৰ হুছেইনে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ ইয়াৰ বাহিৰে ধেমাজি সমষ্টিত চিত্তৰঞ্জন বসুমতাৰীৰ বিৰুদ্ধেও ৰাইজৰ দলে প্রার্থী প্রক্ষেপ কৰাৰ সম্ভাৱনা আছে৷

এনে প্রেক্ষাপটত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্রতা ভংগ হোৱাটো একপ্রকাৰ নিশ্চিত হৈ পৰিছে৷ আনুষ্ঠানিকভাৱে এই বিষয়ে সদৰী নকৰিলেও ৰাইজৰ দলৰ কার্যকৰী সভাপতিগৰাকীয়ে কয় যে দুয়োটা দলৰ মাজত এতিয়াও আলোচনা অব্যাহত আছে৷ ভোটযুদ্ধত নমাৰ পূর্বে এক মীমাংসাত উপনীত হ’ব পাৰিব বুলি তেওঁ আশা প্রকাশ কৰে৷

উল্লেখ্য যে কালি সন্ধিয়া দুয়োটা দলে এখন সংবাদ মেলৰ জৰিয়তে উমৈহতীয়া প্রার্থী তালিকা ঘোষণা কৰাৰ কথা আছিল৷ কিন্তু শেষ মুহূর্তত হোৱা মতানৈক্যৰ বাবে ৰাইজৰ দলে এই সংবাদ মেল বর্জন কৰে৷ মূলতঃ মাহমৰা, ৰহা, তেজপুৰ, ধেমাজি, বিহপুৰীয়া সমষ্টিক কেন্দ্র কৰি অজাপ আৰু ৰাইজৰ দলৰ মাজত গভীৰ মতভেদ সৃষ্টি হয়৷

এই বিষয়সমূহত এক উমৈহতীয়া সিদ্ধান্ত গ্রহণৰ বাবে আজি পুৱাৰ ভাগতে ৰাইজৰ দলৰ কার্যকৰী সভাপতি ভাস্কো ডি শইকীয়া আৰু অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা এক আলোচনাত মিলিত হয়৷ কিন্তু বৈঠকতো কোনো সমাধান সূত্র নোলোৱাত ৰাইজৰ দলে নিজাববীয়াকৈ প্রার্থী তালিকা ঘোষণা কৰে৷ ইয়াৰ লগে লগে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মাজত মিত্রতাৰো যৱনিকা পৰিল বুলি ক’ব পাৰি৷

You might also like