নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন

মন বুলিলে আমি কি বুজো? আমি কথাই কথাই মনৰ কথা এনেকৈ কওঁ– যেন সি শৰীৰৰ হূদপিণ্ড বা লিভাৰৰ নিচিনা এটা অংগহে৷ কিন্তু মনৰ সন্ধানত শৰীৰটো কাটি কাটি টুকুৰা–টুকুৰ কৰিলেও আপুনি ক’তো মনৰ অস্তিত্ব বিচাৰি নাপাব৷ অথচ মনৰ অবিহনে মানৱ জীৱনৰ কোনো অর্থই বিচাৰি পোৱা নাযায়৷

মনটো কি বস্তু সেই কথা বুজাবলৈ এটা সাধাৰণ কথা বিবেচনা কৰি চাব পাৰি৷ ধৰক আপুনি কিবা এটা কঠিন অসুখত ভুগি আছে৷ ৰোগৰ প্রতিকাৰহীন যন্ত্রণাই আপোনাক হতাশ আৰু বিমর্ষ কৰিবলৈ আৰম্ভ কৰিছে৷ এনে সময়তে আপোনাৰ কোঠালৈ এজন ডাক্তৰ সোমাই আহিল৷ আপোনাৰ বিছনাৰ কাষতে তেওঁ এখন চকী পাৰি বহিল৷

আপোনাৰ মুখলৈ সস্নেহ দৃষ্টিৰে চাই তেওঁ আপোনাক আপোনাৰ ৰোগৰ বিষয়ে দুই–চাৰিটা প্রশ্ণ সুধিলে৷ কি আচৰিত কথা, মাত্র কেইমুহূর্তমানৰ আগতে আপুনি যিজন মানুহে ৰোগৰ যন্ত্রণা সহ্য কৰিব নোৱাৰি মৃত্যু কামনা কৰিছিল, সেই একেজন মানুহেই এতিয়া দেখোন হঠাৎ নিজকে সুস্থ যেন অনুভৱ কৰিছে৷ আপোনাৰ শৰীৰৰ যন্ত্রণাও যেন হঠাৎ বহুত লাঘৱ হৈছে৷ ডাক্তৰেতো এতিয়ালৈকে আপোনাক কোনো দৰব খাবলৈ দিয়া নাই৷

বেজীও দিয়া নাই, আনকি হাতেৰেও স্পর্শ কৰা নাই৷ তেনেস্থলত আপুনি হঠাতেই কি কাৰণত নিজকে সুস্থ বুলি অনুভৱ কৰিছে? আপুনি অনুভৱ কৰিছে যে কোনো ঔষধ আপোনাৰ শৰীৰত প্রৱেশ নকৰাকৈ কেৱল ডাক্তৰজনৰ উপস্থিতি আৰু কথা–বার্তাই আপোনাৰ চিন্তালৈ এই অভাৱনীয় পৰিৱর্তন আনিলে৷ তাৰ কাৰণ হ’ল এই যে ডাক্তৰজনৰ মংগলময় উপস্থিতিয়ে আপোনাৰ মনলৈ নতুন আশাৰ সঞ্চাৰ কৰিলে৷

অর্থাৎ আপোনাৰ শৰীৰত যিটো আকস্মিক পৰিৱর্তন আহিল তাৰ উৎস হ’ল আপোনাৰ মনটো– যাৰ কোনো শাৰীৰিক অস্তিত্ব নাই৷ মনটোৱে শৰীৰৰ ওপৰত কেনেকৈ ক্রিয়া কৰে সেই কথা বোলে আটাইতকৈ ডাঙৰ চিকিৎসা বিজ্ঞানীসকলেও আজিলৈকে ভালদৰে বুজিব পৰা নাই This effect which is perplexing some of the best brains in medical science)৷

চিকিৎসা বিজ্ঞানীসকলে ঘোষণা কৰিছে যে ৰোগৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ তেওঁলোকে এপাট নতুন শক্তিশালী অস্ত্র আৱিষ্কাৰ কৰিছে৷ সেই অস্ত্রপাট হ’ল আপোনাৰ মনটো৷ তেওঁলোকৰ মতে, বহুতো ৰোগৰ ক্ষেত্রত ঔষধৰ সমানেই বা ঔষধতকৈ বেছিকৈহে মনৰ এই ৰহস্যময় শক্তি কার্যকৰী হ’ব পাৰে৷ ডাক্তৰ খ্রীষ্টিয়ান বার্নার্ডে তেওঁৰAll About Good Health নামৰ কিতাপত এজন ফৰাচী চিকিৎসকৰ কথা উল্লেখ কৰিছে৷ এই বিখ্যাত ফৰাচী চিকিৎসকজনৰ নাম ৷

তেওঁৰ সমগ্র চিকিৎসা পদ্ধতিটোৱেই কেইটামান বিশেষ শব্দৰ পুনৰাবৃত্তি কৰি থকাৰ ওপৰত নির্ভৰ কৰে৷ তেওঁ ৰোগীজনক কয়–‘মই আৰোগ্য লাভ কৰিছোঁ’– এই একেটা বাক্যকে তুমি আৰোগ্য লাভ নকৰালৈকে পুনৰাবৃত্তি কৰি থাকিব লাগিব– তেহেলৈ লাগে সি হাজাৰবাৰেই হওক৷ ডাক্তৰ বার্নার্ডে লিখা মতে, বহুত মানুহে বোলে কেৱল এইটো বাক্যকে (মই আৰোগ্য হ’লোঁ) পুনৰাবৃত্তি কৰি আৰোগ্য লাভ কৰে৷

মনৰ এই ৰহস্যময় শক্তিয়ে কেন্সাৰৰ নিচিনা কঠিন ৰোগকো কেনেকৈ পৰাভূত কৰিব পাৰে তাৰ এটা উদাহৰণ দিওঁ৷ ইংলেণ্ডৰ মানচেষ্টাৰ চহৰৰ কথা৷ দুজন কেন্সাৰ ৰোগী একে সময়তে হাস্পতালত ভর্তি হৈছিল৷ ডাক্তৰে তেওঁলোকক পৰীক্ষা কৰি ঘোষণা কৰিলে যে তেওঁলোক ৬ মাহতকৈ বেছিদিন জীয়াই নাথাকে, তেওঁলোকৰ ক্ষেত্রত চিকিৎসা নিষ্ফল বুলি জানি দুয়োজনকে ঘৰলৈ যাবলৈ দিয়া হ’ল৷

এজন মানুহ ঘৰলৈ গৈয়ে কেন্সাৰৰ কথা মনৰ পৰা দূৰ কৰি তেওঁৰ অবর্তমানত পৰিয়ালটো কেনেকৈ সচ্ছলভাৱে চলিব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ আৰম্ভ কৰিলে৷ পৰিয়ালৰ ভৱিষ্যতৰ চিন্তাত নিমগ্ণ হৈ থাকোঁতেই তেওঁৰ নিজৰ কেন্সাৰৰ কথা সমূলি পাহৰি গ’ল৷ সংসাৰৰ কাম–কাজত ব্যস্ত হৈ থাকোঁতেই ছমাহ পাৰ হৈ গ’ল৷ এবছৰ পাৰ হৈ গ’ল৷ ছবছৰ পাৰ হৈ গ’ল.. .ছমাহত মৰিব লগা মানুহজন ২৬টা বছৰ জীয়াই থাকিল৷

আনজন মানুহ ঘৰলৈ গৈয়ে তেওঁৰ পুত্র–কন্যাসকলক তেওঁৰ অন্ত্যেষ্টিক্রিয়া কেনেকৈ কৰিব লাগিব তাৰ নির্দেশ দিবলৈ ধৰিলে৷ প্রতিটো দিন পাৰ হৈ যোৱাৰ লগে লগে ছমাহ পূৰ হোৱালৈ আৰু কেইদিন বাকী আছে তাৰ হিচাপ কৰাতহে তেওঁ ব্যস্ত হৈ পৰিল৷ কোৱা বাহুল্য মাথোন যে ছমাহমানৰ পিছত মানুহজন সঁচাকৈয়ে মৰি থাকিল৷

সেই একেখন হাস্পতালৰে পেট ছিড নামৰ আন এগৰাকী কেন্সাৰ ৰোগীৰ কথা৷ তেওঁৰ আয়ুস মাত্র এবছৰ আছে বুলি কৈ তেওঁকো ঘৰলৈ যাবলৈ দিয়া হ’ল৷ ঘৰলৈ গৈয়ে তেওঁ মৃত্যুৰ প্রতীক্ষা কৰি থকা কেন্সাৰ ৰোগীসকলক কেনেকৈ সহায় কৰিব পাৰি সেই কথা চিন্তা কৰিবলৈ আৰম্ভ কৰিলে৷

তেওঁ জানে যে শৰীৰত কেন্সাৰ প্রৱেশ কৰাৰ লগে লগে যিমান সোনকালে পৰা যায় ৰোগটো ধৰা পেলাব পাৰিলে কেন্সাৰৰ কবলৰ পৰা ৰোগীজনক মুক্ত কৰাটো সম্ভৱ হ’ব পাৰে৷ পেট ছিডে এই কথা শুনিছে যে আগতীয়াকৈ কেন্সাৰ ধৰা পেলাব পৰা অতি উন্নত যন্ত্র আৱিষৃকত হৈছে৷

কিন্তু তেওঁ নিজে যিখন হাস্পতালত ৰোগী হিচাপে ভর্তি হৈছিল সেইখন হাস্পতালে ধনৰ নাটনিৰ কাৰণে যন্ত্রটো কিনিব পৰা নাই৷ পেট ছিডে যন্ত্রটো কিনিবৰ জোখাৰে ধন সংগ্রহ কৰিবলৈ এটা অভিযান আৰম্ভ কৰিলে৷

তেওঁ সমগ্র ইংলেণ্ড ভ্রমণ কৰি এই যন্ত্রটোৰ উপকাৰিতা আৰু প্রয়োজনীয়তাৰ বিষয়ে বত্তৃণতা দিবলৈ আৰম্ভ কৰিলে৷ এবছৰ পাৰ হ’ল, দুবছৰ পাৰ হ’ল, ছয় মাহত মৰিব লগা মানুহগৰাকীৰ মৰাৰ কোনো লক্ষণেই নাই৷ অৱশেষত তেওঁ বিপুল পৰিমাণৰ ধন সংগ্রহ কৰি সেই যন্ত্রটো কিনি হাস্পতালখনক উপহাৰ দিলে৷ এই কামটো কৰি থাকোঁতেই কেতিয়ানো তেওঁৰ শৰীৰৰ পৰা কেন্সাৰ পলাই ফাট মাৰিলে সেই কথা তেওঁ গমেই নাপালে৷

আপুনি নিজেও কেন্সাৰৰ বিৰুদ্ধে নহ’লেও বহুতো সৰু–সুৰা ৰোগৰ বিৰুদ্ধে মনৰ ৰহস্যময় শক্তিক প্রয়োগ কৰি নিশ্চিতভাৱে সুফল পাব পাৰে৷

You might also like