নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘোচ দিলে বিধায়কেঃ এটা স্বাক্ষৰৰ বাবে কৃষি বিষয়াক ৫০০ টকা ঘোচ বিধায়ক মৃণাল শইকীয়াৰ

  •  খুমটাইৰ বিধায়কৰ ছাডেন ভিজিটত উন্মোচিত গোলাঘাট কৃষি বিষয়াৰ কার্যালয়ৰ দুর্নীতি
  • দ’মে দ’মে গুদামত পৰি থকাৰ পাছতো উৎকোচ নিদিলে কৃষকে নাপায় বীজ

 

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰ : মাত্র এখন ফর্মত এটা স্বাক্ষৰ৷ এই স্বাক্ষৰৰ বাবদ ৫০০ টকা ঘোচ৷ এহবাৰ ঘোচ দিলে বিধায়কে৷ খুমটাহ সমষ্টিৰ বিধায়ক মৃণাল শহকীয়াহ এজন কৃষি বিষয়াক দিলে ৫০০ টকা ঘোচ৷ নিজ হাতেৰে ঘোচৰ ৫০০ টকা বিষয়াগৰাকীৰ পকেটত ভৰাই দিলে বিধায়ক মৃণাল শহকীয়াই৷ লগে লগেহ দুর্নীতিত পোত যোৱা গোলাঘাট কৃষি বিভাগৰ কার্যালয়ত লাগিল হুৱাদুৱা৷

উল্লেখ্য যে গোলাঘাট জিলা কৃষি বিষয়া কার্যালয়ৰ বিএলডব্লিউ হৰেন শহকীয়া নামৰ বিষয়াগৰাকীয়ে এখন কৃষি আঁচনিৰ আবেদনত স্বাক্ষৰ কৰাৰ বাবদ সাধাৰণ কৃষকৰ পৰা উৎকোচ লয় ৫০০ পৰা দুহেজাৰ টকা৷ উৎকোচ নিদিলে পকেটৰ পৰা কলমেই নুলিয়ায় হৰেন শহকীয়াই৷ বিভিন্ন কৃষকৰ অভিযোগৰ ভিত্তিত  বিধায়ক মৃণাল শইকীয়া কার্যালয়টোত উপস্থিত হৈ বিষয়াগৰাকীক ৫০০ টকা ঘোচ দি আবেদনত স্বাক্ষৰ কৰিবলৈ কয়৷ বিষয়াগৰাকীয়ে ৫০০ টকা উৎকোচ লৈ বিধায়কক কয়– মই কেতিয়া উৎকোচ ল’লোঁ৷ এই ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে গোলাঘাটত৷ গোলাঘাট জিলা কৃষি বিভাগৰ কার্যালয়ত সংঘটিত এনে ব্যাপক দুর্নীতি–নিয়মৰ বিষয়ে কৃষিমন্ত্রী অতুল বৰা অৱগত হয় নে নহয় সেয়া এতিয়া ডাঙৰ প্রশ্ন৷ সাধাৰণ কৃষকে এটা চহীৰ বাবে তাঁতবাতি কৰিব লাগে গোলাঘাট কৃষি বিষয়াৰ কার্যালয়লৈ৷ ৫০০ টকা উৎকোচ নিদিলে সাধাৰণ কৃষকৰ কাম নকৰে বিএলডব্লিউএ৷ কার্যালয়টোত চলি থকা এনে দুর্নীতি–নিয়ম নিজ চকুৰে প্রত্যক্ষ কৰাৰ বাবে  গোলাঘাট জিলা কৃষি বিষয়াৰ কার্যালয়ত ছাডেন ভিজিট খুমটাইৰ বিধায়ক মৃণাল শহকীয়াৰ৷ বিনোদ গগৈ নামৰ এজন ব্যক্তিৰ অভিযোগৰ ভিত্তিত গোলাঘাট জিলা কৃষি বিষয়াক জবাবদিহি কৰিলে বিধায়কগৰাকীয়ে৷ গুদামত দ’মে দ’মে বীজ পৰি থকাৰ পাছতো নানা অজুুহাতত কৃষকে নাপায় বীজ৷ সামান্য এটা কামৰ বাবে কৃষকক কৰা হয় হাৰাশাস্তি৷ জিলা কৃষি বিভাগৰ প্রকৃত স্বৰূপ উদঙালে খুমটাহৰ বিধায়ক মৃণাল শহকীয়াই৷ তলা ওলমাই গুদামত দ’মে দ’মে পচিবলৈ থৈ দিয়া হৈছে বীজ৷ বিধায়ক মৃণাল শইকীয়াৰ ছাডেন ভিজিটত কার্যালয়টোত চলি থকা বহু অনিয়ম পোহৰলৈ আহিল৷ জনৈক এম শর্মা নামৰ এজন বিষয়াই কৃষি বিভাগৰ আঁচনি আবণ্টনৰ নামত সোঁৱে–বাঁৱে ধন ঘটাৰ বহু অভিযোগ উত্থাপন হৈ আহিছে৷ সকলোৰে মুখে মুখে দুর্নীতিগ্রস্ত এম শর্মাৰ নাম উচ্চাৰিত হৈ অহাৰ পাছতো একেখন চকীতেই বহি অবাধ দুর্নীতি চলাই গৈছে এম শর্মাই৷

You might also like