নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্নাতকোত্তৰ শিক্ষকেও পাঠদান কৰিব লাগিব ষষ্ঠৰ পৰা দ্বাদশ শ্রেণীলৈ

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰ : নতুন ৰাষ্ট্রীয় শিক্ষা নীতি ৰূপায়ণ কৰিবলৈ ৰাজ্য চৰকাৰে প্রস্তুতি প্রায় সম্পূর্ণ কৰি তুলিছে৷ ইতিমধ্যে বিদ্যালয় একত্রীকৰণকে ধৰি আন বিভিন্ন পদক্ষেপ ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে গ্রহণ কৰিছে৷ ইয়াৰে অংশ হিচাপে বিভাগটোৱে এক নতুন নির্দেশনাৰ জৰিয়তে মাধ্যমিক বিদ্যালয়ত কর্মৰত স্নাতকোত্তৰ শিক্ষকসকলক ষষ্ঠ শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ পাঠদান কৰিবলৈ নির্দেশ দিয়ে৷ বিদ্যালয় শিক্ষা বিভাগৰ সচিব বিজয়া চৌধুৰী স্বাক্ষৰিত এই নির্দেশনা তাৎক্ষণিকভাৱে বলৱৎ হ’ব৷ নির্দেশাটোত উল্লেখ কৰা অনুসৰি ৰাষ্ট্রীয় শিক্ষা নীতি ২০২০ৰ পৰামর্শ আৰু শিক্ষাক্ষেত্র, কার্যালয় স্মাৰক–পত্রৰ নিয়মাৱলীৰ অধীনত ৰাজ্যৰ প্রায়সংখ্যক মাধ্যমিক পর্যায়ৰ বিদ্যালয় চাৰিটা শ্রেণীৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হৈছে৷ তদুপৰি নিম্ন প্রাথমিক, উচ্চ প্রাথমিক, হাইস্কুল আৰু উচতৰ মাধ্যমিক বিদ্যালয়সমূহ আন হাইস্কুল অথবা উচচতৰ মাধ্যমিক বিদ্যালয়ৰ সৈতে একত্রীকৰণ হৈছে৷ যাৰ বাবে বেছিসংখ্যক শিক্ষানুষ্ঠানতে প্রথম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ পাঠদানৰ সুবিধা প্রদান কৰা হৈছে৷ তদুপৰি আন একাংশ বিদ্যালয়ত ষষ্ঠ শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ একেটা চৌহদতে উপলব্ধ হৈছে৷ সেয়েহে সমগ্র বিদ্যালয় শিক্ষা ব্যৱস্থাত প্রতিটো শ্রেণীৰ পাঠদান নিয়মীয়াভাৱে সম্পন্ন কৰিবলৈ এই নতুন নির্দেশনা প্রদান কৰা হৈছে৷ যিহেতু বিদ্যালয়সমূহত যথেষ্ঠসংখ্যক স্নাতকোত্তৰ শিক্ষক নিযুক্ত হৈ আছে আৰু পাঠ্যক্রমসমূহ ৰাষ্ট্রীয় তথা গোলকীয় মানলৈ উন্নীত কৰা হৈছে, সেয়েহে এই স্নাতকোত্তৰ শিক্ষকসকলক ষষ্ঠ শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ পাঠদান কৰিবলৈ বিভাগটোৱে নির্দেশ দিছে৷ সংশ্লিষ্ট মাধ্যমিক বিদ্যালয়সমূহৰ মুৰব্বীক সেইমতে স্নাতকোত্তৰ শিক্ষকসকলক শ্রেণী ভগাই দিবলৈ বিভাগে নির্দেশনা প্রদান কৰিছে৷ পূর্বে উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত কেৱল দুটা শ্রেণীৰহে পাঠদান কৰা হৈছিল৷ একাদশ আৰু দ্বাদশ শ্রেণীৰ স্নাতকোত্তৰ শিক্ষকসকলে পাঠদান কৰি আহিছিল৷ এতিয়াৰ পৰা তেওঁলোক ষষ্ঠ শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ পাঠদান কৰিব লাগিব৷

You might also like