নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ৰাজ্যৰ ছবিঘৰলৈ অসমীয়া চলচ্চিত্র ‘ব্রিজ’

নিয়মীয়া বাৰ্তা, ৩০ছেপ্টেম্বৰঃ ৰাষ্ট্রীয় বঁটাপ্রাপ্ত ‘ব্রিজ’ আজি ছবিঘৰত শুভ মুক্তি লাভ কৰিব৷ একে সময়তে আজি সন্ধিয়া দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্রপতিয়ে প্রদান কৰিব ‘ৰজত কমল’ বঁটা৷ ইতিমধ্যে পৰিচালক কৃপাল কলিতা আৰু এগৰাকী প্রযোজক সবিতা দেৱী দিল্লীত বঁটা গ্রহণৰ বাবে উপস্থিত হৈছে৷

উল্লেখ্য যে ‘ব্রিজ’ চিনেমাখনে ইতিমধ্যে দেশে–বিদেশে বিভিন্ন সন্মানীয় চলচ্চিত্র মহোৎসৱৰ লগতে দর্শক– সমালোচকৰ পৰা ভূয়সী প্রশংসা লাভ কৰিছে৷ তদুপৰি ছবিখনে কেইবাটাও আন্তঃৰাষ্ট্রীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷ ৫১সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্রীয় চলচ্চিত্র ছবি মহোৎসৱত দেশৰ পৰা পুৰস্কাৰ লাভ কৰা একমাত্র ভাৰতীয় ছবি হৈছে ‘ব্রিজ৷’ ৰাছিয়াৰ অলিম্পিক চহৰ চ’চিত অনুষ্ঠিত ৰাছিয়ান–ব্রিটিছ চ’চি আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত পৰিচালক কৃপাল কলিতাই শ্রেষ্ঠ নৱাগত পৰিচালকৰ সন্মান আৰু চিনেমাখনৰ মূল অভিনেত্রী শিৱা ৰাণী কলিতাই শ্রেষ্ঠ অভিনেত্রীৰ সন্মান লাভ কৰে৷

উল্লেখ্য যে ভাৰতৰ পৰা অস্কাৰৰ প্রথম দৌৰত ‘ব্রিজ’ অৱতীর্ণ হৈছিল৷ ৰমা কুমাৰ দাস আৰু সবিতা দেৱী প্রযোজিত ব্রিজ ইতিমধ্যে ৪৬খনতকৈও অধিক আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসত প্রদর্শিত হৈছে৷ ‘ব্রিজ’ৰ কাহিনী, চিত্রনাট্য আৰু সংলাপ পৰিচালক কৃপাল কলিতাৰ৷ ৰমেন ৰাভাই চিত্রগ্রহণ কৰা ব্রিজৰ সম্পাদনা কিশোৰ ডেকাৰ৷ প্রযোজনা নিয়ন্ত্রক ৰোহিণী কুমাৰ ডেকা৷ কলা নির্দেশক দীপেন চুতীয়া৷ চিংক ছাউণ্ড মাধৱ দাস আৰু গুণজিৎ শর্মাৰ৷ ছাউণ্ড ডিজাইন আৰু মিক্সিং অমৃত প্রীতমৰ৷ কলা নির্দেশনা দীপেন চুতীয়া৷ ব্রিজৰ মূল চৰিত্রটোত অভিনয় কৰিছে শিৱা ৰাণী কলিতাই৷ আনহাতে, অনিন্দিতা দাস, গোপমণি গগৈ, পার্থ প্রতিম বৰা, স্বপ্ণীল নাথ, ভূপেন শর্মা, সুৰেন মহন্ত, ৰীণা বৰা, ৰোহিণী কুমাৰ ডেকা, দীপেন চুতীয়া, ধনজিৎ শর্মা, শশীন্দ্র ভূঞা, বিশ্বনাথ বিশ্বাস ,ৰাজু ভৰালী আদি শিল্পীয়ে কেইটামান গুৰুত্বপূর্ণ চৰিত্রত ‘ব্রিজ’ত অভিনয় কৰিছে৷ সহকাৰী পৰিচালকদ্বয় প্রিয়াঞ্চ কাশ্যপ আৰু প্রাঞ্জল সন্দিকৈ৷

You might also like