নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাখীৰ কিনিবলৈ ধন নাই যমজ শিশুক হত্যা মাতৃৰ

নিয়মীয়া বাৰ্তা, ৩০ছেপ্টেম্বৰঃ নিজৰ সদ্যোজাত যমজ শিশুক ডিঙি চেপি হত্যা কৰিছে মাতৃয়ে৷ এই মর্মান্তিক ঘটনাৰ সাক্ষী হ’বলগীয়া হৈছে মধ্যপ্রদেশৰ ভূপাল৷ প্রথমতে অভিযুক্ত মহিলাই দুই সন্তান নিখোঁজ হোৱা বুলি আৰক্ষীক জনাইছিল৷ কিন্তু শেষত জেৰাত নিজৰ অপৰাধ স্বীকাৰ কৰে মহিলাগৰাকীয়ে৷ ঘৰৰ ওচৰৰ জংঘলৰ পৰা দুয়োটা নৱজাতকৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে৷ ১৬দিনীয়া এই নৱজাতক দুটাৰ বাবে গাখীৰ কিনিবলৈ পইচা নথকাৰ বাবে মাতৃয়ে অতি নৃশংসভাৱে দুয়োটা নৱজাতকক হত্যা কৰে৷

You might also like