নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত নতুন বদন কোন, ৰাইজে চিনি পাব লাগিব : মন্ত্ৰী পীয়ূষ হাজৰিকা

🔹 ‘মুছলমান ভোটাৰ থকা সমষ্টিত কংগ্ৰেছৰ মাজত খোৱা-কামোৰা হয়’

🔹 বিধায়ক জিতু গোস্বামীৰ সৈতে বাইক ৰেলীত অংশগ্ৰহণ মন্ত্ৰী হাজৰিকাৰ

নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰ : অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই আজি নগাঁও জিলাৰ পুৰণিগুদাম গড়মূৰত উপস্থিত হয়। বঢ়মপুৰ সমষ্টিৰ বিভিন্ন প্ৰান্তত এলানি কাৰ্যসূচী লৈ আজি পুৱাৰ ভাগত পুৰণিগুদামত উপস্থিত হোৱা মন্ত্ৰী হাজৰিকাই কলিয়াবৰ জিলা সমিতিৰ কাৰ্যালয় মুকলি কৰে। বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ আমন্ত্ৰণক্ৰমে বঢ়মপুৰ সমষ্টিৰ পুৰণিগুদামত উপস্থিত হৈ সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয়- ৰাজনৈতিক ক্ষেত্ৰখনত ৰাজ্যৰ ভিতৰতে বঢ়মপুৰ সমষ্টিটো এটা উল্লেখযোগ্য সমষ্টি। এই সমষ্টিৰ উন্নয়ন ত্বৰান্বিত কৰিছে বিধায়ক জিতু গোস্বামীয়ে। কলিয়াবৰ জিলা সমিতিৰ অস্থায়ী কাৰ্যালয় মুকলি কৰি দলৰ কাম-কাজ সুচাৰুৰূপে চলাবৰ বাবে পদক্ষেপ লোৱাৰ সময়ত মন্ত্ৰীগৰাকী উপস্থিত হৈ অহা ডেৰ বছৰৰ ভিতৰত কলিয়াবৰ জিলা সমিতিৰ এটা স্থায়ী কাৰ্যালয় হ’ব বুলি উল্লেখ কৰে।সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয়- অসমত এতিয়া বদন কোন ? যিসকলে অসমখন ম্যানমাৰৰ অধীনৰ বুলি কপিল ছিবালক ক’বৰ বাবে লগ ধৰিছিল, এতিয়া সেইসকলেই অসমৰ বাবে নতুন বদন। সেইসকলক আমি চিনি পাব লাগিব বুলি মত প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অসমলৈ বদনে মান আনি অসমীয়া ৰাইজক কষ্ট দিছিল। এতিয়া অসমৰ ৰাইজে নতুন বদনসকলক চিনি পোৱা উচিত । ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে আৰু কয়- এইক্ষেত্ৰত ফটোৱে কথা কৈছে। ফটোত দেখা গৈছে ৰকিবুল হুছেইন, ভূপেন বৰা, দেৱব্ৰত শইকীয়া, লুৰিণজ্যোতি গগৈ, অখিল গগৈ- এইসকলেই এতিয়া মিছা প্ৰচাৰ কৰি নতুন বদন সৃষ্টি হ’ল। ইফালে, কংগ্ৰেছ দলক সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয়- কংগ্ৰেছে এতিয়া টিকটৰ নামত এক লাখকৈ টকা লৈছে। সেই কাৰণে কংগ্ৰেছৰ নেতৃত্বই যোৱা তিনি ডিচেম্বৰত চাৰিখন ৰাজ্যৰ নিৰ্বাচনত ভাল ফলাফল দেখুৱাব বুলি দাবী কৰি আহিছিল, যাতে আগন্তুক নিৰ্বাচনত টিকট বিচৰা প্ৰাৰ্থীৰ সংখ্যা বৃদ্ধি হয় আৰু টকা সংগ্ৰহ যাতে বেছি হয়। কংগ্ৰেছে কোৱা নাছিল যে টিকট নাপালে ধন ঘূৰাই দিয়া হ’ব। কিন্তু কংগ্ৰেছৰ মনৰ আশা মনতে থাকিল। ফুলাই থকা বেলুনৰ পাম গ’ল। কংগ্ৰেছে জিলা সভাপতি, মণ্ডল সভাপতি নিৰ্বাচনৰ বাবেও টকা খায়। ইফালে, সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে নগাঁও লোকসভা আসনখনৰ কাৰণে কংগ্ৰেছৰ মাজত খোৱা-কামোৰা হৈছে। য’তেই মুছলমান ভোটাৰ থাকে, তাতেই কংগ্ৰেছৰ খোৱা-কামোৰা হয়। নগাঁও লোকসভা সমষ্টিত ধিং, লাহৰীঘাট, ৰূপহীৰ দৰে সমষ্টি থকাৰ বাবেই কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈৰ মাজত খোৱা-কামোৰা হৈছে। গুৱাহাটী, তেজপুৰ, কাজিৰঙা সমষ্টিৰ বাবে খোৱা-কামোৰা হোৱা নাই। গৌৰৱ গগৈৰ কাজিৰঙা লোকসভা সমষ্টিত নিৰ্বাচন খেলিবলৈ সাহস নাই বুলি মন্তব্য কৰে।

সমষ্টিটোত কেইবালানিও কাৰ্যসূচী হাতত লৈ পুৰণিগুদামত উপস্থিত হোৱা মন্ত্ৰীগৰাকীয়ে আন এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ বিধায়ক জিতু গোস্বামীক লগত লৈ বাইক চলাই বঢ়মপুৰত উপস্থিত হয়। পুৰণিগুদামৰ পৰা এক বিশাল ৰেলীৰে আহি বঢ়মপুৰত উপস্থিত হৈ বঢ়মপুৰ শ্বহীদ ভৱনৰ নৱনিৰ্মিত ভৱনটোৰ শুভ উদ্বোধন কৰাৰ লগতে শ্বহীদ বলো সূত, ঠগী সূত, লক্ষী হাজৰিকা আৰু ভোগেশ্বৰী ফুকননীৰ স্মৃতিত শ্বহীদ ভৱনৰ কাষতে নিৰ্মাণ কৰা শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰাৰ লগতে পুষ্পাঞ্জলি অৰ্পণ কৰে মন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছতে শ্বহীদ ভৱনতে এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই। বিধায়ক জিতু গোস্বামীৰ উপৰি সুৰেশ বৰা আৰু দলৰ বিভিন্ন নেতা-কৰ্মীৰ উপস্থিতিত চাৰি শ্বহীদক সোঁৱৰণ কৰি ভাষণ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছতে পুনৰ বিধায়ক জিতু গোস্বামীক বাইকত বহুৱাই সমষ্টিটোৰ অধীনৰ বামুনীৰ এক কাৰ্যসূচীলৈ ৰাওনা হয় মন্ত্ৰীগৰাকী। বিভিন্ন লোকসংস্কৃতিৰ নৃত্য-গীতৰ এক বিশাল ৰেলীৰে মন্ত্ৰীগৰাকীক বামুনীবাসীয়ে আদৰণি জনায়। বামুনীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে বামুনী মণ্ডল বিজেপিৰ কাৰ্যালয়ৰ নৱনিৰ্মিত ভৱনৰ শুভ উদ্বোধন কৰে। ভৱনটোৰ শুভ উদ্বোধন কৰি এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। কলিয়াবৰ জিলা বিজেপিৰ সভাপতি বাবুল বৰাই আঁত ধৰা সভাত মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰদান কৰি বিভিন্ন চৰকাৰী আঁচনিৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুখীয়া ৰাইজক উপকৃত কৰাৰ বিষয়ে অৱগত কৰে। ইয়াৰ পিছতে মন্ত্ৰীগৰাকী সমষ্টিটোৰ অধীনৰ কঠীয়াতলীত অনুষ্ঠিত হ’ব লগা চৰকাৰী আঁচনি, খেলপথাৰ, কঠীয়াতলী উন্নয়ন খণ্ড কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখন সভাত অংশগ্ৰহণ কৰাৰ পিছতেই এক বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে। আজি মন্ত্ৰীগৰাকী বঢ়মপুৰত উপস্থিত হৈ বিভিন্ন সভা, বাইক ৰেলীত নিজে বাইক চলাই সমষ্টিবাসীৰ দৃষ্টি আকৰ্ষণ কৰে। মন্ত্ৰীগৰাকীৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভা, বাইক ৰেলীয়ে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰভাৱ পেলাব বুলি সমষ্টিবাসীয়ে মন্তব্য কৰে। আজি বামুনীত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাৰ পিছতে বঢ়মপুৰ সমষ্টিৰ পুৰণিগুদাম, বামুনী আৰু কামপুৰ মণ্ডল বিজেপিৰ সভাপতিক তিনিখনকৈ নতুন বলেৰ’ গাড়ী মন্ত্ৰীগৰাকীয়ে প্ৰদান কৰাৰ লগতে বঢ়মপুৰ শ্বহীদ ভৱনত অনুষ্ঠিত হোৱা সভাত বঢ়মপুৰ সমবায় সমিতিৰ মাটিত নিৰ্মাণ হোৱা তিনিখনকৈ দোকানৰ চাবি তিনিগৰাকী নিবনুৱাক মন্ত্ৰীগৰাকীয়ে প্ৰদান কৰে।

প্ৰেৰক প্ৰমোদ শৰ্মা

You might also like