নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্য চৰকাৰৰ আনুষ্ঠানিক জাননী জাৰি

বিটিএডি হ’ল বিটিআৰ

নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ  বড়ো শান্তি চুক্তি অনুসৰি ৰাজ্য চৰকাৰে সোমবাৰে আনুষ্ঠানিকভাৱে বিটিএডি (বড়ো টেৰিট’ৰিয়েল এৰিয়া ডিষ্ট্রিক্ট)ৰ নাম বিটিআৰ (বড়ো টেৰিট’ৰিয়েল ৰিজন)লৈ সলনি কৰিলে এই সন্দর্ভত আজি ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণীৰ কল্যাণ বিভাগৰ আয়ুক্ত সচিব এম অংগমুথুৱে আনুষ্ঠানিক জাননী জাৰি কৰে৷ উল্লেখ্য যে যোৱা ২৭ জানুৱাৰীত নতুন দিল্লীত স্বাক্ষৰিত হোৱা বড়ো চুক্তি অনুসৰি বিটিএডিক বিটিআৰলৈ সলনি কৰাৰ বাবে ইতিমধ্যে ৰাজ্যপাল জগদীশ মুখীয়ে আনুষ্ঠানিক অনুমোদন জনাইছিল৷ বিটিআৰৰ আনুষ্ঠানিক জাননী জাৰিৰ সমান্তৰালকৈ বড়ো শান্তি চুক্তি ৰূপায়ণৰ বাবে গঠন কৰা হ’ল আয়োগ৷ অৱসৰপ্রাপ্ত অতিৰিক্ত মুখ্য সচিব পি পি বার্মাৰ নেতৃত্বত গঠন হ’ব লগা এই কমিটীয়ে বিটিআৰৰ সীমা নির্ধাৰণৰ লগতে আসন বৃদ্ধি সন্দর্ভতো ৰাজ্য চৰকাৰক পৰামর্শ দিব৷ পি পি বার্মাৰ লগতে এই আয়োগত সদস্য হিচাপে থাকিব বিটিচিৰ মুখ্য প্রশাসক ৰাজেশ প্রসাদ, এবছুৰ উপ–সভাপতি জয়ন্ত বসুমতাৰী, অবড়ো সম্প্রদায়ৰ প্রতিনিধি হিচাপে ওদালগুৰিৰ ডালিম বায়ন আৰু ৰাজ্যৰ গৃহ, ৰাজনৈতিক বিভাগৰ যুটীয়া সচিবগৰাকী৷ গঠন হোৱা এই আয়োগে বিটিআৰৰ সীমাৰ বাহিৰত থকা বড়ো অধ্যুষিত গাঁওসমূহ বিটিআৰত অন্তর্ভুক্ত কৰাৰ ক্ষেত্রত আৰু বিটিআৰৰ ভিতৰত থকা সীমামূৰীয়া অবড়ো গাঁওসমূহ বিটিআৰৰ সীমাৰ বাহিৰলৈ অনাৰ ক্ষেত্রত সিদ্ধান্ত গ্রহণ কৰিব৷ বড়ো চুক্তি ৰূপায়ণৰ ক্ষেত্রত ৰাজ্য চৰকাৰে সোমবাৰে আনুষ্ঠানিকভাৱে গ্রহণ কৰা এই সিদ্ধান্তৰ সবিশেষ বিত্ত, স্বাস্থমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটযোগে প্রকাশ কৰিছে৷

You might also like