নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্ধাৰিত সময়সূচী অনুসৰিয়েই পৰীক্ষা পাতিব ইউপিএছচিয়ে

নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ  ইউ পি এছ চি অসামৰিক সেৱা পৰীক্ষা নির্ধাৰিত সূচী অনুসৰি ৪ অক্টোবৰতেই অনুষ্ঠিত হ’ব৷ এই পৰীক্ষা ক’ভিড–১৯ সংকটৰ বাবে পিছুৱাব পৰা নাযাব বুলি আজি ইউ পি এছ চিৰ তৰফৰ পৰা উচ্চতম ন্যায়ালয়ক জনাই দিয়া হৈছে৷ উল্লেখনীয় যে শীর্ষ আদালতখনত ইউ পি এছ চিত অৱতীর্ণ হ’বলগীয়া কেইবাগৰাকীও পৰীক্ষার্থীয়ে এই পৰীক্ষা পিছুৱাব লাগে বুলি আবেদন জনাইছিল৷ এই আবেদনৰ শুনানি গ্রহণ কৰিছিল উচ্চতম ন্যায়ালয়ে৷ কিন্তু ইউ পি এছ চিয়ে আজি শুনানি গ্রহণৰ সময়ত স্পষ্ট কৰি দিছে যে অসামৰিক সেৱাৰ এই পৰীক্ষা পিছুৱাই দিয়াটো কোনো কাৰণতে সম্ভৱ নহয়৷ শীর্ষ আদালতখনৰ ন্যায়াধীশ এ এম খানৱিলকাৰৰ বিচাৰপীঠে এই সনর্ভত ইউ পি এছ চিক কাইলৈৰ ভিতৰত এক শপতনামা দাখিল কৰাৰ নির্দেশ দিছিল৷

You might also like