নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইমছৰ চিকিৎসকে দাখিল কৰিলে মৰণোত্তৰ প্রতিবেদন

শীঘ্রে সুশান্ত সিং ৰাজপুতৰ মৃত্যু ৰহস্য উদ্ঘাটনৰ সম্ভাৱনা

নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ   অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ৰহস্য শীঘ্রেই পোহৰলৈ অহাৰ ইংগিত দিছে চি বি আয়ে৷ অভিনেতা সুশান্তৰ ৰহস্যজনক মৃত্যুৰ লগত জড়িত ড্রাগছ গোচৰত বলীউডৰ অভিনেত্রী দীপিকা পাডুকনসহ চাৰি অভিনেত্রীক এন চি বিয়ে জেৰা কৰাৰ সমান্তৰালকৈ চি বি আয়েও গোচৰটোৰ তদন্ত চলাই আছে৷ এন চি বিয়ে ড্রাগছ গোচৰৰ তদন্ত ক্ষিপ্রতৰ কৰি তুলিলেও অভিনেতা সুশান্তৰ পৰিয়ালৰ অধিবক্তাই চি বি আয়ে গোচৰটোৰ তদন্ত বিলম্ব কৰা বুলি অভিযোগ উত্থাপন কৰাৰ সময়তে আজি চি বি আয়ে বিবৃতিযোগে গোচৰটোৰ তদন্ত অব্যাহত আছে বুলি উল্লেখ কৰি কয় যে সুশান্ত সিং ৰাজপুতৰ মৃত্যু সম্পর্কীয় পেছাগত অনুসন্ধান চি বি আয়ে চলাই আছে৷ এইক্ষেত্রত সকলো সম্ভাৱনাক পুংখানুপুংখভাৱে অনুসন্ধান চলাই থকা হৈছে আৰু কেতিয়ালৈ এই সম্ভাৱনা প্রকাশ পাব, সেই সন্দর্ভত তাৰিখ নির্ধাৰণ কৰিব নোৱাৰি৷ আনপিনে সোমবাৰে চি বি আইৰ মুখ্য কার্যালয়ত এইমছৰ চিকিৎসকৰ দল আৰু চেণ্ড্রেল ফৰেনছিক ছায়েন্স লেবৰেটৰীৰ (চি এফ এছ এল) দল এটা উপস্থিত হৈ চি বি আইৰ বিষয়াৰ সৈতে আলোচনাত মিলিত হয়৷ নতুন দিল্লীৰ কার্যালয়ত দিনৰ ১১ বজাত উপস্থিত হোৱা দলটোৱে ২ ঘণ্টাতকৈও অধিক সময় আলোচনাত মিলিত হোৱাৰ সময়ত অভিনেতা সুশান্তৰ মৃত্যুৰ মৰণোত্তৰ প্রতিবেদন দাখিল কৰে চি বি আইক৷ এইমছৰ চিকিৎসক আৰু চি এফ এছ এলৰ প্রতিবেদন পর্যালোচনা কৰাৰ অন্ততহে চি বি আয়ে সিদ্ধান্তত উপনীত হ’ব৷

উল্লেখ্য যে যোৱা ১৪ জুনত মুম্বাইৰ বান্দ্রাস্থিত বাসগৃহত অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুক লৈ উচ্চতম ন্যায়ালয়ে আগষ্ট মাহত তদন্তৰ দায়িত্ব অর্পণ কৰিছিল চি বি আইক৷ চি বি আয়ে গোচৰৰ তদন্ত চমজি লোৱাৰ পাছতে এইমছৰ চিকিৎসকক মৰণোত্তৰ প্রতিবেদন প্রস্তুত কৰা কুপাৰ হাস্পতাললৈ নিয়ে আৰু অভিনেতাজনৰ মৰণোত্তৰ প্রতিবেদন সন্দর্ভত এইমছৰ চিকিৎসকে নিজৰ স্থিতি প্রকাশেৰে প্রতিবেদন দাখিলৰ নির্দেশ দিয়ে৷ চি বি আয়ে এইমছৰ চিকিৎসকৰ দল আৰু চি এফ এছ এলৰ বিশেষজ্ঞৰ সহায়ত অভিনেতা সুশান্তৰ মৃত্যুৰ ঘটনাটো পুনৰ নির্মাণ কৰিছিল৷ ইয়াৰ পাছত এইমছৰ চিকিৎসক আৰু চি এফ এছ এলৰ বিশেষজ্ঞই প্রস্তুত কৰা সুশান্তৰ মৰণোত্তৰ প্রতিবেদন প্রস্তুত কৰি সোমবাৰে চি বি আইক আনুষ্ঠানিকভাৱে অর্পণ কৰে৷ এই প্রতিবেদনতে ওলাই পৰিব অভিনেতা সুশান্তৰ ৰহস্যজনক মৃত্যুৰ ভেদ৷ অভিনেতা সুশান্তই আত্মহনন কৰিছিল নে সুশান্তক হত্যা কৰা হৈছিল, তাৰ ৰহস্য শীঘ্রেই চি বি আয়ে প্রকাশ কৰিব৷ চি বি আইৰ সূত্রত প্রকাশ পোৱা মতে, শীঘ্রেই সুশান্ত সিং ৰাজপুতৰ মৃত্যু ৰহস্য পোহৰলৈ আহিব৷

You might also like