নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘঁৰিয়ালৰ দৰে হাগ্রামাই গো–গ্রাসে গিলি থয় উন্নয়নৰ পুঁজিৰ ধন

শ্রীৰামপুৰ–বাগানপা আক্রমণাত্মক ড০ হিমন্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ বিটিচি নির্বাচনৰ প্রথম পর্যায়ৰ ভোটগ্রহণলৈ আঠটা দিন বাকী থকা অৱস্থাত প্রচাৰ অভিযান তুংগত উঠিছে৷ শনিবাৰে নির্বাচনী প্রচাৰ অভিযান চলাই ৰাজ্যৰ বিত্ত–স্বাস্থ্য–শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা পুনৰ সৰৱ হৈ উঠে হাগ্রামা মহিলাৰীৰ বিৰুদ্ধে৷ মন্ত্রী ড০ শর্মাই ভাষণত হাগ্রামা মহিলাৰীক এবাৰ সিংহ আৰু এবাৰ ঘঁৰিয়ালৰ লগত তুলনা কৰে৷ বিটিচিৰ ৩ নম্বৰ শ্রীৰামপুৰ সমষ্টিৰ নির্দলীয় প্রার্থী সঞ্জীৱ দত্তৰ সমর্থনত মৰনৈ চাহ বাগিচাৰ খেলপথাৰত আয়োজিত এখন সভাত মন্ত্রী ড০ শর্মাই কয়– ‘দিল্লী–দিছপুৰৰ পৰা বিটিচিৰ উন্নয়নৰ বাবে আবণ্টন কৰা টকাৰ সৰহভাগ কোকৰাঝাৰত হাগ্রামা নামৰ ‘সিংহ’ই গো–গ্রাসে গিলি খায়৷ ৰাইজৰ বাবে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনি বিটিচিত সঠিকভাৱে ৰূপায়ণ হোৱা নাই৷ কাৰণ দিল্লীত মোদী আৰু দিছপুৰত মোদী থকাৰ বিপৰীতে কোকৰাঝাৰত আছে হাগ্রামা৷ দিল্লী–দিছপুৰৰ পৰা অহা টকা–পইচা হাগ্রামাই ঘঁৰিয়ালৰ দৰে খাই পেলায়৷ ফলত অসমত যি হাৰত উন্নয়ন হৈছে, বিটিচিত হোৱা নাই৷ হাগ্রামাৰ ভি চি ডি চিৰ সভাপতিসকল টকা খাই খাই হাতীৰ নিচিনা হৈছে৷ বিজেপি চৰকাৰ গঠন কৰিলে ভি চি ডি চিসমূহক ব্রহ্মপুত্রত দলিয়াই পেলোৱা হ’ব৷ৰাইজে যদি উন্নয়ন বিচাৰে দিল্লী–দিছপুৰৰ নিচিনাকৈ কোকৰাঝাৰতো মোদীৰ শাসন আনিব লাগিব বুলি ৰাইজক উদ্দেশি কয় ড০ শর্মাই৷ চাহ বাগিচাৰ শ্রমিকসকলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে তেওঁ প্রতিশ্রুতিৰ বন্যা বোৱাই দি ভাষণত আৰু কয়– মৰনৈ চাহ বাগিচাত এখন উচ্চতৰ মাধ্যমিক স্কুল, শ্রীৰামপুৰ সমষ্টিত এখন কলেজ আৰু চিকিৎসালয় স্থাপন কৰা হ’ব৷ পাছত উক্ত সমষ্টিৰ কংগ্রেছ প্রার্থী সজল কুমাৰ সিংহক লক্ষ্য কৰি তেওঁ কয়– ‘শুনিছেছা সজল সিংহই ৰাইজক বহু টকা–পইচা দি আছে৷ তেওঁ যদি পইচা দিছে, পইচাটো খাই দিয়ক, কিন্তু ভোট আমাৰ সমর্থিত প্রার্থীকে দিব৷’ আজিৰ সভাত যুদ্ধবিৰত আদিবাসী বিদ্রোহী সংগঠনসমূহৰ কেইবাজনো নেতা মন্ত্রীজনৰ সৈতে মঞ্চত উপস্থিত থাকে৷ মন্ত্রী ড০ শর্মাই তেওঁলোকক উদ্দেশি আকৌ কয়– আদিবাসীৰ একাধিক বিদ্রোহী সংগঠনে দীর্ঘদিনৰ পৰা চৰকাৰৰ লগত শান্তি আলোচনা অব্যাহত ৰাখিছে যদিও ইমানদিনে আদিবাসীসকলৰ কোনো চুক্তি স্বাক্ষৰিত নহ’ল৷ যি সময়ত বড়ো বিদ্রোহী সংগঠনৰ লগত ইতিমধ্যে তিনিখনকৈ শান্তি চুক্তি স্বাক্ষৰিত হ’ল, তেনে সময়ত আদিবাসী বিদ্রোহী সংগঠনসমূহৰ লগত আজিলৈকে এখনো চুক্তি নোহোৱাটো দুর্ভাগ্যজনক৷ তেওঁ কয় যে বিটিচি নির্বাচনৰ পাছত বিজেপিৰ চৰকাৰ হ’ব আৰু আদিবাসী বিদ্রোহী সংগঠনসমূহৰ যাৱতীয় সমস্যাৰ সমাধান কৰা হ’ব৷ এই প্রতিশ্রুতি প্রদান কৰি আদিবাসী বিদ্রোহী সংগঠন ক্রমে আকমা, আপা, নাছলা আৰু এছ টি এফৰ নেতাসকলক বিজেপিৰ হৈ কাম কৰাৰ বাবে মন্ত্রী ড০ শর্মাই মুকলিকৈ আহ্বান জনায়৷ উক্ত সভাত বি পি এফ এৰি সদ্যবিজেপিত যোগদান কৰা ৰাজ্যসভাৰ প্রাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ভাষণ প্রসংগত তেওঁৰ প্রাক্তন সংগী হাগ্রামা মহিলাৰী তথা বি পি এফ দলৰ সমালোচনাত মুখৰ হৈ তেওঁ কয়– বি পি এফ দলত বর্তমানে কোনো নীতি–আদর্শ নাই৷ সেই দলটোত থাকি ৰাইজৰ সেৱা কৰাটো অসম্ভৱ৷ বিজেপিলৈ আহি তেওঁ ৰাইজৰ সেৱা কৰিব বুলি প্রতিশ্রুতি দিয়ে৷ বিজেপিৰ কোকৰাঝাৰ জিলা সভাপতি দেৱৰাজ পালে আঁত ধৰা সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে বি পি এফ, কংগ্রেছ আৰু এ আই ইউ ডি এফক ক্ষুৰধাৰ সমালোচনা কৰে৷ শ্রীৰামপুৰ সমষ্টিৰ বিজেপি সমর্থিত নির্দলীয় প্রার্থী সঞ্জীৱ দত্তক বিপুল ভোটত বিজয়ী কৰাবলৈ ৰাইজক তেওঁ অনুৰোধ কৰে৷ আজিৰ সভাত সদৌ বিটিচি বেংগলী যুৱ–ছাত্র ফেডাৰেচনৰ প্রাক্তন সভাপতি সঞ্জীৱ সাহাৰ নেতৃত্বত ফেডাৰেচনৰ প্রায় ২০গৰাকী প্রাক্তন নেতাই বিজেপিত যোগদান কৰে৷
বিটিচি হাগ্রামাৰ পৈতৃক সম্পত্তি নহয়ঃ ড০ শর্মা
আজি বাগানপাৰা পৰিষদীয় সমষ্টিৰ বাগানপাৰাত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা উপস্থিত থাকে বিজেপি প্রার্থী আৰতি বৰদলৈৰ নির্বাচনী সভাত৷ সভাত ড০ শর্মাই উদাত্ত ভাষণেৰে বিটিচি হাগ্রামাৰ পৈতৃক সম্পত্তি নহয় বুলি দোহাৰি ইয়াত কেৱল বি পি এফৰ ৰাজত্ব চলি নাথাকিব বুলি কয়৷ ইয়াত বসবাস কৰা সকলো জাতি–জনজাতিৰ সম–উন্নয়ন, সম–ধিকাৰ থাকিব লাগিব বুলি কয় মন্ত্রীজনে৷ বছৰ বছৰ ধৰি মইমতালি কৰি একপক্ষীয় শাসন চলোৱা হাগ্রামাৰ দাদাগিৰি এইবাৰ শেষ হ’ব লাগিব বুলি উল্লেখ কৰি তেওঁ কয়– পর্বতসম দুর্নীতি কৰি ৰজা হোৱা হাগ্রামাই মোক লৈ প্রশ্ণ কৰাৰ প্রয়োজন নাই৷ কিয়নো হাগ্রামাই বুজি পাওক অসমত হাগ্রামাক ক’ব পৰা কোনোবা মানুহ আছে৷ অহা ১৫ ডিচেম্বৰৰ পাছত হাগ্রামাই গেলাৰীত বহি নাটক চাব লাগিব বুলিও তেওঁ কটাক্ষ কৰে৷ বর্তমান দেশত নৰেন্দ্র মোদীৰ চৰকাৰ চলি আছে৷ এই সময়ত কোনো ব্যক্তিৰ দাদাগিৰি নচলিব৷ এই বিটিচি অসমৰ, এই বিটিচি ভাৰতৰ৷ গতিকে ইয়াত হাগ্রামাৰ আইন নচলে, চলিব দেশৰ আইন৷ সহস্রাধিক লোক উপস্থিত থকা নির্বাচনী সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস উপস্থিত থাকি বি টি আৰ চুক্তিয়ে ডিভাইড আছাম ৫০–৫০ৰ দাবীৰ অৱসান ঘটাই একেলগে শান্তিৰে বসবাস কৰাৰ নতুন দিনৰ উন্মোচন কৰা বুলি মন্তব্য কৰে৷ সভাত প্রাক্তন মন্ত্রী ৰেখাৰাণী দাস বডো, প্রাক্তন বি পি এফ সাংসদ বিশ্বজিৎ দৈমাৰী আদি উপস্থিত থাকে৷ আনহাতে, সভাৰ অন্তত বিশ্বজিৎ দৈমাৰীয়ে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কোকৰাঝাৰত হাগ্রামা মহিলাৰীয়ে দুর্নীতিৰ বজাৰ পাতিছে বুলি উল্লেখ কৰে৷ হাগ্রামাই সোঁৱে–বাঁৱে সম্পত্তি কৰি সেইবোৰৰ হিচাপত ব্যস্ত থাকে বুলিও জানিবলৈ দি তেওঁ কেনেকৈ ৰাইজৰ সেৱক হ’ব বুলিও প্রশ্ণ কৰে৷ তেওঁ ১৯৯৯ চনত নিযুক্তি পোৱা শিক্ষকসকলৰ চাকৰি হাগ্রামা আৰু চন্দন ব্রহ্মৰ বাবে নিয়মীয়া নোহোৱা বুলিও অভিযোগ উত্থাপন কৰিছে৷ এইবাৰ বিজেপি চৰকাৰ গঠন কৰি হাগ্রামাৰ অপশাসনৰ অন্ত পৰিব বুলি কয় বিশ্বজিৎ দৈমাৰীয়ে৷
নাগ্রীজুলি পৰিষদীয় সমষ্টিত ড০ শর্মাৰ বিশাল নির্বাচনী সভা
বিগত পোন্ধৰ বছৰে হাগ্রামা মহিলাৰীয়ে বিটিচিবাসীক কেৱল শোষণ কৰিলে৷ পোন্ধৰ বছৰে পিছুৱাই থোৱা হ’ল বিটিচিবাসীক৷ এতিয়া আৰু নহ’ব৷ নাঙল এতিয়া মিউজিয়ামত থ’ব লাগিব৷ সূর্যৰ পোহৰ নাথাকিলে চন্দ্রই পোহৰ নাপায়৷ সূর্যই এইবাৰ সিদ্ধান্ত লৈছে যে চন্দ্রই আৰু পোহৰ নাপায়৷ সূর্যই এইবাৰ বিটিচিবাসীক নিজাকৈ পোহৰ বিলাব৷ –এই ভাষ্য অসমৰ শিক্ষা, স্বাস্থ্য তথা বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ আজি তামুলপুৰ মহকুমাৰ অধীনস্থ ২৭নং নাগ্রীজুলি পৰিষদীয় সমষ্টিৰ দলীয় প্রার্থী ধর্মনাৰায়ণ দাসৰ নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰি নেডাৰ আহ্বায়ক ড০ শর্মাই এই মন্তব্য কৰে৷ সমষ্টিটোৰ কাউলি হাইস্কুল খেলপথাৰত বাক্সা জিলা বিজেপিৰ সভাপতি ৰাম দাহালৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত অংশগ্রহণ কৰি ড০ শর্মাই আজিও হাগ্রামা মহিলাৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷ বিটিচিত উদ্ভৱ হোৱা মাটি কিনা–বেচা সমস্যাৰ প্রসংগত ড০ শর্মাই কয়– বিজেপিয়ে বিটিচি চৰকাৰ গঠন কৰাৰ পোন্ধৰৰ পৰা ত্রিশ দিনৰ ভিতৰত বিটিচিবাসীয়ে মাটি কিনা–বেচাৰ অনুমতি লাভ কৰিব৷ হাগ্রামাই ম্যাদী পট্টাত থাকিলে, আমিও ম্যাদী পট্টা পাব লাগিব৷ বিজেপি চৰকাৰ গঠন হোৱাৰ পাছতেই সকলোৱে ম্যাদী পট্টা লাভ কৰিব৷ সভাত উপস্থিত হাজাৰ হাজাৰ জনতাক সম্বোধি ড০ শর্মাই কয়– বিগত ২০১৫ চনৰ নির্বাচনত বিটিচিৰ চল্লিশটা সমষ্টিৰ ভিতৰত নাগ্রীজুলিৰ ৰাইজে ধর্মনাৰায়ণ দাসক বিজেপিৰ পৰা একমাত্র এম চি এল এ হিচাপে নির্বাচিত কৰি এডাল গছপুলি ৰোপণ কৰিছিল৷ এই গছপুলিডাল এতিয়া লহপহকৈ বাঢ়ি এডাল বটবৃক্ষ হ’ল৷ এই বটবৃক্ষই এইবাৰ সমগ্র বিটিচিবাসীক ছাঁ দিব৷

You might also like