নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিডনীত আজি ভাৰতৰ শৃংখলা ৰক্ষাৰ যুঁজ

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰঃ প্রথম এদিনায়াত পৰাজয়ৰ সন্মুখীন হোৱাৰ পাছত টীম ইণ্ডিয়াই এদিনীয়া শৃংখলা ৰক্ষাৰ লক্ষ্যৰে আজি পুনৰ খেলপথাৰত নামিব৷ ছিডনী ক্রিকেট গ্রাউণ্ডত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন এদিনীয়াত বিৰাট কোহলি নেতৃত্বাধীন দলটোৱে বলিং আৰু ফিল্ডিঙত শুধৰণিৰ সংকল্প লৈছে৷ বিশেষকৈ যশপ্রীত বুমৰাহ, নৱদ্বীপ ছাইনী আৰু য়ুজবেন্দ্র ছাহালৰ পৰা দলে আজি উন্নত প্রদর্শনৰ আশা কৰিব৷ শুকুৰবাৰে অনুষ্ঠিত প্রথম এদিনীয়াত এই ত্রিমূর্তিয়ে মাত্রাধিক ৰান ব্যয় কৰাত অষ্ট্রেলিয়াই টীম ইণ্ডিয়াক ৩৭৫ ৰানৰ পাহাৰসম লক্ষ্য বান্ধি দিবলৈ সক্ষম হৈছিল৷

অৱশ্যে ষষ্ঠগৰাকী বলাৰৰ অভাৱে ভাৰতীয় দলটোক আজিও সমস্যাত পেলোৱাৰ সম্ভাৱনা আছে৷ অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াই বেটিঙেৰে দললৈ মূল্যৱান বৰঙনি আগবঢ়াবলৈ সক্ষম হৈছে যদিও বলিঙত তেওঁৰ অভাৱ দলে বাৰুকৈয়ে অনুভৱ কৰা দেখা গৈছে৷ পিঠিৰ আঘাতৰ বাবে তেওঁ আৰু কিছুদিনলৈ বলিঙৰ পৰা আঁতৰি থাকিব বুলি হার্দিকে ইতিমধ্যে প্রকাশ কৰিছে৷

ইফালে, মিডল অর্ডাৰত শ্রেয়াছ আয়াৰ আৰু লোকেশ ৰাহুলে কাইলৈ দীঘলীয়া ইনিংছ খেলাটো ভাৰতীয় দলৰ বাবে আৱশ্যক হৈ পৰিছে৷ আনহাতে, আৰণ ফিনছ, ডেভিদ ৱার্নাৰ, ষ্টিভেন স্মিথ, গ্লেন মেক্সৱেল আদিৰ দৰে বিস্ফোৰক বেটছমেনক প্রতিহত কৰিবলৈ দ্বিতীয় এদিনীয়াত নতুন ৰণনীতিৰে খেলপথাৰত নামিবলৈ সাজু হৈছে তাৰকা সমৃদ্ধ ভাৰতীয় বলিং আক্রমণ৷ মহম্মদ ছামীয়ে প্রথম এদিনীয়াত মিতব্যয়ী বলিঙেৰে ঘৰুৱা দলটোৰ বেটছমেনক কিছু পৰিমাণে বান্ধি ৰাখিছিল যদিও বুমৰাহ, ছাইনী অথবা ছাহালে তেওঁক সহযোগিতা আগবঢ়াব নোৱাৰিলে৷ ছাইনী আৰু ছাহালে ২০ অভাৰত ১৭২ ৰান ব্যয় কৰাত টীম ইণ্ডিয়া বিপদৰ সন্মুখীন হয়৷ প্রথম এদিনীয়াত ব্যর্থ হ’লেও অৱশ্যে ভাৰতীয় দলত কাইলৈ সালসলনিৰ কোনো সম্ভাৱনা নাই৷

ইফালে, আত্মবিশ্বাসী অষ্ট্রেলিয়াই দ্বিতীয় এদিনীয়াত জয়েৰে শৃংখলা দখলৰ লক্ষ্য লৈছে৷ আঘাতৰ বাবে কাইলৈৰ মেচত অলৰাউণ্ডাৰ মার্কাছ ষ্টইনিছে খেলাৰ সম্ভাৱনা নাই৷ তেওঁৰ সলনি উদীয়মান অলৰাউণ্ডৰ কেমেৰুন গ্রীনে এদিনীয়াত অভিষেক ঘটোৱাৰ সুযোগ পাব৷ ভাৰতৰ বাবে মৰণপণ যুঁজ সদৃশ হৈ পৰা দ্বিতীয় এদিনীয়াত অ’পেনাৰ শিখৰ ধাৱান, মায়ংক আগৰৱাল আৰু অধিনায়ক বিৰাট কোহলিৰ বিৰুদ্ধে অষ্ট্রেলিয়াৰ তাৰকা ত্রিমূর্তি মিচ্চেল ষ্টার্ক, পেট কামিনছ আৰু জ’ছ হেজলউডৰ যুঁজ আকর্ষণীয় হ’ব৷
খেলৰ সময় পুৱা ৯.১০ বজা৷

You might also like