নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপ–নির্বাচনক লৈ কংগ্রেছত মহাপয়মালঃ মিত্রতা ছেদৰ পাছতে ৰাজীৱ ভৱনত নতুন বিপদ

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ ৰাজ্যৰ ৬ বিধানসভা সমষ্টিত হ’বলগীয়া আসন্ন উপ–নির্বাচনক লৈ মহাপয়মালত পৰিছে কংগ্রেছ দল৷ সাত মাহ পূর্বে কংগ্রেছে যিসকলক মিত্র হিচাপে লৈ হাতত হাত ধৰি বিধানসভা নির্বাচনত অৱতীর্ণ হৈছিল, এইবাৰ উপ–নির্বাচনত সেই মিত্রশক্তিয়েই কংগ্রেছৰ বাবে হৈ পৰিছে শত্রু৷ কংগ্রেছৰ মূল শত্রু বিজেপি মিত্রজোঁটৰ লগতে নতুনকৈ পূর্বৰ মিত্র এইবাৰ শত্রুৰ ৰূপত অৱতীর্ণ হ’বলৈ ওলোৱাত স্বাভাৱিকতে উপ–নির্বাচন হৈ পৰিছে কংগ্রেছৰ বাবে মহাপয়মাল৷ মিত্রদল এ আই ইউ ডি এফ আৰু বি পি এফৰে সম্পর্ক ছেদৰ পাছতেই কংগ্রেছৰ সমুখত উদ্ভৱ হৈছে এই সমস্যাৰ৷ আসন্ন উপ–নির্বাচনত কংগ্রেছে ইতিমধ্যে এককভাৱে নির্বাচনী যুঁজত অৱতীর্ণ হোৱাৰ প্রস্তুতি চলাইছে৷ এইক্ষেত্রত কেৱল আনুষ্ঠানিক সিদ্ধান্ত গ্রহণহে বাকী আছে৷

ইয়াৰ বিপৰীতে কংগ্রেছে মিত্রতা ছেদ কৰাৰ পাছত সাংসদ বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলে আসন্ন উপ–নির্বাচনত ভৱানীপুৰ আৰু গোসাঁইগাঁও সমষ্টিত প্রতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে৷ এই সম্পর্কত দলটোৰ সাধাৰণ সম্পাদক (সংগঠন) বিধায়ক আমিনুল ইছলামে জানিবলৈ দিয়া মতে, তেওঁলোকৰ দলে ইতিমধ্যে ভৱানীপুৰ আৰু গোসাঁইগাঁও সমষ্টিত সাংগঠনিক কাম–কাজ তৃণমূল পর্যায়ত তীব্রতৰ কৰি তুলিছে৷ দুয়োটা সমষ্টিতে তেওঁলোক এইবাৰ নির্বাচনী যুঁজত অৱতীর্ণ হ’ব৷ যোৱা বিধানসভা নির্বাচনত ভৱানীপুৰ সমষ্টিটো এ আই ইউ ডি এফে দখল কৰাৰ বিপৰীতে গোসাঁইগাঁও সমষ্টিত বি পি এফে জয়লাভ কৰিছিল৷

ইপিনে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলেও আসন্ন উপ–নির্বাচনত গোসাঁইগাঁও আৰু তামুলপুৰ সমষ্টিত প্রতিদ্বন্দ্বিতা কৰাটো একপ্রকাৰ নিশ্চিত৷ দলটোৰ এক সূত্রই জানিবলৈ দিয়া মতে, কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ পৰা ওলাই অহা বি পি এফে বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ অংশীদাৰ হ’ব বিচাৰিছে যদিও এতিয়ালৈ বিষয়টো নিষ্পত্তি হোৱা নাই৷ উপ–নির্বাচনৰ দিন ঘোষণাৰ পূর্বে যদিহে তেওঁলোক মিত্রজোঁটৰ অংশীদাৰ নহয়, তেতিয়াহ’লে দলীয়ভাৱে গোসাঁইগাঁও আৰু তামুলপুৰ সমষ্টিত প্রার্থী থিয় কৰাব৷

ইফালে ৰাইজৰ দলেও আসন্ন উপ–নির্বাচনত মৰিয়নি আৰু থাওৰাত দলীয় প্রার্থী থিয় কৰোৱাটো একপ্রকাৰ নিশ্চিত হৈ পৰিছে৷ দলটোৰ সভাপতি বিধায়ক অখিল গগৈয়ে ইতিমধ্যে তেওঁলোকৰ সৈতে কংগ্রেছে মিত্রতা নকৰিলে উপ–নির্বাচন হ’বলগীয়া মৰিয়নি, থাওৰাকে ধৰি আনবোৰ সমষ্টিতো প্রার্থী দিব বুলি প্রকাশ কৰিছে৷ এনে অৱস্থাত স্বাভাৱিকতে আসন্ন উপ–নির্বাচন কংগ্রেছৰ বাবে যে মুঠেই সুখকৰ নহ’ব, সেয়া নিশ্চিত বুলিব পাৰি৷ কিয়নো এ আই ইউ ডি এফ আৰু বি পি এফ প্রার্থীৰ উপস্থিতিয়ে স্বাভাৱিকতে কংগ্রেছক ভৱানীপুৰ, গোসাঁইগাঁও, তামুলপুৰত ক্ষতিগ্রস্ত কৰিব৷ সেইদৰে ৰাইজৰ দলৰ প্রার্থীয়ে কংগ্রেছক মৰিয়নি, থাওৰাত যে ক্ষতি কৰিব, সেয়া সহজেই অনুমেয়৷ আসন্ন উপ–নির্বাচনক লৈ সন্মুখত বিপদ দেখি ইতিমধ্যে বিৰোধী দলপতি দেৱব্রত শইকীয়াই অজাপ, ৰাইজৰ দল, চি পি আই, এ আই ইউ ডি এফকে ধৰি সকলো বিৰোধী দল ঐক্যবদ্ধ হোৱাৰ পোষকতা কৰিছে৷ যোৱা ১৫ ছেপ্ঢেম্বৰত আয়োজিত এখন সংবাদ মেলত বিৰোধী দলপতি শইকীয়াই অতি স্পষ্টভাৱে সেই কথা প্রকাশ কৰি মিত্রতা সম্পর্কীয় সকলো সিদ্ধান্ত দলে গ্রহণ কৰিব যদিও বিধায়িনী দলৰ নেতা হিচাপে তেওঁ হাইকমাণ্ডৰ ওচৰত সকলো বিৰোধী একত্রিত হোৱাৰ প্রস্তাৱ দিব বুলি প্রকাশ কৰে৷ তেওঁ আনকি নির্বাচনৰ দিন ঘোষণাৰ পাছত প্রার্থিত্ব প্রত্যাহাৰৰ অন্তিম সময়লৈকে মিত্রতাৰ অৱকাশ থাকে বুলিও তাৎপর্যপূর্ণ মন্তব্য কৰি সকলো বিৰোধীৰ সৈতে মিত্রতাক লৈ তেওঁ যে যথেষ্ট আগ্রহী, তাৰেই ইংগিত বহন কৰে৷

এই প্রসংগতে উল্লেখনীয় এয়ে যে প্রদেশ কংগ্রেছৰ ক’ৰ কমিটীৰ বৈঠকে এ আই ইউ ডি এফৰে আনুষ্ঠানিকভাৱে মিত্রতা ভংগৰ সিদ্ধান্ত গ্রহণ কৰিছে যদিও হাইকমাণ্ডে এতিয়ালৈ সেই সিদ্ধান্তত ছীল–মোহৰ মৰা নাই৷ এনে অৱস্থাত বিৰোধী দলপতিগৰাকীৰ শেহতীয়া স্থিতি অত্যন্ত তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷

ইপিনে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা অনুসৰি আসন্ন উপ–নির্বাচনক লৈ কংগ্রেছে কেইবাটাও দলৰ পৰা মিত্রতাৰ প্রস্তাৱ পাইছে যদিও এই মুহূর্তলৈ সেই প্রস্তাৱৰ ওপৰত আলোচনা কৰা নাই৷ নির্বাচন আয়োগে উপ–নির্বাচনৰ দিন ঘোষণাৰ পাছত সেই সম্পর্কত হাইকমাণ্ডে চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব৷ আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰ সৈতে কংগ্রেছৰ মিত্রতাৰ কথা নাহে বুলি উল্লেখ কৰি তেওঁ কয় যে মুখ্যমন্ত্রীয়ে আগৰ ব্যৱসায়ৰ ওপৰত সকলো ধৰণৰ প্রতিবন্ধকতা প্রত্যাহাৰ কৰাৰ পাছতেই এ আই ইউ ডি এফৰ এজন বিধায়কে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক সর্বশ্রেষ্ঠ মুখ্যমন্ত্রী হিচাপে অভিহিত কৰে৷ তদুপৰি এটা টিভি চেনেলত দলটোৰ সভাপতি বদৰুদ্দিন আজমলে ড০ শর্মা মুখ্যমন্ত্রী হোৱাৰ পাছতেই তেওঁলোকৰ ব্যৱসায়ৰ ক্ষেত্রত সকলো ধৰণৰ প্রতিবন্ধকতা আঁতৰিছে বুলি কৰা মন্তব্যই তেওঁলোকে যে ব্যক্তি স্বার্থক প্রাধান্য দি ৰাজনীতি কৰিছে, সেয়া স্পষ্ট ৰূপত ওলাই পৰিছে৷

কংগ্রেছে ব্যক্তি স্বার্থৰ পৰিৱর্তে যি কেৱল অসম আৰু অসমৰ ৰাইজৰ স্বার্থত কাম কৰে, তেনে শক্তিৰ লগতহে মিত্রতা কৰিব৷ প্রদেশ কংগ্রেছৰ কার্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থয়ো আসন্ন উপ–নির্বাচনত কংগ্রেছে অকলে ৬টা সমষ্টিতে প্রার্থিত্ব দিব বুলি প্রকাশ কৰি কয় যে এ আই ইউ ডি এফৰে তেওঁলোকে মিত্রতা নকৰে৷ এনে অৱস্থাত এইবাৰ উপ–নির্বাচন যোৱা বিধানসভা নির্বাচনতকৈও কংগ্রেছৰ বাবে অধিক জটিল হোৱাটো ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷ গোসাঁইগাঁও, তামুলপুৰ, ভৱানীপুৰত পূর্বৰ মিত্রই এইবাৰ কংগ্রেছৰ শত্রু হিচাপে নির্বাচনী যুঁজত অৱতীর্ণ হ’ব৷ ইয়াৰ বিপৰীতে মৰিয়নি আৰু থাওৰাত ক্রমে ৰূপজ্যোতি কুর্মী আৰু সুশান্ত বৰগোহাঁইৰ বাবে কংগ্রেছে যোৱা বিধানসভা নির্বাচনত সাফল্যৰ হাঁহি মাৰিবলৈ সক্ষম হৈছিল৷

কিন্তু এইবাৰ কুর্মী আৰু বৰগোহাঁয়ে কংগ্রেছৰ শত্রু হিচাপে নির্বাচনী যুঁজত অৱতীর্ণ হ’ব৷ ইয়াৰ মাজতেই সমষ্টি দুটাত কংগ্রেছৰ পানী ঘোলা কৰিবলৈ যুঁজত নামি পৰিছে অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দল৷ মাজুলী সমষ্টিতো কংগ্রেছৰ অৱস্থা মুঠেই সন্তোষজনক বুলিব নোৱাৰি৷ উপ–নির্বাচন হ’বলগীয়া ৬টা সমষ্টিৰ পর্যালোচনা কৰিলে এটা কথাই স্পষ্ট হৈ পৰে– এই মুহূর্তত যোৱা বিধানসভা নির্বাচনৰ তুলনাত আটাইকেইটা সমষ্টিত বিজেপি মিত্রজোঁটহে অধিক শক্তিশালী অৱস্থাত অৱতীর্ণ হৈছে৷ কংগ্রেছৰ পূর্বৰ মিত্রসকল এতিয়া শত্রু হিচাপে অৱতীর্ণ হোৱাটোৱেই বিজেপি মিত্রজোঁটক অধিক লাভান্বিত কৰিব বুলি সহজেই অনুমান কৰিব পাৰি৷

You might also like