নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্রুগড় মেডিকেলৰ অধ্যক্ষৰ স্বাস্থ্যৰ অৱনতিঃ এয়াৰ এম্বুলেঞ্চেৰে গুৱাহাটীলৈ

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ তথা প্রসিদ্ধ মেডিচিন বিশেষজ্ঞ ডাঃ সঞ্জীৱ কাকতিৰ স্বাস্থ্যৰ অৱনতি ঘটিছে৷ ক’ভিড–১৯ত আক্রান্ত হৈ ডাঃ কাকতিক চুপাৰ স্পেচিয়েলিটী বিভাগত তাৎক্ষণিকভাবে ভর্তি কৰোৱা হৈছিল যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা শনিবাৰে এইমছলৈ এয়াৰ এম্বুলেঞ্চৰে নিয়াৰ ব্যৱস্থা গ্রহণ কৰা হয়৷ কিন্তু প্রতিকূল বতৰ আৰু স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক চিকিৎসকৰ পৰামর্শ অনুসৰি অন্তিম ক্ষণত উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ নিব পৰা নগ’ল৷

জানিব পৰা মতে যোৱা ১৪ ছেপ্ঢেম্বৰত বিশিষ্ট চিকিৎসকজন ক’ভিডত আক্রান্ত হোৱাৰ পাছত নিজ গৃহতে চিকিৎসাধীন হৈ আছিল৷তেওঁৰ পত্নীও ক’ভিডত আক্রান্ত হোৱাত অসম মেডিকেল কলেজৰ চুপাৰ স্পেচিয়েলিটী বিভাগত চিকিৎসাধীন কৰোৱা হয়৷ আনহাতেদি ডাঃ কাকতিৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চুপাৰ স্পেচিয়েলিটী ৱার্ডৰ আইচিইউত ভর্তি কৰোৱা হৈছিল৷

কিন্তু কালি নিশা অধিক অৱনতি ঘটাত মুখ্যমন্ত্রী ডাঃ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত গুৱাহাটীৰ পৰা বিশেষজ্ঞ চিকিৎসক ডাঃ বসন্ত হাজৰিকাসহ এদল চিকিৎসক আৰু দিল্লীৰ এইমছৰ পৰাও চিকিৎসকৰ এটা বিশেষ দল আহি ডিব্রুগডত উপস্থিত হৈছিল৷ দলটো উপস্থিত হৈ উন্নত চিকিৎসা বাবে এইমছলৈ নিয়াৰ সকলো ব্যৱস্থা গ্রহণ কৰিছিল যদিও শাৰীৰিক অৱস্থা অধিক বেয়া হোৱাত চিকিৎসকৰ দলটোৱে এইমছলৈ নিবলৈ সক্ষম নহল৷

ডিব্রুগডৰ পৰা কোনো কাৰণতে এয়াৰ এম্বুলেঞ্চে ৰে নিয়া সম্ভৱ নহয় বুলি জনোৱাত শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰা হয়৷ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা এখন বিশেষ এয়াৰ এম্বুলেঞ্চৰ জৰিয়তে ডিব্রুগডৰ আৰক্ষীয়ে গ্রীণ ক’ৰিডৰে মোহনবাৰী বিমানবন্দৰলৈ নিয়ে আৰু প্রায় দুপৰীয়া ১বজাত গুৱাহাটীলৈ উৰা মাৰে৷

You might also like