নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২ কোটি টকা পর্যন্ত আঁচনিৰ অনুমোদনৰ কর্তৃত্ব বিভাগীয় মন্ত্রীক

নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ  বর্তমানৰ ৰাজ্য চৰকাৰখনৰ দুমাহ পূর্তি উপলক্ষে শনিবাৰে অনুষ্ঠিত বিশেষ কেবিনেট বৈঠকে বিত্তীয় আৰু প্রশাসনিক সংস্কাৰৰ ক্ষেত্রত ঐতিহাসিক পদক্ষেপ গ্রহণ কৰিছে৷ বিভিন্ন আঁচনি অনুমোদন আৰু ৰূপায়ণৰ ক্ষেত্রত বিভাগসমূহত ‘টেবুল’ৰ সংখ্যা হ্রাস কৰি কাম–কাজৰ গতি ত্বৰান্বিত কৰাৰ বাবেই চৰকাৰে সেই সংস্কাৰ সাধন কৰিছে৷

কেবিনেট বৈঠকৰ পাছতেই খানাপাৰাস্থিত অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এখন সংবাদ মেলত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উক্ত ঐতিহাসিক সিদ্ধান্তৰ বিষয়ে সদৰী কৰি কয় যে এতিয়াৰে পৰা দুই কোটি টকা পর্যন্ত আঁচনি অনুমোদনৰ কাম বিভাগীয় কমিটীয়ে সম্পন্ন কৰিব৷ এই বিভাগীয় কমিটীৰ মুৰব্বীৰ দায়িত্বত থাকিব সংশ্লিষ্ট বিভাগৰ আয়ুক্ত সচিব৷ সেই কমিটীৰ অনুমোদনৰ পাছতেই বিভাগীয় মন্ত্রীয়ে আঁচনিত অনুমোদন দিব৷ সেইদৰে দুই কোটিৰ পৰা ৫ কোটি টকালৈ আঁচনি অনুমোদনৰ দায়িত্ব ষ্টেণ্ডিং ফাইনেঞ্চ কমিটীক দিয়া হৈছে৷ মুখ্য সচিবৰ অধ্যক্ষতাত প্রত্যেক শুকুৰবাৰে উক্ত ষ্টেণ্ডিং ফাইনেঞ্চ কমিটীৰ বৈঠক অনুষ্ঠিত হ’ব আৰু তাতেই আঁচনিত অনুমোদন দিব পাৰিব৷ পাঁচ কোটি টকাৰ পৰা ১০০ কোটি টকাৰ আঁচনিৰ ক্ষেত্রত বিত্তমন্ত্রীৰ নেতৃত্বত বিশেষ ষ্টেণ্ডিং বিত্তীয় কমিটীৰ অনুমোদন দিব৷ উক্ত কমিটীত বিভাগৰ আয়ুক্ত সচিবগৰাকী সদস্য সচিব হিচাপে থাকিব৷ প্রত্যেক বৃহস্পতিবাৰে উক্ত কমিটীৰ বৈঠক অনুষ্ঠিত হ’ব৷ ১০০ কোটি টকাৰ অধিক আঁচনিৰ ক্ষেত্রত বিভাগে পোনপটীয়াকৈ প্রাক্কলন কেবিনেটত অনুমোদনৰ বাবে দাখিল কৰিব৷

তদুপৰি চিলিং প্রস্তাৱৰ বাবে বিভাগে পোনপটীয়াকৈ বিত্ত বিভাগলৈ প্রস্তাৱ পঠিয়াব পাৰিব৷ বর্তমানৰ ব্যৱস্থাৰ দৰে বিত্ত বিভাগলৈ প্রস্তাৱ পঠিওৱাৰ পূর্বে সংশ্লিষ্ট বিভাগলৈ ফাইল পঠিয়াব নালাগে৷ ইয়াৰ ফলত ১০ৰ পৰা ১২খন টেবুল হ্রাস পাব৷ সংবাদ মেলখনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই ব্যৱস্থা হোৱাৰ ফলত বিভাগসমূহে কামৰ পর্যবেক্ষণ, পৰিদর্শন আদিত অধিক গুৰুত্ব দিব পাৰিব৷ দিছপুৰৰ সচিবালয়তো ফাইলৰ হেঁচা কমি আহিব৷ অহা বছৰৰ পৰা কার্যবাহী অভিযন্তাৰ পৰা পোনপটীয়াকৈ বিত্ত বিভাগলৈ প্রস্তাৱ প্রেৰণৰ ব্যৱস্থা কৰা হ’ব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰে৷ সেইদৰে বিধৱা পেন্সন–বৃদ্ধ পেন্সনকে ধৰি নিয়মীয়া আঁচনিসমূহৰ ক্ষেত্রত ফাইল এতিয়াৰে পৰা ক’তো পঠিয়াব নালাগে৷

বিভাগে পোনপটীয়াকৈ তেনে আঁচনিত অনুমোদন দিব পাৰিব৷ তেওঁ আৰু কয় যে আৰক্ষী আৰু প্রাথমিক বিদ্যালয়ত খালী হৈ থকা পদ আদি পূৰণৰ ক্ষেত্রত সংশ্লিষ্ট বিভাগৰ আয়ুক্তই পোনপটীয়াকৈ অনুমোদন দিব পাৰিব৷ বিত্ত বিভাগলৈ এছ আই ইউ ক্লীয়াৰেন্সৰ বাবে ফাইল পঠিয়াব নালাগে৷ বিভাগে নিজেই সেই অনুমোদন দিব পাৰিব৷ অৱশ্যে নতুন পদ সৃষ্টিৰ ক্ষেত্রত বিভাগে বিত্ত বিভাগলৈ প্রস্তাৱ প্রেৰণ কৰিব লাগিব৷ অহা ৫ বছৰত চৰকাৰখনে ত্বৰিৎ গতিৰে কাম কৰাৰ বাবেই এই বৃহৎ প্রশাসনিক সংস্কাৰৰ ব্যৱস্থা কৰা হৈছে৷ নতুন বাজেট ৰূপায়ণৰ দিনৰ পৰাই এই ব্যৱস্থা কার্যকৰী হ’ব৷

সংবাদ মেলখনত মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে পৰৱর্তী কেবিনেটত কেন্দ্রীয় চৰকাৰৰ আর্হিত ‘ডেস্ক’ বিষয়া নিয়োগৰ ব্যৱস্থা কৰা হ’ব৷ এই ব্যৱস্থাত উপ–সচিব পর্যায়ৰ বিষয়াৰ পৰাই ‘টোকা’ৰ আৰম্ভণি হ’ব৷ সেইদৰে অহা কেবিনেটত গুৱাহাটী উন্নয়ন আৰু নগৰ উন্নয়ন বিভাগ দুটাও একত্রীকৰণৰ ব্যৱস্থা কৰিব৷ শিক্ষা বিভাগত অচিৰেই ফাইল ব্যৱস্থাৰ অৱসান ঘটাই ই–ফিচলৈ ৰূপান্তৰিত হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অহা পাঁচ বছৰত সচিবালয়কো ই–ফিচলৈ ৰূপান্তৰিত কৰা হ’ব৷

সংবাদ মেলখনত মুখ্যমন্ত্রী ড০ শর্মাই আসন্ন বিধানসভাৰ বাজেট অধিৱেশনত গো–সুৰক্ষাৰ বিধেয়ক উত্থাপন কৰা হ’ব বুলি জানিবলৈ দি কয় যে অনাগত দিনত প্রেমৰ ছলনাৰে পৰা প্রৱঞ্চনাৰ বিৰুদ্ধেও চৰকাৰে আইন আনিব৷ অৱশ্যে সেই আইন কোনো নির্দিষ্ট ধর্মীয় সম্প্রদায়ৰ বিৰুদ্ধে নহয়, সকলো প্রৱঞ্চনা ৰোধৰ বাবে আইন আনিব৷ জনসংখ্যা নীতিৰ প্রসংগত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ইতিমধ্যে ৰাজ্য চৰকাৰে চাকৰিৰ সেৱা বিধিকে ধৰি কেতবোৰ আঁচনিৰ ক্ষেত্রত দুই সন্তান বিধি প্রযোজ্য কৰিছে৷ এইক্ষেত্রত উত্তৰ প্রদেশ চৰকাৰৰ দৰে আইন অনাৰ পৰিৱর্তে অসম চৰকাৰে বিধানসভাত প্রস্তাৱ লৈ আগবাঢ়ি যাব বিচাৰিছে৷

You might also like