নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজেন গোহাঁইক কেবিনেট মৰ্যাদা প্ৰদান

নিয়মীয়া বাৰ্তা ২২ জুলাইঃ  প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইক নতুন দায়িত্ব অৰ্পণ কৰিছে ৰাজ্য চৰকাৰে।
আজি অনুষ্ঠিত কেবিনেট বৈঠকে নগাঁৱৰ প্ৰাক্তন সাংসদগৰাকীক খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীনত ‘Assam Food and Civil Supplies Corporation’ৰ অধ্যক্ষৰ দায়িত্ব দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে।
গোহাঁইক কেবিনেটৰ মৰ্যাদা প্ৰদান কৰা হৈছে বুলি প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
কেবিনেটৰ সিদ্ধান্তসমূহ সদৰী কৰাৰ বাবে অনুষ্ঠিত এখন সংবাদমেলত এই কথা জনায় মহন্তই।

You might also like