নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এমপিএটিজিএম মিছাইলৰ সফল পৰীক্ষা সম্পন্ন ভাৰতৰ

নিয়মীয়া বাৰ্তা ২২ জুলাইঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আত্মনির্ভৰ ভাৰত কার্যসূচীক অধিক শক্তিশালী ৰূপ প্রদান কৰি আজি প্রতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডি’)ই সফলতাৰে পৰীক্ষা সম্পন্ন কৰি মেন পর্টেব’ল এণ্টি–টেংক গাইডেড মিছাইল (এমপিএটিজিএম)ৰ৷ ডিআৰডি’ৰ তৰফৰ পৰা এক বিবৃতিত সদৰী কৰা হৈছে তথ্য৷ এই এণ্টি টেংক মিছাইলে স্থলসেনাৰ শক্তি অধিক বৃদ্ধি কৰিব বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে৷ লক্ষণীয়ভাৱে ভাৰতৰ নিজস্ব প্রযুক্তিৰে নির্মাণ কৰা হৈছে এই এণ্টি টেংক মিছাইল৷

You might also like