ডিজিটেল ডেস্ক, ৩১ মার্চ : ৰাজ্যত অহা ৯ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নির্বাচন- ২০২৬ অধিক স্বচ্ছ, ন্যায়সংগত আৰু ব্যয় নিয়ন্ত্রিত কৰি তুলিবলৈ ভাৰতৰ নির্বাচন আয়োগে কঠোৰ নির্দেশনা জাৰি কৰিছে৷ বিশেষকৈ সামাজিক মাধ্যম, যেনে– ফেচবুক আদি মাধ্যমৰ ওপৰত কঠোৰ নিৰীক্ষণ আৰম্ভ কৰিছে নির্বাচন আয়োগে৷
উল্লেখ্য যে প্রতিগৰাকী প্রার্থীৰ অফিচিয়েল সামাজিক মাধ্যমৰ একাডণ্টসমূহ মনোনয়ন–পত্র দাখিল কৰাৰ পাছৰে পৰা নিয়মিতভাৱে পর্যবেক্ষণ কৰা হৈছে৷ নির্বাচন আয়োগৰ তথ্য অনুসৰি ফেচবুক আদি প্লেটফর্মত কৰা অনলাইন বিজ্ঞাপন, প্রচাৰমূলক পোষ্ট আৰু স্প’নছৰড কণ্টেণ্টসমূহকো নির্বাচনী ব্যয়ৰ ভিতৰত ধৰা হ’ব৷ প্রচাৰ অভিযানকে ধৰি অন্যান্য সকলো ক্ষেত্রতে নির্ধাৰিত ব্যয় সীমা অতিক্রম কৰিলে প্রার্থীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰা হ’ব বুলিও স্পষ্ট কৰি দিছে নির্বাচন আয়োগে৷ এইক্ষেত্রত মনোনয়ন বাতিল কৰাৰ দৰে কঠোৰ ব্যৱস্থাও লোৱাৰ সম্ভাৱনা আছে৷
উল্লেখযোগ্য যে আয়োগে প্রতিগৰাকী প্রার্থীৰ বাবে ব্যয়ৰ সর্বাধিক সীমা ৪০ লাখ টকা নির্ধাৰণ কৰি দিছে৷ এই সীমা অতিক্রম কৰিলেই বাতিল হ’ব প্রার্থীৰ মনোনয়ন৷ আনহাতে, অসমৰ এই নির্বাচনত হাইপ্রফাইল প্রার্থী ড০ হিমন্ত বিশ্ব শর্মা আৰু সাংসদ গৌৰৱ গগৈকে ধৰি সকলো প্রার্থীৰ ফেচবুক পেজ কাঢ়া নজৰত ৰাখিছে নির্বাচন আয়োগে৷ নির্বাচন আয়োগে সদৰী কৰে যে বর্তমান সময়ত সামাজিক মাধ্যম নির্বাচনী প্রচাৰৰ এক গুৰুত্বপূর্ণ অংশ হৈ পৰিছে৷ সেয়ে এইক্ষেত্রত স্বচ্ছতা বজাই ৰখা অতি প্রয়োজনীয়৷ এই পদক্ষেপৰ জৰিয়তে সকলো প্রার্থীৰ বাবে সমান সুযোগ নিশ্চিত কৰাৰ লগতে অতিৰিক্ত ব্যয় আৰু ডিজিটেল মাধ্যমৰ অপব্যৱহাৰ ৰোধ কৰাৰ লক্ষ্য গ্রহণ কৰা হৈছে৷