নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজনৈতিক হত্যাকাণ্ডৰ বিচাৰৰ লগতে অবৈধ অস্ত্ৰ জব্দ কৰা হ’ব বিটিচিতঃ নিৰ্বাচনী প্ৰচাৰত ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ বিটিআৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত হৈ থকাৰ সমান্তৰালকৈ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ চলি আছে। আজি বিজেপি নেতা তথা বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰৰ গোমা আৰু দোতমাত নিৰ্বাচনী প্ৰচাৰ চলায়। দুয়োখন সভাতে বিপুল জনসমাগমৰ আগত বিজেপিৰ দিনত বিটিচিলৈ অহা শান্তিৰ বাতাৱৰণৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বিজেপি জয়ী হ’লে বিটিচিলৈ আনিবলগীয়া পৰিৱৰ্তনৰ বিষয়ে উল্লেখ কৰে।

মন্ত্ৰীগৰাকীয়ে কয় যে বিটিচি ভয় নোহোৱা পৰিৱেশৰ সৃষ্টি কৰিছে বিজেপিয়ে। কোনো ডাবি-ধমকিৰ পৰিৱৰ্তে শান্তি আৰু গণতান্ত্ৰিকভাৱে ভোট দিয়াৰ পৰিৱেশ এতিয়া বিটিচিত। ড০ শৰ্মাই লগতে উল্লেখ কৰে যে বিটিচিত বিজেপি চৰকাৰ অহাৰ পিছতে জব্দ কৰা হ’ব সকলোধৰণৰ অবৈধ মাৰণাস্ত্ৰ।

এমাহৰ পৰা ডেৰমাহৰ ভিতৰত সকলো মাৰণস্ত্ৰ জব্দ কৰা হ’ব বিটিচিৰ। আনহাতে বিপিএফক কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে হাতীয়েও ইমান খাব নোৱাৰে যোৱা ১৭ বছৰে বিপিএফে যিমানখিনি খালে। বিপিএফৰ শাসন কালত ঘটা প্ৰতিটো ৰাজনৈতিক হত্যাকাণ্ডৰ বিচাৰ কৰি দোষীক শাস্তি দিয়াৰ কথাও মন্ত্ৰীগৰাকী প্ৰকাশ কৰে।

তেওঁ কয় যে লাফিকুলৰ দৰে হত্যাকাণ্ড বিটিচিত পুনৰ হ’ব দিয়া নহ’ব। কংগ্ৰেছ-এইউডিএফ সন্দৰ্ভত কয় যে কংগ্ৰেছ এতিয়া পুৰণি টকা, নচলা টকা আৰু পুৰণা এম্বেচাদৰ। ক’ৰোবাত দুই-এখন আসন পাব পাৰে। আনহাতে বিজেপি প্ৰাৰ্থী নথকা সমষ্টিত বিবেক ভোট দানৰ বাবে ৰাইজক আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে। বিটিচি নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সময়ত মন্ত্ৰীগৰাকীয়ে চৰাইবিলত পদযাত্ৰাতো অংশ লয়।

You might also like