নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগমনি আৰক্ষীৰ অভিযানত বিলাসী বাহনত গো-ধন উদ্ধাৰ, ২জনক কৰায়ত্ত

চুবুৰীয়া পশ্চিমবংগৰ পৰা বিলাসী চাৰিচকীয়া বাহনেৰে গো-ধন সৰবৰাহ কৰাৰ সময়ত আজি ধুবুৰী জিলাৰ আগমনি আৰক্ষীৰ জালত দুজনকৈ গো-সৰবৰাহকাৰী কৰায়ত্ত হোৱাৰ বিপৰীতে দুটাকৈ গো-ধন উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, গোপন তথ্যৰ ভিত্তিত আগমনি আৰক্ষী থানাৰ সন্মুখৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পশ্চিমবংগৰ পৰা ধুবুৰীমুখী এ এছ-১৭ডি-২৯৯০ নম্বৰৰ বাহন এখনত তালাচী চলাই দুটাকৈ গোধন উদ্ধাৰ কৰাৰ বিপৰীতে দুজনকৈ গো-ধন সৰবৰাহকাৰীক কৰায়ত্ত কৰে। দুই ধৃত ধুবুৰীৰ বাহাদুৰটাৰী অঞ্চলৰ খুৰ্ছিদ আলম আৰু সাহ আলম মোল্লাহ বুলি জানিব পৰা গৈছে।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৮ জানুৱাৰী :

You might also like