নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাত বিশ্বকাপ ফুটবল খেলিবলৈ অনিচ্ছুক তিনিখন দেশ…

নিউজ ডেস্ক, ২৮ জানুৱাৰী : বিশ্বকাপ ক্রিকেটৰ পিছত বিশ্বকাপ ফুটবল বর্জনৰ ভাবুকি৷ আইচিচি টি–২০ বিশ্বকাপৰ পৰা বাদ পৰিছে বাংলাদেশ৷ বর্জনৰ ভাবুকি দিছে পাকিস্তান ক্রিকেট ব’র্ডেও৷ ক্ৰিকেটৰ পিছত এইবাৰ তিনিখন দেশে ফিফা বিশ্বকাপ ফুটবল বর্জনৰ ভাবুকি দিছে৷ আমেৰিকাত তেওঁলোকে খেলিব নিবিচাৰে৷ ইয়াৰ মূলতে হ’ল আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ ইটোৰ পিছত সিটো নীতি৷

অহা ১১ জুনৰ পৰা ১৯ জুলাইলৈ আমেৰিকা, কানাডা আৰু মেক্সিকোত অনুষ্ঠিত হ’ব ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতা৷ প্রতিযোগিতাখনৰ ১১৪খন খেলৰ ভিতৰত ৭৪খন মেচ আমেৰিকাত অনুষ্ঠিত হ’ব৷ কিন্তু কেইবাখনো দেশে ট্রাম্পৰ অভিবাসন নীতি, ভিছা নীতি, দেশৰ নিৰাপত্তা আৰু সর্বোপৰি ট্রাম্পে গ্রীনলেণ্ড দখল কৰাৰ প্রচেষ্টাক লৈ চিন্তিত৷ শেহতীয়াভাৱে আমেৰিকাত বিশ্বকাপ ফুটবলৰ মেচ খেলিবলৈ অনিচ্ছুক ছুইজাৰলেণ্ডৰ লগতে ডেনমার্ক আৰু নেডাৰলেণ্ডছ৷

এটা দশক পূর্বে মার্ক পিট ফিফাৰ স্বাধীন পৰিচালনা সমিতিৰ অধ্যক্ষ আছিল৷ ছুইজাৰলেণ্ডৰ এইগৰাকী অধিবক্তাই শেহতীয়াকৈ ফুটবল অনুৰাগীক আমেৰিকালৈ যোৱাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছে৷ এক সাক্ষাৎকাৰত তেওঁ কয় যে ফুটবল অনুৰাগীৰ বাবে মোৰ মাত্র এটা পৰামর্শ আছে৷ আমেৰিকাৰ পৰা আঁতৰি থাকক৷ পিটে আমেৰিকাত প্রৱেশ কৰাৰ সময়ত সীমান্তত কিমান হাৰাশাস্তিৰ সন্মুখীন হ’ব সেই বিষয়ে বর্ণনা কৰে৷

ইফালে, ট্রাম্পে অহৰহ গ্রীনলেণ্ড দখল কৰাৰ চেষ্টা অব্যাহত ৰাখিছে৷ গ্রীনলেণ্ডে ডেনমার্কৰ সৈতে থাকিব বিচাৰে৷ ফলত অমেৰিকা আৰু ডেনমার্কৰ মাজত দূৰত্ব বাঢ়িছে৷ ডেনমার্কে বিশ্বকাপত খেলিব যদিও দেশখনক বিশ্বকাপ বর্জনৰ দাবী জনাইছে৷ ইপিনে, নেদাৰলেণ্ডছেও ফিফা বিশ্বকাপ বর্জন কৰাৰ ভাবুকি দিছে৷ দেশখনৰ প্রায় ১ লাখ ৫০ হাজাৰ লোকে এখন আবেদন স্বাক্ষৰ কৰি নেদাৰলেণ্ডছক বিশ্বকাপ বর্জন কৰাৰ অনুৰোধ জনাইছে৷ তেওঁলোকে দাবী কৰে যে ডাচ্চ দলটোৱে বিশ্বকাপ খেলাৰ পৰিৱর্তে ঘৰতে বহি থাকিব লাগে৷

উল্লেখ্য যে ইউৰোপৰ ফুটবল খেলা প্রধান দেশসমূহে বিশ্বকাপ বর্জনৰ ভাবুকি দিয়াৰ লগে লগে ফিফাৰ ওপৰত হেঁচা বৃদ্ধি পোৱাৰ লগতে ট্রাম্পৰ ওপৰতো চাপ বাঢ়িছে৷

You might also like