বিশাখাপট্টনমত আজি ভাৰত-নিউজিলেণ্ডৰ চতুর্থ টি–২০
নিউজ ডেস্ক, ২৮ জানুৱাৰী : ঘৰুৱা দল টীম ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মাজত পাঁচখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ চতুর্থখন মেচখন আজি বিশাখাপট্টনমত অনুষ্ঠিত হ’ব৷ ইতিমধ্যে প্রথম তিনিখন মেচত জয়লাভ কৰি ৩–০ৰ অগ্রগতিৰে শৃংখলাটো হস্তগত কৰা ভাৰতীয় দলটোৰ বাবে আজিৰ মেচখন বিশেষ গুৰুত্বপূর্ণ নহয় যদিও আগন্তুক টি–২০ বিশ্বকাপৰ প্রতি লক্ষ্য ৰাখি ভাৰতীয় দলটোৱে মেচখনক বিশেষ গুৰুত্ব দিছে৷
অৱশ্যে অ’পেনাৰ সঞ্জু ছেমছনৰ ধাৰাবাহিক ব্যর্থতাই দলটোক কিছু পৰিমাণে চিন্তাত ৰাখিছে৷ শৃংখলাৰ প্রথম তিনিওখন মেচতে ছেমছন সম্পূর্ণৰূপে ব্যর্থ হৈছে৷ বিশ্বকাপৰ পূর্বে তাৰকা খেলুৱৈগৰাকীৰ এনে প্রদর্শনক লৈ ভাৰতীয় দলটোৰ অধিনায়ক সূর্য কুমাৰ যাদৱ চিন্তিত হৈ পৰিছে৷
অৱশ্যে তাৰকা অ’পেনাৰগৰাকীয়ে শৃংখলাৰ অন্তিম দুখন মেচত নিজৰ ছন্দ ওভতাই পাব বুলি আশা ব্যক্ত কৰি সূর্যকুমাৰ যাদৱে কয় যে এই মেচখন আমাৰ বাবে বিশেষ গুৰুত্বপূর্ণ নহয় যদিও আমি শক্তিশালী ৰূপত অৱতীর্ণ হ’ম৷ কাৰণ বিশ্বকাপলৈ মাজত মাথোঁ কেইটামান দিনহে বাকী৷ নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া অন্তিম দুখন মেচত আমি আমাৰ ভুলবোৰ শুধৰাই ল’ব লাগিব৷ বিশ্বকাপৰ পূর্বে এইটোৱেই হ’ল আমাৰ অন্তিম শৃংখলা৷ গতিকে দলটোৰ আটাইকেইজন তাৰকা খেলুৱৈ মেচখনত অংশ লোৱাটো প্রায় খাটাং৷ অৱশ্যে তাৰকা পেচ বলাৰ যশপ্রীত বুমৰাহক বিশ্রাম দিয়াৰ সম্ভাৱনা আছে৷
খেলৰ সময় : নিশা ৭ বজা৷