নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথ–গোলাঘাট জিলাত লকডাউনঃ যোৰহাটত ফ্লেগ মার্চ

নিয়মীয়া বাৰ্তা, ১৩ জুলাই: ৰাজ্যজুৰি ক’ভিডৰ সংক্রমণ সোমবাৰে সামান্য পৰিমাণে হ্রাস পাইছে৷ সোমবাৰে আক্রান্তৰ হাৰ ২ শতাংশৰ তললৈ নামিছে৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ২,৫৭৫জন লোক৷ আক্রান্তৰ হাৰ হৈছে ১.৫৩ শতাংশ৷ সোমবাৰে মুঠ ১,৬৮,৩৬১টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হয়৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ২৬৮জন গোলাঘাট জিলাৰ৷ তদুপৰি কামৰূপ মহানগৰৰ ২১৭জন, যোৰহাটৰ ১৯৬জন আৰু লখিমপুৰৰ ১৭২জন লোক ক’ভিডত আক্রান্ত হৈছে৷

ইপিনে, সোমবাৰে মৃত্যু হৈছে ৩৭জন লোকৰ৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত পাঁচজনকৈ লোক ক্রমে বাক্সা আৰু শোণিতপুৰ জিলাৰ৷ সেইদৰে কার্বি আংলং আৰু লখিমপুৰৰ চাৰিজনকৈ লোকে ক’ভিডত প্রাণ হেৰুৱাইছে৷ তদুপৰি কামৰূপ মহানগৰ–শিৱসাগৰত দুজনকৈ, বৰপেটা–চৰাইদেউ–দৰংত এজনকৈ লোকৰ মৃত্যু ঘটিছে৷ সোমবাৰে সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ২,৯১৬জন৷ সম্প্রতি চিকিৎসাধীন হৈ আছে ১৯,৫৯৪জন৷

উল্লেখ্য যে ক’ভিডৰ সংক্রমণে ৰাজ্যৰ কেইবাখনো জিলাত গুৰুতৰ ৰূপ ধাৰণ কৰাৰ পাছত চৰকাৰে কঠোৰ নীতি–নির্দেশনা জাৰি কৰিছে৷ মুঠ সাত জিলাত ঘোষণা কৰা হৈছে সম্পূর্ণ লকডাউন৷ অৱশ্যে কিছুসংখ্যক জিলাত লকডাউনৰ মাজতো বহু সেৱা শিথিল কৰা ৰখা হৈছিল৷ বিশ্বনাথত দুপৰীয়ালৈ গেলামাল দোকান খোলাৰ অনুমতি পূর্বে প্রদান কৰা হৈছিল৷ কিন্তু জিলাখনত ক’ভিডৰ সংক্রমণ ৰোধ কৰাৰ স্বার্থত বিশ্বনাথ পৌৰসভা এলেকাত সম্পূর্ণৰূপে বন্ধ ঘোষণা কৰা হৈছে৷ এই এলেকাসমূহত গেলামাল, ফলমূল আৰু পাচলিৰ দোকানো সম্পূর্ণৰূপে বন্ধ থাকিব৷ আজিৰে পৰা এই নতুন নির্দেশনা প্রযোজ্য হ’ব৷

অৱশ্যে বেংক সেৱাসমূহ পুৱা ৯ বজাৰ পৰা তিনি ঘণ্টাৰ বাবে খোলা ৰখাৰ লগতে অত্যাৱশ্যকীয় সামগ্রীৰ বিভাগীয় অনুমতি লাভ কৰা ব্যৱসায়ীয়ে প্রয়োজন সাপেক্ষে হোম ডেলিভাৰী কৰিব পাৰিব৷ কৃষি বিভাগৰ অনুমতি লাভ কৰা ব্যৱসায়ীয়ে ঘৰে ঘৰে দুপৰীয়া ১২ বজালৈ শাক–পাচলি বিক্রী কৰিব পাৰিব৷ পৰৱর্তী নির্দেশ নিদিয়া পর্যন্ত এই বিধি জিলাখনত প্রযোজ্য হৈ থাকিব৷ আজি বিশ্বনাথত পুৱা ৯ বজাত সেনাই ফ্লেগ মার্চ কৰিব৷ ক’ভিড প্রট’কল ভংগকাৰীৰ বাবে এই বিশেষ পদক্ষেপ গ্রহণ কৰা হৈছে বিশ্বনাথত৷

সেইদৰে সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি আজিৰ পৰা গোলাঘাট জিলাত সম্পূর্ণ লকডাউন ঘোষণা কৰিছে সংশ্লিষ্ট জিলা প্রশাসনে৷ আজি আৰু বুধবাৰে জিলাখনৰ সকলো দোকান–পোহাৰ বন্ধ থাকিব৷ ইতিমধ্যে সোমবাৰৰ পৰা দুদিনীয়া লকডাউন আৰম্ভ হৈছে যোৰহাট জিলাতো৷

লক্ষণীয় যে ৰেড জ’ন গোলাঘাট জিলাত ক’ভিড–১৯ৰ সংক্রমণ ৰোধ কৰাৰ উদ্দেশ্যে জিলা প্রশাসনে ১৩ জুলাই আৰু ১৪ জুলাইত জিলাখনৰ সকলো দোকান–পোহাৰবন্ধ ৰখাৰ নির্দেশ দিছে৷ এই সময়ছোৱাত গাখীৰ বিক্রী কেন্দ্র আৰু ফার্মাচীসমূহৰ বাহিৰে গেলামাল, শাক–পাচলি আৰু ফলমূলৰ দোকানসমূহকে ধৰি সকলো ব্যৱসায়িক প্রতিষ্ঠান বন্ধ থাকিববুলি ঘোষণা কৰে৷ জিলা উপায়ুক্ত তথা জিলা দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ অধ্যক্ষ মৃগেশ নাৰায়ণবৰুৱাই এই সন্দর্ভত নির্দেশনা জাৰি কৰিছে৷ অৱশ্যে এই সময়ছোৱাত পেড্র’ল পাম্প, গেছ এজেঞ্চী, বেংক, চাহ বাগিচা, উদ্যোগ আৰু অন্য জৰুৰী সেৱাসমূহ পূর্বৰ দৰে খোলা থাকিববুলি উল্লেখ কৰে৷ এই নির্দেশনা উলংঘা কৰা লোকৰ বিৰুদ্ধে অসম ক’ভিড–১৯ নিয়ন্ত্রণ অধিনিয়ম, দুর্যোগ ব্যৱস্থাপনা আইন–২০০৫ আৰু ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট অধীনত ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি নির্দেশনাটোত প্রকাশ কৰি উপায়ুক্তগৰাকীয়ে ক’ভিডবিৰোধী যুঁজখনত সহযোগ কৰিবলৈ ৰাইজৰ প্রতি আহ্বান জনাইছে৷

তেওঁ কয় যে কেৱল সন্মিলিত প্রচেষ্টাতহে এই যুঁজত জয়লাভ কৰিব পাৰিব৷ তেওঁ অতি প্রয়োজন নহ’লে ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ ৰাইজৰ প্রতি আহ্বান জনায়৷ অন্যথা প্রশাসনৰ নির্দেশ উলংঘা কৰা ব্যৱসায়ী অথবা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্রহণ কৰা হ’ববুলি তেওঁ সকীয়াই দিয়ে৷ আনহাতে, আজি বিয়লিৰ ভাগত নগৰৰ ষ্টেচন ৰোডৰ সমীপত নীতি উলংঘাকাৰী তিনিখন দোকান ছীল কৰি দিয়ে প্রশাসনে৷

ইপিনে, কঠোৰ হৈ পৰিছে যোৰহাট জিলা প্রশাসন৷ যোৰহাটত জটিল ৰূপ ধাৰণ কৰা ক’ভিড সংক্রমণ ৰোধ কৰাৰ বাবে চৰকাৰে জাৰি কৰা নীতি–নির্দেশনা যাতে কঠোৰভাৱে বলৱৎ হয় তাৰ প্রতি চোকা নজৰ ৰাখিছে জিলা প্রশাসনে৷ আনকি চহৰখনত আৰক্ষী আৰু অর্ধসামৰিক বাহিনীয়ে ফ্লেগ মার্চ কৰি ক’ভিডৰ সময়ত যাতে কোনেও নীতি–নির্দেশনা ভংগ কৰিব নোৱাৰে তাৰ ব্যৱস্থা গ্রহণ কৰিছে৷

You might also like