নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিবিআইৰ অভিযানত ৪.৪৩ কোটি টকা জব্দ

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ  চিবিআইৰ তদন্তত উন্মোচন হৈছে দেশৰ ভিতৰত অন্যতম বৃহৎ উৎকোচ কাণ্ডৰ বহু ভয়াৱহ তথ্য৷ এই বৃহৎ উৎকোচ কাণ্ডৰ মূল অভিকেন্দ্র হৈছে গুৱাহাটী৷ বিগত ১৭ জানুৱাৰীত চিবিআয়ে অভিযান চলাই গ্রেপ্তাৰ কৰিছিল উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ অভিযান্ত্রিক শাখাৰ জ্যেষ্ঠ আই আৰ এছ বিষয়া মহেন্দ্র সিং চৌহানক৷ এইগৰাকী ৰে’ল বিষয়াই নতুন দিল্লীৰ এটা প্রতিষ্ঠানক ঠিকা প্রদানৰ নামত ১ কোটি টকাৰ উৎকোচ বিচৰাৰ অভিযোগ উত্থাপন হৈছিল৷ এইগৰাকী শীর্ষ বিষয়াক গ্রেপ্তাৰৰ পাছত ৰে’ল বিভাগৰ দুর্নীতিগ্রস্ত বিষয়াৰ এটা বৃহৎ চক্রৰ মুখা খোল খাইছে৷

গুৱাহাটীৰ অভিযানৰ আঁতধৰি চিবিআয়ে অসমৰ লগতে দিল্লী, উত্তৰাখণ্ড, ত্রিপুৰা আৰু পশ্চিমবংগৰ ভিন্ন স্থানত অভিযান চলাই এতিয়ালৈকে মুঠ ৪.৪৩ কোটি টকা জব্দ কৰিছে৷ চিবিআইৰ অভিযানত  জব্দ হয় ২.০৪ কোটি টকা৷

উল্লেখ্য যে উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ দুর্নীতিগ্রস্ত বিষয়াগৰাকীক গ্রেপ্তাৰৰ পিছত চিবিআয়ে উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ নির্মাণ শাখাৰ মুখ্য প্রশাসনিক বিষয়া, উপ–মুখ্য অভিযন্তা, সহকাৰী কার্যবাহী অভিযন্তা, আন কেইবাগৰাকীও উচ্চপদস্থ বিষয়া আৰু এটা ব্যক্তিগত প্রতিষ্ঠানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি অভিযান অব্যাহত ৰাখিছে৷ অভিযানকালত এতিয়ালৈকে অসম, ত্রিপুৰাত কর্মৰত ৩গৰাকী ৰে’ল বিষয়াসহ মুঠ ৫ জন লোকক গ্রেপ্তাৰ কৰিছে৷

You might also like