নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাইক’ৰ্টৰ পৰা পুনৰ সময় ল’লে চিবিআয়ে

ডেনিয়েল তপ্ন হত্যাৰ গোচৰ

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ চাহ জনগোষ্ঠীয় নেতা ডেনিয়েল তপ্ণৰ হত্যাকাণ্ডৰ গোচৰ পুনৰ উত্থাপন হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত৷ বৃহস্পতিবাৰে এই গোচৰটোৰ শুনানিৰ বাবে তালিকাভুক্ত হৈ আহে যদিও গোচৰটোৰ ৰেকর্ড দাখিলৰ বাবে পুনৰ সময় বিচাৰে তদন্তকাৰী সংস্থা চি বি আয়ে৷ গোচৰটোৰ পৰৱর্তী শুনানিৰ দিন অহা ১১ জানুৱাৰী ধার্য কৰা হৈছে৷ উল্লেখ্য যে চাহ জনগোষ্ঠীৰ নেতা ডেনিয়েল তপ্ণক ২০০০ চনৰ ২৭ ছেপ্টেম্বৰত গহপুৰত হত্যা কৰা হৈছিল৷ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা এই হত্যাকাণ্ডত নাম সাঙোৰ খাই পৰে বর্তমানৰ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ৷ অৱশ্যে পৰৱর্তী সময়ত নিম্ন আদালতে বৰাক দোষমুক্ত কৰি দিয়ে৷ ইয়াৰ বিৰুদ্ধে চি বি আই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷

You might also like