নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংবাদিকৰ প্ৰশ্নত বিব্ৰত MLA আব্দুৰ ৰহিম আজমল; বাৰে বাৰে ক’লে ‘repeat the question’

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ  ধুমকেতুৰ দৰে হঠাৎ যমুনামুখত আবিৰ্ভাৱ হ’ল বদৰুদ্দিন আজমল পুত্ৰ আব্দুৰ ৰহিম আজমল। পৈতিক ব্যৱসায়ত সদায় ব্যস্ত থকা পুত্ৰ আব্দুৰ ৰহিম আজমলক প্ৰশ্নৰে থকাসৰকা কৰিলে সাংবাদিকে। কাৰণ আব্দুৰ ৰহিম আজমল যমুনামুখৰ নিৰ্বাচিত বিধায়ক। ব্যৱসায়ৰ কামত বছৰটোৰ সৰহভাগ সময় ৰাজ্যত বাহিৰত থকাৰ বাবে সময় নাপাই সমষ্টি উন্নয়নৰ ভূ-ভা। যাৰ বাবে যমুনামুখবাসীয়ে চেহেৰাই পাহৰিলে বিধায়কগৰাকীৰ।

লগতে পঢ়কঃ ২০২০ বছৰটো অসমবাসীৰ বাবে জটিল বছৰঃ গৌৰৱ গগৈ

ইপিনে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ নাজল-নাচল অৱস্থা আজমল পুত্ৰ আব্দুৰ ৰহিম আজমলৰ। উত্তৰ দিয়া দূৰৰে কথা সাংবাদিকে কৰা প্ৰশ্নক বুজিবলৈও বহু সময়ৰ প্ৰয়োজন হৈছিল এইগৰাকী বিধায়কৰ।

উল্লেখ্য যে জৰা–ফুঁকাৰ ৰাজনীতিৰে সংখ্যালঘুৰ ভোট আদায় কৰিবলৈ ৰাজনীতি কৰি অহা এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমল নেতৃত্বাধীন আজমল ফাউণ্ডেচন সোমাই পৰিছে আন এক বিতর্কত৷ বিশ্বজুৰি সন্ত্রাস সৃষ্টি কৰা কেইবাটাও দুর্ধর্ষ সন্ত্রাসবাদী সংগঠনৰে জড়িত বিদেশী সংস্থাৰ পৰা আজমল ফাউণ্ডেচনে পুঁজি লাভ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ লিগেল ৰাইটছ অবজাৰভেটৰী নামৰ এটা বেচৰকাৰী সংস্থাই আজমল ফাউণ্ডেচনৰ বিৰুদ্ধে প্রকাশ কৰিছে এই বিস্ফোৰক তথ্যসমূহ৷ ফৰেইন কণ্ট্ৰিবিউচন ৰেগুলেচন এক্ট ভংগ কৰি বিগত সময়ছোৱাত আজমল ফাউণ্ডেচনে এই বিদেশী পুঁজিৰ অপব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে৷

You might also like