নিয়মীয়া বাৰ্তা, ধুবুৰী, ১৩ অক্টোবৰ : আগন্তুক দ্বীপান্বিতা উপলক্ষে এইবেলি প্ৰায় ১ কোটিৰো অধিক মাটিৰ চাকি নিৰ্মাণ কৰি অভিলেখ গঢ়াৰ পথত ধুবুৰী জিলাৰ টেৰাকোটা গাঁওখ্যাত আশাৰীকান্দিৰ মৃৎশিল্পীসকল। “বিগত বছৰৰ দীপাৱলীত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ উপৰি দেশ-বিদেশলৈ আশাৰীকান্দীৰ পৰা ১ কোটি মাটিৰ চাকি প্ৰেৰণ কৰা হৈছিল। সেয়ে ২০২৪ বৰ্ষৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি এইবেলি আশাৰীকান্দীৰ মৃৎশিল্পীসকলে প্ৰায় ১ কোটি ২০ লাখ মাটিৰ চাকি নিৰ্মাণ কৰিছে। আগলৈ গৈ আশাৰীকান্দিৰ মাটিৰ চাকিৰ চাহিদা অধিক বৃদ্ধি পাব বুলি আমি আশাবাদী।”- এইদৰেই আশা প্ৰকাশ কৰে উত্তৰ-পূব শিল্প আৰু গ্ৰাম্য উন্নয়ন সংস্থা (চমুকৈ নেকাৰ্ডো)ৰ প্ৰতিষ্ঠাপক সঞ্চালক বিনয় ভট্টাচাৰ্যই। নেকাৰ্ডো নামৰ এই সংস্থাটোৱে ২০০৬ চনৰ পৰাই আশাৰীকান্দিত টেৰাকোটা কলা আৰু সংস্কৃতিৰ প্ৰমোচনৰ বাবে এক ৰাষ্ট্ৰসংঘ উন্নয়ন প্ৰকল্প (ইউএনডিপি)ৰ অধীনত আঁচনি ৰূপায়ণ কৰি আছে।
উল্লেখ্য যে আশাৰীকান্দিৰ মাটিৰ চাকিৰ চাহিদা ধুবুৰী বা অসমতেই কেৱল নহয়; দেশৰ বিভিন্ন প্ৰান্তৰ উপৰি বিদেশতো আছে সুনাম। দৰাচলতে দ্বীপান্বিতাত চাইনিজ লাইট বৰ্জন কৰাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বানৰ পিছৰে পৰা আশাৰীকান্দিৰ মাটিৰ চাকিৰ চাহিদা বহুগুণে বৃদ্ধি পায়। প্ৰতি বছৰে দ্বীপান্বিতাৰ আগে আগে দেশৰ বিভিন্ন প্ৰান্তলৈ যায় ট্ৰাকে ট্ৰাকে আশাৰীকান্দিৰ মাটিৰ চাকি।
উল্লেখ্য যে আশাৰীকান্দিৰ টেৰাকোটা শিল্পৰ উত্তৰণ তথা এই নীৰৱ অৰ্থনৈতিক বিপ্লৱৰ মূল চালিকা শক্তি কিন্তু গাঁওখনৰ মহিলাসকল। আশাৰীকান্দিৰ ৬০০/৭০০ শিল্পীৰ অতি কমেও ৪০০গৰাকী মহিলা প্ৰত্যক্ষভাৱে জড়িত হৈ আছে টেৰাকোটা শিল্পৰ সৈতে। টেৰাকোটাক বিষয়বস্তু ৰূপে লৈ আছে ৮টাকৈ মহিলা আত্মসহায়ক গোট আৰু এখন সমবায় সমিতি- আশাৰীকান্দি ড’ল মেকিং সমবায় সমিতি আছে। বৰ্তমানে গাঁওখনৰ ১৩৪টা পৰিয়ালৰ প্ৰতিটো গৃহৰে মহিলাসকলৰ অধিকাংশই ব্যস্ত নানান শৈলীৰ মাটিৰ চাকি নিৰ্মাণত। উল্লেখ্য যে ২০২৪ বৰ্ষত আশাৰীকান্দিৰ টেৰাকোটা শিল্পই জিআই টেগ লাভ কৰি অসম তথা ধুবুৰী জিলালৈ এক বিশেষ সন্মানো কঢ়িয়াই আনিছে।