অসমৰ ৯খন প্ৰধান বিল তথা উল্লেখনীয় পৰ্যটন ক্ষেত্ৰসমূহৰ ভিতৰত চানডুবি বিল অন্যতম ৷ ১৮৯৭ চনৰ প্ৰবল ভূইকঁপৰ ফলত এই মনোৰম বিলখনৰ সৃষ্টি হৈছিল ৷ কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৱৰ্তী ৰাজাপাৰাত অৱস্থিত বিলখনৰ জৈৱ-বৈচিত্ৰ্যৰ অপূৰ্ব স্বকীয়তা বাৰুকৈয়ে মনকৰিবলগীয়া ৷ কিয়নো পাহাৰৰ আবেষ্টনীৰ মাজত অৱস্থিত অগভীৰ বিলখনৰ জলভাগত সাধাৰণ মাছ-কাছৰ উপৰি কেতবোৰ বিৰল তথা দুষ্প্ৰাপ্য প্ৰজাতিৰ জলজ প্ৰাণী আৰু কীট-পতংগৰ অৱস্থিতিৰ তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে জীৱবিজ্ঞানীসকলে ৷
বিলখনৰ পাৰৰ সেউজীয়া ঘন অৰণখনো অনেক আপুৰুগীয়া গছ-বিৰিখ আৰু তৰুলতাৰে পৰিপূৰ্ণ ৷ ঠিক তেনেদৰে অনেক ৰং-বিৰঙৰ বন বিহগীৰ সুমধুৰ গুঞ্জনত মুখৰিত হৈ থাকেে বিলখনৰ পাৰৰ সেউজ উপত্যকা ৷ তদুপৰি শীতৰ আগমনৰ লগে লগে প্ৰাকৃতিক বিস্ময়কৰ উপাদানেৰে পৰিপুষ্ট মনোৰম ক্ষেত্ৰখনৰ নৈসৰ্গিক শোভা উপভোগৰ বাবে পৃথিৱীৰ ভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী পৰ্যটকৰ আগমন ঘটে ৷ ঠিক তেনেদৰে এইবেলিও শীতৰ আগমনৰ লগে লগেই অনুপম ক্ষেত্ৰখনলৈ আৰম্ভ হৈছে দেশী-বিদেশী প্ৰকৃতিপ্ৰেমী-পৰ্যটকৰ স্ৰোত ৷
ইফালে, ২০২৬ বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ৫ জানুৱাৰীলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে বিলখনৰ সেউজ উপত্যকাত চানডুবি উৎসৱ উদযাপনৰ বাবেও ব্যাপক প্ৰস্তুতি চলিছে ৷ ইতিমধ্যে বিলখনৰ সেউজীয়া বাকৰিত উক্ত উৎসৱলৈ আগমন হ’বলগীয়া প্ৰকৃতিপ্ৰেমী দৰ্শনাৰ্থীসকলক আকৰ্ষিত কৰাৰ বাবে উৎসৱথলী দৃষ্টিনন্দন ৰূপত সজাই তোলাৰ ব্যাপক প্ৰস্তুতি চলিছে ৷
লক্ষণীয়ভাৱে বাঁহ-বেত, খেৰ-নৰা আদিৰে বিভিন্ন আৰ্হিৰ ঘৰ তথা বিভিন্ন দ্বাৰৰ দৃষ্টিনন্দন ৰূপত নিৰ্মাণকাৰ্য চলি আছে । আনহাতে, প্ৰকৃতিপ্ৰদত্ত বিলখনৰ জৈৱ-বৈচিত্র্য আৰু ইয়াৰ দাঁতিকাষৰীয়া নৃগোষ্ঠীয় লোকসকলৰ ভাষা, কৃষ্টি-সংস্কৃতি, খাদ্যাভাস, সাজপাৰ, লোককলা আদি সংৰক্ষণৰ উপৰি প্ৰচাৰ-প্ৰসাৰৰ উদ্দেশ্যে অনুষ্ঠিত কৰি অহা উক্ত উৎসৱত অঞ্চলটোৰ থলুৱা লোকসকলৰ চহা জীৱনৰ অনবদ্য বৰ্ণিল জীৱনশৈলী, খাদ্যাভাস তথা থলুৱা পৰম্পৰাগত খেল-ধেমালিৰ উপৰি অসমীয়া জাতীয় জীৱনৰ স’তে সংপৃক্ত সকলোবোৰ লোককৃষ্টিৰ সমাহাৰ ঘটে ৷
বিশেষকৈ এইবেলিও উৎসৱৰ বাৰেৰহণীয়া কাৰ্যসূচীত পূৰ্বৰ দৰেই মনোমুগ্ধ লোককৃষ্টি, থলুৱা জাতীয় পৰম্পৰাৰ লগতে বিশিষ্ট প্ৰকৃতিপ্ৰেমী তথা পৰিৱেশবিদৰ উপস্থিতিত বিভিন্ন অনুষ্ঠান আদি অনুষ্ঠিত কৰাৰ দিহা কৰা বুলি জানিবলৈ দিয়ে উদযাপন সমিতিৰ মুখ্য সম্পাদক সত্যজিত ৰাভাই৷ তদুপৰি তেনে এক উল্লেখনীয় ইতিবাচক চিন্তা-চেতনাৰে প্ৰকৃতিৰ লগতে থলুৱা লোককলা সংৰক্ষণৰ হেতু জাগৰণ সৃষ্টিৰ প্ৰয়াসেৰে আয়োজিত উৎসৱটিৰ বিশ্বমুখী যাত্ৰাত সকলোকে সহযোগিতা আগবঢ়াবলৈ বিনম্ৰ অনুৰোধ জনাইছে উৎসৱ উদযাপন সমিতিয়ে ৷