নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটত প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ : জিলা আয়ুক্তক অভিযোগ

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰী : ৰূপহীহাটৰ লাওখোৱা প্ৰাথমিক শিক্ষা উন্নয়ন খণ্ডৰ অন্তৰ্গত এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ তুলি জিলা আয়ুক্তক অভিযোগ দাখিল কৰিছে পৰিচালনা সমিতিৰ সভানেত্ৰীয়ে | প্ৰাপ্ত অভিযোগ মতে, পশ্চিম ফুটালজাৰ কে আলী এল পি স্কুলৰ প্ৰধান শিক্ষক ছেলিম ইউচুফে চৰকাৰী অনুদানৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে |চৰকাৰে দিয়া বিনামূলীয়া বহী ছাত্ৰ-ছাত্ৰীক বিক্ৰী কৰাৰো অভিযোগ উঠিছে এইজন প্ৰধান শিক্ষকৰ বিৰুদ্ধে| ইয়াৰ উপৰি মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰতো ব্যাপক অনিয়ম সংঘটিত কৰি অহাৰ অভিযোগ উঠিছে | প্ৰধান শিক্ষকজনে বেংকত সভানেত্ৰীৰ ম’বাইল নম্বৰ নিদি বেলেগৰ নম্বৰ দি অ’টিপি লৈ টকা উঠাই আত্মসাৎ কৰাৰ অভিযোগ তুলিছে ৷ প্ৰধান শিক্ষকজনে বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰীগৰাকীক বেয়া ব্যৱহাৰ কৰাৰো অভিযোগ উঠিছে | প্ৰধান শিক্ষকজনৰ এই দুৰ্নীতিৰ বিৰুদ্ধে জিলা আযুক্তক এক লিখিত অভিযোগ কালি দাখিল কৰিছে ৷ এতিয়া জিলা প্ৰশাসনে এই দুৰ্নীতিগ্ৰস্ত শিক্ষকজনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া হ’ব লক্ষণীয় বিষয় ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like