মৰিগাঁও জিলাৰ চিকিৎসক ডাঃ ৰোহন কাকতীৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য সৃষ্টি হৈছে। বৃহস্পতিবাৰে (২৬ ফেব্ৰুৱাৰী) ওড়িশাৰ কটক চহৰত থকা ভাৰাঘৰৰ পৰা তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
ডাঃ ৰোহন কাকতী পেছাদাৰী ফিজিঅ’থেৰাপিষ্ট হিচাপে ওড়িশাত কৰ্মৰত আছিল। পৰিয়ালৰ লোকে জনোৱা মতে, ২৫ ফেব্ৰুৱাৰীত তেওঁ মৰিগাঁৱৰ ঘৰ এৰি কটকলৈ গৈছিল। পিছদিনাই তেওঁৰ আকস্মিক মৃত্যুৰ খবৰে গোটেই অঞ্চলত শোক আৰু চাঞ্চল্যৰ সৃষ্টি কৰে।
মৃতকৰ পৰিয়ালৰ লোকে এই ঘটনাক স্বাভাৱিক বা দুৰ্ঘটনাজনিত মৃত্যু বুলি মানিবলৈ অস্বীকাৰ কৰিছে। তেওঁৰ মাতৃ আৰু ভগ্নীয়ে ঘটনাটো সন্দেহজনক বুলি উল্লেখ কৰি ই পূৰ্বপৰিকল্পিত হত্যাকাণ্ড হ’ব পাৰে বুলি অভিযোগ তোলে।
এই শোকাৱহ ঘটনাৰ পাছত পৰিয়ালটোৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰি উচ্চস্তৰৰ নিৰপেক্ষ তদন্তৰ দাবী জনাইছে। তেওঁলোকে লগতে অসম আৰু ওড়িশা আৰক্ষীক সমন্বয় কৰি ঘটনাৰ প্রকৃত সত্য উন্মোচন কৰাৰ আহ্বান জনায়। পৰিয়ালৰ অভিযোগ অনুসৰি, ই কোনো স্বাভাৱিক বা দুৰ্ঘটনাজনিত মৃত্যু নহয়, বৰং পৰিকল্পিত হত্যাকাণ্ড হ’ব পাৰে।
ডিজিটেল ডেস্ক, ২৭ ফেব্ৰুৱাৰী