নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আবতৰতে নাচিবলৈ আৰম্ভ কৰিছে বিৰোধীয়ে, মই সকলো অংক কৰিয়েই থৈছোঁ

নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ ৰাজ্যসভা নির্বাচনক লৈ কংগ্রেছকে ধৰি বিৰোধীয়ে আবতৰতে নাচিবলৈ আৰম্ভ কৰিছে বুলি তীব্র কটাক্ষ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যসভা নির্বাচনৰ নটিফিকেচন জাৰিয়েই হোৱা নাই৷ ক’ভিড চলি থাকিলে নির্বাচন আয়োগে অহা এপ্রিল–মে’ মাহৰ আগত নির্বাচনো নাপাতিব৷ এই মুহূর্তত মাজুলীৰ উপ–নির্বাচনহে হ’বলগীয়া আছে৷ এই সময়ত মাজুলীৰ উপ–নির্বাচনক লৈহে কথা–বতৰা হ’ব লাগিছিল৷ সেইদৰে পৌৰ নির্বাচনক লৈ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ক’ভিড চলি থাকিলে ফেব্রুৱাৰী মাহত হ’বলগীয়া পৌৰ নির্বাচন হয়তো মে’ মাহত অনুষ্ঠিত হ’ব৷ চৰকাৰে বাৰিষা অহাৰ পূর্বে পৌৰ নির্বাচন, গুৱাহাটী পৌৰ নিগমৰ নির্বাচন অনুষ্ঠিত কৰিব৷

ইপিনে, ৰাজ্যসভা নির্বাচনৰ পূর্বে পৰাজয়ৰ শংকাত ভুগিছে কংগ্রেছ৷ প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাৰ ভাষ্যতে প্রকাশ পাইছে এই শংকা৷ আজি প্রদেশ কংগ্রেছৰ মুখ্য কার্যালয় ৰাজীৱ ভৱনত সভাপতি বৰাই সংবাদ মাধ্যমৰ আগত কয়– হর্ছ ট্রেডিঙৰ আশংকা আছে৷ হর্ছ ট্রেডিং হ’ব পাৰে৷ ৰাজ্যসভা নির্বাচনৰ প্রার্থিত্ব সম্পর্কত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত কৰাৰ পাছতহে এই সম্পর্কত দলে তৎপৰতা আৰম্ভ কৰিব বুলি প্রকাশ কৰে৷ সভাপতি বৰাৰ এই ভাষ্যৰ বিপৰীতে কংগ্রেছৰ এক সূত্রই জানিবলৈ দিয়া মতে, ৰাজ্যসভাৰ নির্বাচন সম্পর্কত দলে ইতিমধ্যে ৫জনীয়া তালিকা এখন যুগুতাইছে৷ এই পাঁচজনীয়া প্রার্থিত্ব পেনেলত দলৰ জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰ, শৰৎ বৰকটকী, ৰিপুণ বৰা, ৰাণী নৰহ আৰু ভূপেন কুমাৰ বৰাৰ নাম সন্নিৱিষ্ট কৰিছে বুলি সূত্রটোৱে জানিবলৈ দিয়ে৷ দলৰ তৰফৰ পৰা অনানুষ্ঠানিকভাৱে এই পেনেল কংগ্রেছৰ শীর্ষ নেতৃত্বক অৱগত কৰিছে বুলিও প্রকাশ৷ ইফালে, ৰাজ্যসভা নির্বাচনত এআইইউডিএফৰ সমর্থন আদায়ৰ ক্ষেত্রত এআইচিচিয়ে তৎপৰতা আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে৷ মন কৰিবলগীয়া এয়ে যে মুখ্যমন্ত্রী ড০ শর্মাই কালি সংবাদ মাধ্যমৰ আগত ৰাজ্যসভা নির্বাচনক লৈ বিৰোধীয়ে কোনো চিন্তা কৰি লাভ নাই, ‘মই সকলো অংক কৰিয়েই থৈছোঁ’ বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ সেই ভাষ্যই বিৰোধী শিবিৰত নতুনকৈ হতাশা, অবিশ্বাসৰ বাতাৱৰণ সৃষ্টি কৰিছে৷

You might also like