নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছত্তিশগড়ত শ্বহীদ অসমৰ বিষয়া–জোৱান

বিজাপুৰত মাওবাদীৰ ভয়ংকৰ আক্রমণত নিহত ২২ চিআৰপিএফ

নিয়মীয়া বাৰ্তা ৫ এপ্ৰিলঃ  ভয়ংকৰ আক্রমণত নিহত হৈছে চিআৰপিএফৰ ১১০নং কোব্রা বেটেলিয়নত কর্মৰত অসমৰ পৰিদর্শক দিলীপ দাস আৰু জোৱান বাবলু ৰাভা৷ উল্লেখ্য যে কালি বিজাপুৰত হোৱা মাওবাদীৰ এই আক্রমণত চিআৰপিএফ আৰু ডিআৰজিৰ ১২জন বিষয়া–জোৱানৰ এইপর্যন্ত মৃত্যু হৈছে৷ ইয়াৰে ১৭জন শ্বহীদৰ মৃতদেহ আজি উদ্ধাৰ হৈছে৷ ইতিমধ্যে ছত্তিশগড়ৰ পৰা নিজ নিজ বাসগৃহলৈ শ্বহীদ জোৱানসকলৰ মৃতদেহ সামৰিক বাহিনীৰ তত্ত্বাৱধানত প্রেৰণ কৰা হৈছে৷ অসমৰ সৰুপেটাৰ নিহত পৰিদর্শক দিলীপ দাস আৰু দুধনৈৰ দামৰাৰ জোৱান বাবলু ৰাভাৰ মৃতদেহ আজি সন্ধিয়া বৰঝাৰ বিমানবন্দৰ আহি পোৱাৰ পাছত সামৰিক বাহিনীৰ তৰফৰ পৰা শ্রদ্ধা জনাই নিজ বাসগৃহলৈ প্রেৰণ কৰা হয়৷ ৰাষ্ট্রীয় মর্যাদাৰে দুয়োজন শ্বহীদৰ নশ্বৰদেহৰ শেষকৃত্য কাইলৈ সম্পন্ন কৰা হ’ব বুজি জানিব পৰা গৈছে৷
মাওবাদীৰ আক্রমণত নিহত শ্বহীদ দিলীপ দাসৰ পৰিয়ালত শোকৰ বন্যা
ছত্তিশগডত কালি মাওবাদীৰ আক্রমণত শ্বহীদ হোৱা সৰুপেটা ভাৰেগাঁৱৰ সন্তান দিলীপ কুমাৰ দাসৰ মৃত্যুৰ বাতৰিয়ে সমগ্র ৰাজ্যৰ লগতে সৰুপেটাতো শোকাকুল পৰিৱেশ সৃষ্টি কৰিছে৷ আর্থিকভাৱে যথেষ্ট পিছপৰা এটা পৰিয়ালৰ পৰা গৈ কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ পৰিদর্শক পর্যায়ৰ বিষয়া হোৱা দিলীপ কুমাৰ দাসৰ মৃত্যুৰ বাতৰি আজি দিনৰ আঢ়ৈ বজাত পৰিয়ালৰ লোকক অৱগত কৰাৰ পাছত কান্দোনৰ ৰোল উঠে পৰিয়ালৰ মাজত৷ শ্বহীদ দিলীপ কুমাৰ দাস সৰুপেটা ভাৰেগাঁৱৰ কৃষক বনমালী দাস আৰু মইনা দাসৰ দ্বিতীয় পুত্র সন্তান৷ ১৯৭৯বর্ষৰ ১ জানুৱাৰীত জন্মগ্রহণ কৰা দিলীপ কুমাৰ দাসে ২০০১বর্ষত চি আৰ পি এফৰ ২১০নং কোব্রা ৰেজিমেণ্টত যোগদান কৰিছিল জোৱান হিচাপে৷ যথেষ্ট মেধাৱী দিলীপ কুমাৰ দাসে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হৈছিল যদিও পৰিয়ালৰ আর্থিক দুৰৱস্থাৰ বাবে পঢ়া জীৱন আধৰুৱা কৰি চি আৰ পি এফৰ জোৱান হিচাপে ভর্তি হৈছিল৷ চাকৰিকালতে দিলীপে স্নাতক ডিগ্রী লাভ কৰি পৰিদর্শক পদলৈ পদোন্নতি লাভ কৰিবলৈ সক্ষম হৈছিল৷ যথেষ্ট সাহসী বিষয়া হিচাপে দিলীপ কুমাৰ দাসে চি আৰ পি এফৰ নিজৰ ৰেজিমেণ্টত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ লগতে ব্যক্তিগতভাৱে যথেষ্ট অমায়িক হিচাপে পৰিচিত আছিল৷ সৰুপেটা হাইস্কুল আৰু বি এইচ বি মহাবিদ্যালয়ত নিজৰ শিক্ষা জীৱন অতিক্রম কৰা দিলীপে পঢ়া জীৱনতো জনপ্রিয়তাৰ পৰিচয় দিছিল৷

এই জনপ্রিয়তাৰ পৰিচয়েৰে দিলীপে বি এইচ বি মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সমাজসেৱা সম্পাদকৰ পদত নির্বাচিত হৈছিল৷ শ্বহীদ দিলীপেবৃদ্ধ পিতৃ–মাতৃ, তিনিজন ভাতৃ আৰু দুগৰাকী বিবাহিত ভগ্ণীৰ লগতে পত্নী পপী দাস আৰু দুগৰাকী কন্যা সন্তান হিয়ামণি দাস আৰু ৰিচা দাসক ইহসংসাৰত এৰি থৈ যায়৷ কন্যা হিয়ামণি দাসে ষ্টেলা মেৰিছ স্কুলৰ ষষ্ঠ শ্রেণীত পঢ়ি থকাৰ লগতে ৰিচা দাসৰ দুবছৰ হৈছে৷ নাবালিকা দুই কন্যাই তেওঁলোকৰ গৃহত আজি কিয় ইমান মানুহৰ সোঁত বৈছে সেয়া জানিবলৈ ভালকৈ সক্ষম হোৱা নাই যদিও পিতৃৰ খবৰে তেওঁলোকৰ চকুতো এক অনামী দুখৰ ছাঁ বিয়পাই দিছে৷ কোনেও শিশু দুটিকবুজাব নোৱাৰা পৰিৱেশ হৈছে যে তেওঁলোকৰ পিতৃ দেশৰ বাবে শ্বহীদবৰণ কৰিছে৷ আনহাতে, শ্বহীদৰ পিতৃ শোকত ভাগি পৰিছে যদিও দেশৰ বাবে মৃত্যু ঘটা সাহসী পুত্রক লৈ গৌৰৱ অনুভৱ কৰাবুলি ব্যক্ত কৰে৷ শ্বহীদ দিলীপ কুমাৰ দাসৰ শৱ কাইলৈ সন্ধিয়ালৈ অসমলৈ অনা হ’ব আৰু ৰাষ্ট্রীয় মর্যাদাৰে অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হ’ব বুলি জানিব পৰা গৈছে৷ দিলীপ কুমাৰ দাসৰ মৃত্যুত বিভিন্ন দল–সংগঠনে শোক প্রকাশ কৰিছে৷
এইবেলি বিহুত ঘৰলৈ অহা নহ’ল বাবলু ৰাভাৰ
মাওবাদীৰ বিৰুদ্ধে অভিযানকাৰী নিৰাপত্তা বাহিনীৰ দল এটাৰ ওপৰত কালি নিষিদ্ধ মাওবাদীয়ে চলোৱা ভয়াৱহ আক্রমণত অসমৰ এগৰাকী জোৱান শ্বহীদ হৈছে৷ এই আক্রমণত শ্বহীদ হোৱা অসমৰ চি আৰ পি এফৰ ১১০ বেটেলিয়ন (কোব্রা)ৰ জোৱানজনৰ নাম বাবলু ৰাভা ৷ নিহত বাবলু ৰাভাৰ ঘৰ গোৱালপাৰা জিলাৰ দুধনৈৰ দামৰাত৷ কালি ৬গৰাকী জোৱান শ্বহীদ হৈছিল যদিও আজি আহত কেইবাগৰাকী জোৱানে শেষ নিশ্বাস ত্যাগ কৰে বুলি জানিব পৰা গৈছে৷ ইতিমধ্যে মাওবাদীৰ এই আক্রমণত শ্বহীদ জোৱানৰ সংখ্যা ২২গৰাকীলৈ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে৷ বাবলু ৰাভা চি আৰ পি এফৰ কোব্রা বেটেলিয়নৰ জোৱান আছিল৷ যোৱা নৱেম্বৰত শেষবাৰৰ বাবে ঘৰলৈ অহিছিল বাবলু ৰাভা৷ এইবেলি বিহুত পুনৰ ঘৰলৈ অহাৰ কথা আছিল বাবলু ৰাভা৷ কিন্তু ছত্তিশগডৰ বিজাপুৰ জিলাৰ তাৰেম অঞ্চলত মাওবাদীৰে হোৱা সংঘর্ষত বাবলু ৰাভা শ্বহীদ হয়৷ বাবলু ৰাভাই ২০০৯ চনত চি আৰ পি এফত যোগদান কৰিছিল৷ দৰিদ্র পৰিয়ালৰ সন্তান আছিল বাবলু ৰাভা৷ চি আৰ পি এফত যোগদানৰ পাছত থাকিবলৈ এটা পকীঘৰ সাজি আছিল৷ কিন্তু নিয়তিৰ কি বিধান পকী ঘৰটো সম্পূর্ণ নহ’ল৷ বৰং কালি নিশা পৰিয়াললৈ আহিল চৰম বেদনাদায়ক খবৰটো৷

বাবলু ৰাভা সৰুৰে পৰা নম্র, অমায়িক স্বভাৱৰ আছিল৷ দামৰা ডনবস্ক’ হাইস্কুলৰ পৰা মেড্রিক পাছ কৰিছিল বাবলু ৰাভাই৷ সৰুৰে পৰা বাবলু ৰাভাই ফুটবল খেলি ভাল পাইছিল ৷ অঞ্চলটোত এগৰাকী ফুটবল খেলুৱৈ হিচাপে জনপ্রিয় আছিল বাবলু ৰাভা ৷ ২০০৯ চনত চি আৰ পি এফত যোগদান কৰিছিল আৰু পাছত চি আৰ পি এফৰ ১১০ বেটেলিয়নত কর্মৰত আছিল৷ চি আৰ পি এফত চাকৰি লাভ কৰাৰ পাছতহে দৰিদ্রতাৰ পৰা সামান্য মুক্ত হৈছিল পৰিয়ালটো৷ পৰিয়ালটোত উপার্জনৰ একমাত্র ব্যক্তি আছিল বাবলু ৰাভা৷ আজি বাবলু ৰাভাৰ মৃত্যুৰ বাতৰিয়ে মর্মাহত কৰি তুলিছে পৰিয়ালটোক৷ বাবলু ৰাভাৰ মৃত্যুৰ খবৰে সমগ্র দুধনৈ অঞ্চলত শোকৰ ছাঁ পেলাইছে৷ বীৰ জোৱানগৰাকীয়ে সাত বছৰীয়া এটি কন্যা শিশু আৰু পত্নী, মাতৃ আৰু দুগৰাকী ককাই–ভাইৰ লগতে বহু আত্মীয়–স্বজনক এৰি থৈ গৈছে৷ বীৰ শ্বহীদ বাবলু ৰাভাৰ মৃতদেহটো আজি নিশা অসম আহি পাব যদিও কালি পুৱাহে নিজ ঘৰলৈ নিয়াৰ ব্যৱস্থা কৰিব প্রশাসনে৷
ছত্তিশগড়ত মাওবাদীৰে সংঘর্ষত নিহত অসমৰ
চিআৰপিএফৰ বিষয়া–জোৱানক বৰঝাৰ বিমানবন্দৰত শ্রদ্ধাঞ্জলি
ছত্তিশগড়ৰ বিজাপুৰ জিলাৰ তাৰেম অঞ্চলৰ ঘন অৰণ্যত ৩ এপ্রিলত মাওবাদীৰে সংঘর্ষত নিহত হোৱা কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআৰপিএফ)ৰ ২১০ কোব্রা বেটেলিয়নৰ ৮জনৰ ভিতৰত অসমৰ এজন পৰিদর্শক পর্যায়ৰ বিষয়া আৰু এজন জোৱানো আছে৷ পৰিদর্শকজন হ’ল বৰপেটা জিলাৰ সৰুক্ষেত্রীৰ দিলীপ দাস আৰু জোৱানজন হ’ল গোৱালপাৰা জিলাৰ দুধনৈৰ দামৰা পাটপাৰা গাঁৱৰ বাবলু ৰাভা৷ আনহাতে, দুয়োজনৰ নশ্বৰদেহ দেওবাৰে সন্ধিয়া এখন বিশেষ বিমানেৰে বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰলৈ অনা হয়৷ বিমানবন্দৰত চি আৰ পি এফৰ উত্তৰ–পূব ক্ষেত্রৰ মহাপৰিদর্শক সোণাল ডি মিশ্র, ১৭৫ বেটেলিয়নৰ ডেপুটী কমাণ্ডেণ্ট মনোজ সিঙকে ধৰি বাহিনীটোৰ কেইবাজনো বিষয়াই শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ তাৰ পাছত দুখন পুষ্পসজ্জিত বাহনত দুয়োজনৰে নশ্বৰদেহ নিজ গৃহলৈ লৈ যায়৷ সোমবাৰে দিনৰ ভাগত নিজ নিজ গৃহভূমিত ৰাষ্ট্রীয় মর্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব শ্বহীদ দুজনৰ৷
ছত্তিশগড়ত মাওবাদীৰে হোৱা সংঘর্ষত শ্বহীদ জোৱানৰ সংখ্যা ২২জনলৈ বৃদ্ধি
ছত্তিশগড়ৰ বিজাপুৰ জিলাত কালি নিষিদ্ধঘোষিত বাঁওপন্থী বিদ্রোহী সংগঠন চিপিআই (মাওবাদী)য়ে নিৰাপত্তা বাহিনীৰ ওপৰত চলোৱা ভয়ংকৰ আক্রমণত প্রাণ হেৰুওৱা জোৱানৰ সংখ্যা ২২গৰাকীলৈ বৃদ্ধি পাইছে৷ শ্বহীদ জোৱানসকলৰ ভিতৰত আছে চিআৰপিএফ আৰু ইয়াৰ কোব্রা ইউনিট তথা জিলা সংৰক্ষিতৰক্ষী (ডিআৰজি)ৰ কর্মী৷ উল্লেখনীয় যে কালি বিজাপুৰ আৰু ছুকমা জিলাৰ সীমান্তৰ তাৰেম অঞ্চলত মাওবাদীয়ে চলোৱা আক্রমণত ৫গৰাকী জোৱানে প্রাণ হেৰুওৱা বুলি আৰক্ষী সূত্রই সদৰী কৰিছিল৷ এই অতর্কিত আক্রমণৰ পাছতে সন্ধানহীন হৈ আছিল ১৮গৰাকী জোৱান৷ ১৮গৰাকী সন্ধানহীন জোৱানৰ ১৭জনৰ মৃতদেহ আজি উদ্ধাৰ কৰা হৈছে৷ ইফালে, এই আক্রমণৰ ঘটনাত আন ৩১গৰাকী জোৱান আহত হৈছে৷ আহত জোৱানসকলৰ ৭গৰাকীক ৰায়পুৰৰ হাস্পতালত ভর্তি কৰাৰ উপৰি আন ২৪গৰাকীক বিজাপুৰ জিলা হাস্পতালত চিকিৎসা প্রদান কৰি থকা হৈছে৷ স্মর্তব্য যে বিদ্রোহী মাওবাদীৰ সবল সাংগঠনিক ভেটি থকা বিজাপুৰ আৰু ছুকমা জিলাৰ অৰণ্যত শুকুৰবাৰে নিশাৰে পৰা অভিযান চলাইছিল নিৰাপত্তা বাহিনীয়ে৷ লক্ষণীয়ভাৱে এই আক্রমণৰ ঘটনাৰ সময়ত নিৰাপত্তা বাহিনীৰ কেইবাটাও অস্ত্র মাওবাদীয়ে কাঢ়ি লৈ যোৱা বুলি স্থানীয় সংবাদ মাধ্যমে সদৰী কৰিছে৷

নিৰাপত্তা বাহিনীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি শুকুৰবাৰে নিশা বিজাপুৰ আৰু ছুকমা জিলাত দুই সহস্রাধিক কর্মীয়ে কেইবাটাও ভাগত ভাগ হৈ বিদ্রোহীৰ বিৰুদ্ধে অভিযান চলাইছিল৷ মাওবাদী বিদ্রোহীবিৰোধী এই অভিযান মূলতঃ চলোৱা হৈছিল দক্ষিণ ব’ষ্টাৰৰ অৰণ্য অঞ্চলত৷ এই অৰণ্য অঞ্চল হৈছে বিদ্রোহী মাওবাদীৰ সবল সাংগঠনিক ভেটি থকা অঞ্চল৷ চত্তিশগড়ৰ ৰাজধানী ৰায়পুৰৰ পৰা প্রায় ৫০০ কিলোমিটাৰ নিলগৰ অৰণ্য অঞ্চলত মাওবাদীৰ পিপ’লছ লিবাৰেচন গেৰিলা আর্মী (পিএলজিএ)য়ে এই আক্রমণৰ নেতৃত্ব দিছিল বুলি সন্দেহ কৰিছে আৰক্ষীয়ে৷ স্মর্তব্য যে বিভিন্ন সময়ত মাওবাদীৰ বন্দুক যুদ্ধক নেতৃত্ব দি আহিছে পিএলজিএই৷ চত্তিশগড়ৰ আৰক্ষী উপ–প্রধান অ’পি পালে উল্লেখ কৰা অনুসৰি মাওবাদীয়ে চলোৱা আক্রমণৰ প্রত্যুত্তৰ নিৰাপত্তা বাহিনীয়ে গুলীৰে দিয়াৰ ফলত কেইবাটাও বিদ্রোহী নিহত হৈছে৷ অৱশ্যে এই বাতৰি যুগুতোৱা পৰলৈ এগৰাকী মহিলা বিদ্রোহীৰ মৃতদেহহে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে৷

এই শিহৰণকাৰী আক্রমণৰ ঘটনাৰ পাছতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ছত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেশ বাঘেলক পৰিস্থিতিৰ বুজ লৈ যাৱতীয় ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনাইছে৷ ইফালে, চিআৰপিএফৰ সঞ্চালকপ্রধান কুলদ্বীপ সিঙকো গৃহমন্ত্রী শ্বাহে ছত্তিশগড়লৈ গৈ সমগ্র ঘটনা তন্ন তন্নকৈ বিশ্লেষণ কৰি কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ নির্দেশ দিছে৷ সংঘর্ষত প্রাণ হেৰুওৱা জোৱানসকললৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি গৃহমন্ত্রী শ্বাহে তেওঁলোকৰ পৰিয়াললৈ সমবেদনাও জ্ঞাপন কৰিছে৷ শান্তি আৰু প্রগতিৰ বিৰুদ্ধে থকা মাওবাদীৰ দৰে শত্রুৰ সৈতে সদায় চৰকাৰে যুঁজি যাব বুলি ঘোষণা কৰিছে গৃহমন্ত্রীগৰাকীয়ে৷ চত্তিশগড়ত শ্বহীদ হোৱা জোৱানসকলৰ বীৰত্ব আৰু ত্যাগ অথলে নাযায় বুলি উল্লেখ কৰি গৃহমন্ত্রী শ্বাহে সময়ত ইয়াৰ কঠোৰ প্রত্যুত্তৰ দিয়া হ’ব বুলিও হুংকাৰ দিছে৷ এই শিহৰণকাৰী আক্রমণত আহত হোৱা জোৱানসকলৰ আশু আৰোগ্যও কামনা কৰিছে গৃহমন্ত্রী শ্বাহে৷ ইফালে, চত্তিশগড়ত সংঘটিত এই ভয়াৱহ আক্রমণৰ ঘটনাক দেশৰ সাংস্কৃতিক আৰু ক্রীড়া জগতৰ বহু তাৰকাই গৰিহণা দিয়াৰ উপৰি শ্বহীদ জোৱানসকলৰ প্রতি জ্ঞাপন কৰিছে গভীৰ শ্রদ্ধাঞ্জলি৷

You might also like