নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূর্বোত্তৰ স্বাভিমান উৎসৱত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অংশগ্রহণ

বিশেষ বাৰ্তা, ২১ নৱেম্বৰঃ স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ভাৰতীয় সেনাৰ ইষ্টার্ণ কমাণ্ডৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাই ক্রীডা প্রকল্পত অনুষ্ঠিত পূর্বোত্তৰ স্বাভিমান উৎসৱ উদযাপনৰ কার্যসূচীত আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অংশগ্রহণ কৰে৷ উল্লেখ্য যে, ৰাষ্ট্র নির্মাণত ভাৰতৰ উত্তৰ পূর্বাঞ্চলৰ অৱদানক উদযাপন কৰাৰ উদ্দেশ্যে এই কার্যসূচীৰ আয়োজন কৰা হৈছে৷ ভাৰতীয় ৰাষ্ট্রবাদ বৃদ্ধিৰ ক্ষেত্রত উত্তৰ–পূর্বাঞ্চলৰ ভূমিকা আৰু বিশ্বব্যাপী সামাজিক, ৰাজনৈতিক আৰু অর্থনৈতিক প্রেক্ষাপটত ভাৰতৰ উত্থানৰ চালিকা শক্তি হিচাপে উত্তৰ পূর্বাঞ্চলৰ কেনেদৰে বিকাশ ঘটিছে, সেই বিষয়েও আলোকপাত কৰাৰ বাবেও এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ এই উপলক্ষে ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই বিদেশী আধিপত্যৰ পৰা দেশখনক মুক্ত কৰাৰ বাবে স্বাধীনতা সংগ্রামত সবল ভূমিকা পালন কৰা অঞ্চলটোৰ সকলো স্বাধীনতা সেনানীলৈ গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ সার্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰাৰ লগতে ৰাষ্ট্রৰ নিৰাপত্তাৰ ক্ষেত্রত সদাজাগ্রত প্রহৰীৰ ভূমিকা গ্রহণ কৰা উত্তৰ–পূর্বাঞ্চলৰ সকলো জোৱান আৰু বীৰ নাৰীসকলকো তেওঁ সশ্রদ্ধ স্মৰণ কৰে৷ তেওঁ কয় যে এনেধৰণৰ কার্যসূচীয়ে সামৰিক তথা অসামৰিক ক্ষেত্রত উত্তৰ পূর্বাঞ্চলৰ অৰিহণা প্রদর্শনতো সহায় কৰে৷ এই উল্লেখনীয় পদক্ষেপৰ বাবে তেওঁ ভাৰতীয় সেনাৰ ইষ্টার্ণ কমাণ্ডক অভিনন্দন জ্ঞাপন কৰে৷ মুখ্যমন্ত্রীয়ে অসমৰ স্থিতি শক্তিশালীকৰণৰ দিশত প্রধান ভূমিকা পালন কৰি যোৱা লাচিত বৰফুকনলৈও গভীৰ শ্রদ্ধাঞ্জলি নিবেদন কৰে৷ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে ২৪ নৱেম্বৰত ৰাজ্যবাসীক এইগৰাকী মহান বীৰৰ প্রতি সন্মান আৰু শ্রদ্ধাঞ্জলি চিনস্বৰূপে অন্তত এগছি মাটিৰ চাকি জলাবলৈ মুখ্যমন্ত্রীয়ে ৰাইজক আহ্বান জনায়৷ অনুষ্ঠানত অৰুণাচল প্রদেশৰ মুখ্যমন্ত্রী পেমা খাণ্ডূ, ভাৰতীয় সেনাৰ ইষ্টার্ণ কমাণ্ডৰ জি অ চি লেফটেনেণ্ট জেনেৰেল ৰাণাপ্রতাপ কলিতায়ো ভাষণ প্রদান কৰে৷ অনুষ্ঠানত ত্রিপুৰাৰ সাংসৃক্তিক আৰু তথ্য বিভাগৰ মন্ত্রী সুশান্ত চৌধুৰী, সাংসদ কামাখ্যা প্রসাদ তাছা প্রমুখ্যে গণ্য–মান্য ব্যক্তিসকল উপস্থিত থাকে৷

You might also like