নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াত লাচিত বৰফুকনৰ জন্মজয়ন্তী উপলক্ষে অসমী মেলা

বিশেষ বাৰ্তা, ২১ নৱেম্বৰ : তিনিচুকীয়া জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ উদ্যোগত ৪০০ সংখ্যক লাচিত বৰফুকনৰ জন্মজয়ন্তী উপলক্ষে ডাক বাংলো প্ৰাংগণত ২১ নৱেম্বৰৰ পৰা ২৪ নৱেম্বৰলৈকে অনুষ্ঠিত হবলগীয়া অসমী মেলাৰ আজি জিলা উপায়ুক্ত নৰসিং পৱাৰ শুভ উদ্বোধন কৰে। উক্ত কাৰ্য্যসূচীত জিলা উন্নয়ন আয়ুক্ত নয়নজ্যোতি ভাগৱতী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মুনিন্দ্ৰ বৰদলৈ, জিলা পৰিষদৰ সভাপতি ৰাজেন্দ্ৰ কৈৰী, সহকাৰী আয়ুক্ত নীলাক্ষি ভূঞা, ৰাজহচক্ৰ বিষয়া সংলগ্ন ডিম্পী ভট্টাচাৰ্য্য প্ৰমুখ্যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷ উল্লেখযোগ্য যে, বীৰ লাচিত বৰফুকনৰ ৪০০সংখ্যক জন্মজয়ন্তীৰ লগত সংগতি ৰাখি আজিৰে পৰা আৰম্ভ হোৱা এই “অসমী মেলাৰ” প্ৰদৰ্শনীত সৰ্বজনীন উচ্চ মাধ্যমিক বালিকা বিদ্যালয়, চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়, তিনিচুকীয়া বেঙ্গলী গাৰ্লচ্ হায়াৰ চেকেণ্ডেৰী বিদ্যালয়ৰ লগতে ৭টা উন্নয়ন খণ্ডৰ প্ৰায় ৩০টা আত্মসহায়ক গোটে অংশগ্ৰহণ কৰে। জিলা উপায়ুক্ত নৰসিং পৱাৰে শৌৰ্য-বীৰ্য আৰু পৰাক্ৰমৰ অম্লান প্ৰতীক বীৰ লাচিত বৰফুকনৰ আদৰ্শ আৰু ভাবাবেগ যাতে সৰ্বস্তৰতে বিয়পি পৰে তাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপত জনসাধাৰণৰ সহযোগিতা নিত্যান্তই প্ৰয়োজনীয় বুলি উল্লেখ কৰে। ইয়াৰ লগতে জিলা প্ৰশাসনে বীৰ লাচিত বৰফুকনৰ ৪০০সংখ্যক জন্মজয়ন্তী উপলক্ষে আয়োজন কৰা সপ্তাহজোৰা কাৰ্য্যসূচীসমূহতো ৰাইজৰ সহযোগিতা কামনা কৰে।

প্ৰেৰক বিবেক বড়া

You might also like