নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰংঘৰৰ বাকৰিত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ

৯৬নং শিৱসাগৰ বিধানসভা সমষ্টিৰ ৰংপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ঐতিহাসিক তলাতল ঘৰৰ বাকৰিত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অন্তৰ্গত আত্মসহায়ক গোটৰ মহিলাসকলক আজি অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অভিলাসী আচনি ‘মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি’ৰ অধীনত প্ৰথম পৰ্যায়ৰ ১০ হাজাৰ টকাৰ চেক বিতৰণ কাৰ্যসূচী আনুষ্ঠানিকভাবে সম্পন্ন হয়৷

এই অনুষ্ঠানত শিৱসাগৰ বিধানসভা সমষ্টিৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা জীৱিকা অভিযানৰ অধীনৰ ১৪৩ টা গ্ৰাম্য সংগঠনৰ অন্তৰ্গত ৩২৬০ টা আত্মসহায়ক গোটৰ ৩২০০৫ গৰাকী মহিলাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ পুজিৰ চেক লাভ কৰাৰ লগতে শিৱসাগৰ বিধানসভা সমষ্টিৰ অধীনৰ ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অন্তৰ্গত ২৭০৬ গৰাকী মহিলাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ পুঁজিৰ চেক লাভ কৰে৷ অনুষ্ঠানত শিৱসাগৰ বিধানসভা সমষ্টিৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অন্তৰ্গত সৰ্বমুঠ ৩৪৭১ৰ গৰাকী আত্মসহায়ক গোটৰ উদ্যমী মহিলা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আচনিৰ পুজিৰ দ্বাৰা উপকৃত হ’ব৷

আজি মুখ্যমন্ত্ৰীয়ে চেক প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি আই-মাতৃসকলক উদ্দেশ্যি সমষ্টিটোৰ লাখপতি বাইদেউ হোৱা বিশগৰাকী মহিলাৰ নাম উল্লেখ কৰি তেওঁলোকে এক লাখ ত্ৰিশ হাজাৰ টকাৰ পৰা ডেৰ লাখ টকা উপাৰ্জন কৰে বুলি কয়৷ শিৱসাগৰ সমষ্টিৰ ছয় হাজাৰ মহিলা লাখপতি হ’ব পাৰিছে তেন্তে বাকী মহিলাসকলো কিয় লাখপতি বাইদেউ হ’ব নোৱাৰিব বুলি মন্তব্য কৰে৷ এই উদ্দেশ্য আগত ৰাখি মহিলা উদ্যমিতা অভিযান আৰম্ভ কৰিছে বুলি কয়।

অহা পাঁচ বছৰত মহিলাসকলক মাৰ্কেটিঙত সহায় কৰাৰ লগতে চৰকাৰী কাম, বিভিন্ন ধৰণৰ প্ৰশিক্ষণ আৰু বজাৰ নিৰ্মাণ কৰি দিব বুলি উল্লেখ কৰে৷ তেওঁ লগতে কয় যে, প্ৰতিগৰাকী মহিলাই ইচ্চা কৰিলে লাখপতি বাইদেউ হ’ব পাৰিব৷ লগতে চৰকাৰৰ নতুন সিদ্ধান্তৰ কথা জানিবলৈ দি মুখ্যমন্ত্ৰীজনে পুনৰ কয় যে, লাহে লাহে চৰকাৰৰ কাম-কাজৰ লগতো মহিলাসকলক জড়িত কৰিব, যাতে অসমৰ প্ৰতিগৰাকী মহিলাক লাখপতি বাইদেউ হিচাপে নিৰ্মাণ কৰিব পাৰে৷ যদি এশগৰাকী মহিলা লাখপতি বাইদেউ হ’ব লাগে বুলি কয়, তেতিয়াহে ৫০ বা ৬০ গৰাকী হ’ব৷ চৰকাৰে যদি ভালকৈ আগুৱাই লৈ যায়, ৯০ শতাংশ মহিলাক লাখপতি বাইদেউ কৰিব পাৰিব৷ সেয়ে দহ হাজাৰ টকা দি মনৰ আকাংক্ষা পূৰণ কৰিব বিচাৰিছে৷

দহহাজাৰ টকা কেনেকৈ খৰচ কৰিব সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে, প্ৰথমে আত্মসহায়ক গোটত দহ হাজাৰকৈ এক লাখ টকা জমা কৰিব লাগিব৷ গোটত যদি কাম কৰে তেওঁক পাছত লোন দিয়ক, সূতৰ সৈতে লোন ঘূৰাই দিয়ক৷ যদি একেলগে দহগৰাকীয়ে কিবা কৰিব খুজিছে সেইটোও কৰক৷ গোটটো শক্তিশালী হ’ব৷ দ্বিতীয়তে কিছুমান মহিলাই গোটত নিদিব পাৰে৷ নিজে কিবা কৰিব সেইটোও কৰক৷ কোনোবাই ছাগলী পালন কৰিব, দুগ্ধ উৎপাদন কৰিব, মৌমাখি পালন কৰিব পাৰে, চিলাই মেচিন ক্ৰয় কৰিব পাৰে, শালৰ কাৰণে সূতা কিনিব পাৰে৷ যদি কিবা কাম কৰি আছে, তাত দহ হাজাৰ টকা যোগ দিব পাৰে৷ তৃতীয়তে নিজে কিবা কৰিলে টকা নোহোৱা হৈ যাব বুলি ভবা মহিলাসকলে ঘৰৰ মানুহজনৰ দোকান, ফিচাৰী, খেতিত সহায় কৰিব পাৰিব বা মানুহজনৰ সৈতে লগলাগি উৎপাদমুখী কামত ব্যৱহাৰ কৰিব লাগিব৷

৭-৮ মাহৰ পাছত চৰকাৰী প্ৰতিনিধি প্ৰতিগৰাকী মহিলাৰ ঘৰলৈ গৈ টকা কি কৰিলে সুধিব৷ যদি কোনোবাই ম’বাইল কিনে, বিহুৰ কাপোৰ কিনে তেন্তে পৰীক্ষাত ফে’ল৷ যদি গোটত টকা দিছে, গোটটো ভালকৈ চলি আছে তেন্তে পৰীক্ষাত পাছ৷ যদি ছাগলী পালন কৰিলে, চিলাই মেচিন কিনিলে, মানুহজনৰ ব্যৱসায়ত পইচা ব্যৱহাৰ কৰিলে তেন্তে পৰীক্ষাত পাছ৷ যিসকলে পৰীক্ষাত পাছ কৰিব তেওঁলোকক দ্বিতীয় বাৰ মাতি ২৫ হাজাৰ টকাকৈ দিব৷ আকৌ ঘৰলৈ চৰকাৰী মানুহ গৈ ২৫ হাজাৰ কি কৰিলে সুধিব৷ যদি ব্যৱসায় ভালকৈ চলিছে তেন্তে তৃতীয়বাৰ ৫০ টক দিব বুলি মহিলাসকলক জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে৷

আনহাতে আয়ুক্তৰ হাতত আৰু দুইহাজাৰ অৰুণোদই দি থৈ যোৱাৰ কথা কয়৷ ইয়াৰ পাছতো যিসকল থাকি যাব তেওঁলোকৰো ব্যৱস্থা কৰিব বুলি মন্তব্য কৰে৷ ফেব্ৰুৱাৰী মাহত মহিলাসকলে একেলগে অৰুণোদইৰ আঠ হাজাৰ পাব বুলি নিশ্চয়তা প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে৷ চাৰি হাজাৰ ছোৱালীয়ে নিযুত মইনা আঁচনি লাভ কৰিছে বুলি জানিবলৈ দি এইমাহৰ পৰা ল’ৰাবিলাককো পঢ়িবলৈ টকা দিব বুলি অৱগত কৰে৷ অৰুণোদই আঁচনিয়ে গ্ৰাহস্থ্য হিংসা হ্ৰাস কৰিছে বুলি উল্লেখ কৰাৰ লগতে এই কামসমূহে আমাৰ সমাজখন সৰ্বাংগসুন্দৰ কৰি তুলিছে বুলি মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷

আনহাতে আজিৰ অনুষ্ঠানত শিৱসাগৰৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগু, ডিমৌৰ বিধায়ক সুশান্ত বৰগোহাঁই, শিৱসাগৰৰ বিধায়ক অখিল গগৈ, প্ৰাক্তন বিধায়ক কুশল দুৱৰী, বিজেপি নেত্ৰী ড॰ অংকিতা দত্ত, জিলা সভাপতি বিতোপন ৰাইদঙীয়া, অগপ নেতা ঘন গগৈকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

নিয়মীয়া বাৰ্তা, শিৱসাগৰ, ৪ ফেব্ৰুৱাৰী

You might also like