নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিতাবৰ বৰহোলাৰ ৰজাবাহৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে কলাগুৰুক স্মৰণ

নিয়মীয়া বাৰ্তা, ২১ জুন : তিতাবৰ মহকুমাৰ ৰজাবাহৰৰ ৰূপালীম সাংস্কৃতিক সন্থাৰ উদ্যোগত সোমবাৰে সন্ধিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় বিষ্ণুৰাভা দিৱস। অনুষ্ঠানত ছাত্র-ছাত্ৰীৰ লগতে স্থানীয় সাংস্কৃতিকপ্ৰেমী ৰাইজে বিভিন্ন নৃত্য-গীতৰ মাজেৰে কলাগুৰুক স্মৰণ কৰে। সন্ধিয়া ৬ বজাত কলাগুৰু বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে ধৰ্মপ্ৰাণ ব্যক্তি মহেন্দ্ৰ ফুকনে। ইয়াৰ পিছতে ৰূপালীম সাংস্কৃতিক সন্থাৰ কেইবাগৰাকী মহিলাই এটা সমবেত সংগীত পৰিবেশন কৰে। সন্থাৰ সাংস্কৃতিক সম্পাদক গ্লেডবীন খুদীয়ে আঁত ধৰা আৰু অৱসৰপ্ৰাপ্ত শিক্ষক গোবিন বৰাৰ উদ্বোধনেৰে আৰম্ভ হোৱা অনুষ্ঠানত বহুকেইগৰাকী ছাত্র-ছাত্ৰীয়ে নৃত্যাভিনয়, ৰাভাসংগীত, সৃষ্টিশীল নৃত্য আদি পৰিবেশ কৰি উপস্থিত কেইবাশতাধিক ৰাইজক আপ্লুত কৰে। অনুষ্ঠানৰ মাজতে বিষ্ণুৰাভাৰ কৰ্মৰাজীক সুৱৰি চমু ভাষণ প্ৰদান কৰে সমাজকৰ্মী গোলাপ ভাগৱতীয়ে। সাংস্কৃতিক অনুষ্ঠান চলি থকাৰ মাজতে সদ্যঘোষিত হাইস্কুল শীক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অঞ্চলটোৰ কৃতি ছাত্র-ছাত্ৰীসকলৰ এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। ১৮ গৰাকীকৈ কৃতি ছাত্র-ছাত্ৰীক ৰূপালীম সাংস্কৃতিক সন্থাৰ তৰফৰ পৰা মঞ্চত ৰাজহুৱাকৈ সম্বৰ্ধনা জ্ঞাপন কৰে। ৰাভা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা চিত্ৰাংকণ প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত সকলকো মঞ্চতে পুৰস্কাৰ প্ৰদান কৰে। উল্লেখ্য যে ৰূপালীম সাংস্কৃতিক সন্থাৰ সভাপতি তৰুণ গগৈ, সম্পাদক দীপক ৰাজখোৱা, সহকাৰী সম্পাদক ধ্ৰুৱজিৎ ৰাজখোৱা, সাংস্কৃতিক সম্পাদক গ্লেডবীন খুদী, সক্ৰিয় কৰ্মী প্ৰদীপ বুঢ়াগোহাঁই, জুৰিজ্যোতি খুদী, শান্তি বৰা ৰাজখোৱা আদিৰ একক প্ৰচেষ্টাত সম্পন্ন হয় অনুষ্ঠানটো। উদ্যোক্তাসকলে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে কলাগুৰু বিষ্ণুৰাভাৰ কৰ্মৰাজী নৱ প্ৰজন্মক পৰিচিত কৰোৱাৰ লগতে ছাত্ৰী-ছাত্ৰীসকলক শৈক্ষিক, সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়াই নিবলৈ তেওঁলোকে এনেদৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে। অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলাত সহযোগিতা আগবঢ়োৱা সকলোকে সংবাদ মাধ্যমৰ যোগেদিয়েই কৃতজ্ঞতা জ্ঞাপন কৰে উদ্যোক্তাসকলে।

প্ৰেৰক অজয় শইকীয়া

You might also like